--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশতো গুঞ্জৰিত হৈছে ৰামচন্দ্ৰৰ জয়ধ্বনি৷ ভাৰতৰ বৈৰীৰাষ্ট্ৰ হিচাপে পৰিচিত পাকিস্তানৰ প্ৰাক্তন স্পিনাৰ দানিশ কানেৰিয়াই  উৎকণ্ঠাৰ মাজেৰে কটাইছে দিন৷ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ বিষয়ে ‘এক্স’ত পোষ্ট পোষ্ট কৰিছে কানেৰিয়াই। 

মন্দিৰৰ অভিষেকৰ দিন চমু চাপি অহাৰ সময়তে তেওঁ লিখিছে, আমাৰ ৰজা শ্ৰীৰামৰ বিশাল মন্দিৰ সাজু হৈছে আৰু এতিয়া মাত্ৰ ৮ দিনৰ অপেক্ষা।’ ইয়াৰ লগতে তেওঁ জয় জয় শ্ৰীৰামৰ শ্লোগানো লিখিছে।
কানেৰিয়াই এই পোষ্টটোৰ সৈতে নিজৰ এখন ফটোও শ্বেয়াৰ কৰিছে ‘এক্স’ত৷ ফটোখনত তেওঁ গেৰুৱা পতাকা লৈ থিয় হৈ আছে। পতাকাখনত ভগৱান ৰামচন্দ্ৰৰ এখন ছবি আছে আৰু তেওঁৰ মন্দিৰটোও দৃশ্যমান। এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে দানিশ কানেৰিয়া এজন পাকিস্তানী হিন্দু। তেওঁৰ জন্ম কৰাচীত হৈছিল। তেওঁ ২০১০ চনলৈ পাকিস্তান ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ এই দলটোৰ মুখ্য স্পিন বলাৰ আছিল। টেষ্ট ক্ৰিকেটত তেওঁৰ ২৫০তকৈও অধিক উইকেট আছে।

কানেৰিয়াই ভাৰতক সমৰ্থন কৰি বিবৃতি দি আহিছে:
কানেৰিয়াই প্ৰায়ে ৰাজহুৱা মঞ্চৰ পৰা পাকিস্তান ক্ৰিকেট দলত বৈষম্যৰ বিষয়ে বিবৃতি দি আহিছে। তেওঁ ভাৰতৰ সমৰ্থনত নিৰন্তৰ বক্তব্য ৰাখি আহিছে। শেহতীয়াকৈ মালদ্বীপ আৰু ভাৰতৰ মাজৰ বিবাদৰ সময়তো তেওঁ এটা পোষ্ট কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ