--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদেশতো গুঞ্জৰিত হৈছে ৰামচন্দ্ৰৰ জয়ধ্বনি৷ ভাৰতৰ বৈৰীৰাষ্ট্ৰ হিচাপে পৰিচিত পাকিস্তানৰ প্ৰাক্তন স্পিনাৰ দানিশ কানেৰিয়াই  উৎকণ্ঠাৰ মাজেৰে কটাইছে দিন৷ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ বিষয়ে ‘এক্স’ত পোষ্ট পোষ্ট কৰিছে কানেৰিয়াই। 

মন্দিৰৰ অভিষেকৰ দিন চমু চাপি অহাৰ সময়তে তেওঁ লিখিছে, আমাৰ ৰজা শ্ৰীৰামৰ বিশাল মন্দিৰ সাজু হৈছে আৰু এতিয়া মাত্ৰ ৮ দিনৰ অপেক্ষা।’ ইয়াৰ লগতে তেওঁ জয় জয় শ্ৰীৰামৰ শ্লোগানো লিখিছে।
কানেৰিয়াই এই পোষ্টটোৰ সৈতে নিজৰ এখন ফটোও শ্বেয়াৰ কৰিছে ‘এক্স’ত৷ ফটোখনত তেওঁ গেৰুৱা পতাকা লৈ থিয় হৈ আছে। পতাকাখনত ভগৱান ৰামচন্দ্ৰৰ এখন ছবি আছে আৰু তেওঁৰ মন্দিৰটোও দৃশ্যমান। এই পোষ্টটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে দানিশ কানেৰিয়া এজন পাকিস্তানী হিন্দু। তেওঁৰ জন্ম কৰাচীত হৈছিল। তেওঁ ২০১০ চনলৈ পাকিস্তান ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ এই দলটোৰ মুখ্য স্পিন বলাৰ আছিল। টেষ্ট ক্ৰিকেটত তেওঁৰ ২৫০তকৈও অধিক উইকেট আছে।

কানেৰিয়াই ভাৰতক সমৰ্থন কৰি বিবৃতি দি আহিছে:
কানেৰিয়াই প্ৰায়ে ৰাজহুৱা মঞ্চৰ পৰা পাকিস্তান ক্ৰিকেট দলত বৈষম্যৰ বিষয়ে বিবৃতি দি আহিছে। তেওঁ ভাৰতৰ সমৰ্থনত নিৰন্তৰ বক্তব্য ৰাখি আহিছে। শেহতীয়াকৈ মালদ্বীপ আৰু ভাৰতৰ মাজৰ বিবাদৰ সময়তো তেওঁ এটা পোষ্ট কৰি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে