--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচন সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰা বেচৰকাৰী সংগঠন এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)-এ  সংসদৰ দুয়োখন সদনৰ ৭৬৩ গৰাকী বৰ্তমানৰ সাংসদৰ শপতনামা বিশ্লেষণ কৰি শেহতীয়াকৈ এক  প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদন খনে দাবী কৰিছে  যে বহু  সাংসদৰ বিৰুদ্ধে অপৰাধমূলক আৰু গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হৈছিল।কিমানজন বৰ্তমানৰ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক আৰু গুৰুতৰ অপৰাধমূলক গোচৰ আছে? 

এডিআৰে ইয়াৰ প্ৰতিবেদনত কৈছে যে বৰ্তমানৰ প্ৰায় ৪০ শতাংশ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। সংস্থাটোৰ  শেহতীয়া প্ৰতিবেদন আৰু ইয়াৰ সহযোগী সংগঠন নেচনেল ইলেকশন ৱাচ (নিউ)ৰ শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে সমগ্ৰ দেশৰ ৭৭৬ খন লোকসভা আৰু ৰাজ্যসভাৰ আসনৰ ভিতৰত ৭৬৩ গৰাকী বৰ্তমানৰ সাংসদৰ শপতনামা বিশ্লেষণ কৰি তথ্য আহৰণ কৰা হৈছে।প্ৰতিবেদনত কোৱা হৈছে যে যোৱা নিৰ্বাচন আৰু  উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগতে সাংসদসকলে দাখিল কৰা শপতনামাৰ পৰা আহৰণ কৰা তথ্যবোৰে দেখুৱাইছে যে  ৭৬৩ গৰাকী  বৰ্তমানৰ সাংসদৰ ভিতৰত ৩০৬ গৰাকী (৪০ শতাংশ)ৰ নিজৰ বিৰুদ্ধে বিভিন্ন  অপৰাধমূলক গোচৰ চলি আছে। 

একে সময়তে ১৯৪গৰাকী (২৫ শতাংশ) বৰ্তমানৰ সাংসদে নিজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ কথা  ঘোষণা কৰিছে, যাৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদি।

কোন দলত কিমানজন সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ?

প্ৰতিবেদনখনত কোনটো দলত কিমান জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে সেই বিষয়েওউল্লেখ কৰা হৈছে। ৩৮৫গৰাকী সাংসদৰ ভিতৰত ১৩৯ গৰাকী (৩৬ শতাংশ) বিজেপিৰ সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ  হৈছে, আনহাতে কংগ্ৰেছৰ ৮১ জন সাংসদৰ ভিতৰত ৪৩ জনৰ (৫৩ শতাংশ)  বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।
 
হত্যা, হত্যাৰ চেষ্টা আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ

প্ৰতিবেদন অনুসৰি, ১১ জন বৰ্তমানৰ সাংসদে নিজৰ বিৰুদ্ধে হত্যা (ভাৰতীয় দণ্ডবিধিৰ ধাৰা-৩০২) সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে। প্ৰায় ৩২ জন বৰ্তমানৰ সাংসদে হত্যাৰ চেষ্টা সম্পৰ্কীয় গোচৰ থকাৰ কথা  ঘোষণা কৰিছে (আইপিচি ধাৰা ৩০৭)। প্ৰায় ২১ জন বৰ্তমানৰ সাংসদে মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে। ২১ জন সাংসদৰ ভিতৰত ৪  জন সাংসদে ধৰ্ষণ সম্পৰ্কীয় গোচৰ থকাৰ কথা ঘোষণা কৰিছে (আইপিচি ধাৰা-৩৭৬)।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা