--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচন সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰা বেচৰকাৰী সংগঠন এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)-এ  সংসদৰ দুয়োখন সদনৰ ৭৬৩ গৰাকী বৰ্তমানৰ সাংসদৰ শপতনামা বিশ্লেষণ কৰি শেহতীয়াকৈ এক  প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন খনে দাবী কৰিছে  যে বহু  সাংসদৰ বিৰুদ্ধে অপৰাধমূলক আৰু গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হৈছিল।কিমানজন বৰ্তমানৰ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক আৰু গুৰুতৰ অপৰাধমূলক গোচৰ আছে? 

এডিআৰে ইয়াৰ প্ৰতিবেদনত কৈছে যে বৰ্তমানৰ প্ৰায় ৪০ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। সংস্থাটোৰ  শেহতীয়া প্ৰতিবেদন আৰু ইয়াৰ সহযোগী সংগঠন নেচনেল ইলেকশন ৱাচ (নিউ)ৰ শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে সমগ্ৰ দেশৰ ৭৭৬ খন লোকসভা আৰু ৰাজ্যসভাৰ আসনৰ ভিতৰত ৭৬৩ গৰাকী বৰ্তমানৰ সাংসদৰ শপতনামা বিশ্লেষণ কৰি তথ্য আহৰণ কৰা হৈছে।প্ৰতিবেদনত কোৱা হৈছে যে যোৱা নিৰ্বাচন আৰু  উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগতে সাংসদসকলে দাখিল কৰা শপতনামাৰ পৰা আহৰণ কৰা তথ্যবোৰে দেখুৱাইছে যে  ৭৬৩ গৰাকী  বৰ্তমানৰ সাংসদৰ ভিতৰত ৩০৬ গৰাকী (৪০ শতাংশ)ৰ নিজৰ বিৰুদ্ধে বিভিন্ন  অপৰাধমূলক গোচৰ চলি আছে। 

একে সময়তে ১৯৪গৰাকী (২৫ শতাংশ) বৰ্তমানৰ সাংসদে নিজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ কথা  ঘোষণা কৰিছে, যাৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদি।

কোন দলত কিমানজন সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ?

প্ৰতিবেদনখনত কোনটো দলত কিমান জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে সেই বিষয়েওউল্লেখ কৰা হৈছে। ৩৮৫গৰাকী সাংসদৰ ভিতৰত ১৩৯ গৰাকী (৩৬ শতাংশ) বিজেপিৰ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ  হৈছে, আনহাতে কংগ্ৰেছৰ ৮১ জন সাংসদৰ ভিতৰত ৪৩ জনৰ (৫৩ শতাংশ)  বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
 
হত্যা, হত্যাৰ চেষ্টা আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ

প্ৰতিবেদন অনুসৰি, ১১ জন বৰ্তমানৰ সাংসদে নিজৰ বিৰুদ্ধে হত্যা (ভাৰতীয় দণ্ডবিধিৰ ধাৰা-৩০২) সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে। প্ৰায় ৩২ জন বৰ্তমানৰ সাংসদে হত্যাৰ চেষ্টা সম্পৰ্কীয় গোচৰ থকাৰ কথা  ঘোষণা কৰিছে (আইপিচি ধাৰা ৩০৭)। প্ৰায় ২১ জন বৰ্তমানৰ সাংসদে মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে। ২১ জন সাংসদৰ ভিতৰত ৪  জন সাংসদে ধৰ্ষণ সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে (আইপিচি ধাৰা-৩৭৬)।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা