--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু বাদ-প্ৰতিবাদৰ অন্তত নাগালেণ্ড বিধানসভাই মঙলবাৰে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যখনক প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ আওতাৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ বাবে দৃঢ়ভাৱে আহ্বান জনায়। নাগালেণ্ড বিধানসভাত আজি  সৰ্বসন্মতিক্ৰমে নাগালেণ্ডক  ইউচিচিৰ প্ৰস্তাৱিত ৰূপায়ণ  পৰা ৰেহাই দিয়াৰ দাবী জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ইউচিচিৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণৰ পিছত ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কয় যে পূৰ্বে সদনৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনাই ইউচিচিৰ বিৰুদ্ধে  চৰকাৰী প্ৰস্তাৱটোৰ পোষকতা কৰা হৈছিল।" নাগালেণ্ড চৰকাৰ আৰু নগা লোকসকলৰ মত হৈছে যে ইউচিচিয়ে পৰম্পৰাগত আইন, সামাজিক আচৰণ আৰু ধৰ্মীয় আচৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব ৷


ইউচিচিৰ স্পষ্ট উদ্দেশ্য হৈছে বিবাহ আৰু বিবাহ বিচ্ছেদ, জিম্মা আৰু অভিভাৱকত্ব, দত্তক গ্ৰহণ আৰু ৰক্ষণাবেক্ষণ, উত্তৰাধিকাৰী আৰু উত্তৰাধিকাৰৰ দৰে ব্যক্তিগত বিষয়ত একক আইন প্ৰৱৰ্তন কৰা বুলিও তেওঁ কয়। নাগালেণ্ড চৰকাৰে কেবিনেটৰ এক সিদ্ধান্তৰ জৰিয়তে ৪ জুলাইত আয়োগৰ ওচৰত নিজৰ মতামত দাখিল কৰি প্ৰাক-স্বাধীন ব্ৰিটিছ যুগৰ পৰা নাগালেণ্ডৰ "অনন্য ইতিহাস", স্বাধীনতাৰ পূৰ্বৰ পৰা আৰম্ভ হোৱা আৰু ৩৭১এ অনুচ্ছেদৰ অধীনত প্ৰদান কৰা সামাজিক আৰু ধৰ্মীয় প্ৰথা আৰু সাংবিধানিক গেৰাণ্টিৰ সামাজিক আৰু ধৰ্মীয় আইনত কেন্দ্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল বুলিও  ৰিঅ'ই কয়। ১ ছেপ্টেম্বৰত চৰকাৰ, বিভিন্ন জনজাতীয় সংগঠন আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে ইউচিচিৰ ধাৰণাটোৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি আৰু আপত্তি প্ৰকাশ কৰিছিল। উল্লেখ্য ভাৰত চৰকাৰে ২১ ফেব্ৰুৱাৰী,২০২০ত   ভাৰতৰ ২২ সংখ্যক  আইন আয়োগ নিযুক্ত কৰিছিল আৰু ইয়াৰ কাৰ্যকাল ৩১ আগষ্ট, ২০২৪লৈ বৃদ্ধি কৰে। আয়োগে  ১৪  জুন, ২০২৩ তাৰিখে সমগ্ৰ ভাৰতত ইউচিচি বাহাল কৰাৰ  বিষয়ত সকলো লোক, সংস্থাৰ পৰা   মতামত আমন্ত্ৰণ কৰি ৰাজহুৱা জাননী জাৰি কৰিছিল। 
উল্লেখ্য  নাগালেণ্ড বিধানসভাৰ  অধ্যক্ষ শ্বেয়াৰিংয়েন লংকুমাৰে মঙলবাৰে ইফচিচিৰ বিৰুদ্ধে প্ৰস্তাৱ আনিবলৈ চৰকাৰক অনুমতি দিয়ে  কৰিছিল। লংকুমাৰে প্ৰস্তাৱটো ভোটদানৰ বাবে আগবঢ়াই দিয়ে  আৰু ইয়াক কোনো সংশোধন অথবা প্ৰতিবাদ  অবিহনে ধ্বনি ভোটৰ দ্বাৰা সৰ্বসন্মতভাৱে গৃহীত কৰা হৈছিল।

উল্লেখ্য  যিটো সময়ত সমগ্ৰ দেশকে এক আইনী ব্যৱস্থাৰ অধীনলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ বিষয়ত জোৰ দিছে, সেই সময়তে বিজেপিৰ সহযোগী দলৰ চৰকাৰ থকা উত্তৰ-পূবৰ কেইবা খনো ৰাজ্যই ইউচিচিৰ তীব্ৰ বিৰোধিতা কৰিছে। ইউচিচিৰ সপক্ষে বিজেপিয়ে যিমানেই যুক্তি নিদিয়ক কিয় ,উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যক স্থিতিৰ পৰা বিচলিত কৰিব পৰা নাই। 

বিজেপিৰ কোনো কথাই শুনিব বিচৰা নাই উত্তৰ-পূবত  বিজেপি মিত্ৰজোঁটৰ  চৰকাৰ থকা নাগালেণ্ড, মেঘালয়ৰ লগতে মিজোৰামে। এইক্ষেত্ৰত বিজেপিৰ যুক্তিকেই হয় হুজুৰৰ দৰে মানি লোৱা ৰাজ্য দুখন হৈছে অসম আৰু ত্ৰিপুৰাহে। লক্ষ্যণীয় কথাটো হ’ল উত্তৰ-পূবত অসম আৰু ত্ৰিপুৰাক বাদ দি বাকী ৰাজ্য কেইখনত খিলঞ্জীয়াৰ  আধিপত্যই চলি আহিছে। খিলঞ্জীয়াৰ  অধিকাৰ খৰ্ব কৰিব পৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কোনো নীতিকেই সেই ৰাজ্যসমূহে মানি লোৱা নাই। বিজেপিৰ প্ৰতি তুষ্টিৰ ৰাজনীতি কৰাৰ সলনি সেই ৰাজ্য কেইখনৰ নেতৃত্বই ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰা বহু কেইটা সিদ্ধান্তৰ বিৰুদ্ধে সবল ভাবে যুঁজ দিছে। 




সেয়া লাগিলে নাগৰিকত্ব সংশোধনী বিধেয়কেই হওঁক বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইনেই হওঁক। শেহতীয়াকৈ উত্তৰ -পূবৰ খিলঞ্জীয়া অধ্যুষিত নাগালেণ্ড, মিজোৰাম, মেঘালয়ৰ দৰে ৰাজ্যত বিজেপিয়ে প্ৰস্তাৱ কৰা ইউচিচিৰ বিৰুদ্ধে ক্ষোভৰ জুই বৰষিছে। এই ক্ষোভ প্ৰশমিত কৰিব পৰা নাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিজেপিৰ প্ৰতি  সমভাবাপন্ন দলক লৈ গঠিত নেডাই। নেডাৰ কাম যেন এতিয়া কেৱল নিৰ্বাচনৰ মাজতে সীমাবদ্ধ হৈ আছে। 

কংগ্ৰেছ অথবা আন বিৰোধী দলক গালি পাৰি উত্তৰ-পূবত কিদৰে বিজেপিৰ খোপনি মজবুত কৰিব লাগে তাকেলৈয়েই যেন ব্যস্ত নেডা। নেডাই কেৱল নেহৰুৱে কি ভুল কৰিছিল সেয়া বাখ্যা কৰিবলৈ জানে, কিন্তু কি ভুলৰ বাবে আজি মণিপুৰ  জ্বলিছে, কেইবাখনো ৰাজ্যই ইউচিচিৰ বিৰুদ্ধে থিয় দিছে সেইবোৰ বিশ্লেষণ কৰি এটা সমাধানসূত্ৰ উলিওৱাটো যেন নেডাৰ কাম নহয়। দৰাচলতে   খ্ৰীষ্টান লোকৰ  বসতি প্রধান তিনি ৰাজ্যই বিজেপিৰ সপোনৰ  উমৈহতীয়া দেৱানীবিধিৰ পোনপটীয়াকৈ বিৰোধিতা কৰিছে। এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড চাংমাই ইউচিচিৰ বিৰোধিতা কৰি স্পষ্টভাবে কৈছে যে এই  পদক্ষেপ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পৰম্পৰাৰ সম্পূৰ্ণ বিৰোধী। প্ৰকৃত ভাৰতৰ যি আদর্শ তাৰ সৈতে  উমৈহতীয়া দেৱানী বিধি খাপ নাখায়। ভাৰত বিভিন্ন সংস্কৃতিৰ ঐতিহ্যৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ দেশ। এই বহুবাদ আৰু বিভিন্নতাই ভাৰতৰ শক্তি আৰু সৌন্দৰ্য। ইউচিচিয়ে সেইসকলোবোৰ ধ্বংস কৰিব।

 মেঘালয় মাতৃতান্ত্ৰিক ৰাজ্য হিচাবে  ইয়াত সম্পত্তিৰ অধিকাৰ কন্যাই লাভ কৰে।  এনে ব্যৱস্থাত ইউচিচিয়ে  হস্তক্ষেপ  কৰিব বুলিও বহুতে এতিয়া আশংকা কৰিছে। কনৰাড চাংমাৰ এনপিপিয়ে মেঘালয়ত ইউচিচিৰ বিৰোধিতা কৰাৰ প্ৰভাৱ মণিপুৰতো পৰিব। কাৰণ মণিপুৰতো এনপিপিৰ শক্তিশালী স্থিতি আছে আৰু দলটো ৰাজ্যখনৰ শাসকীয় দলৰ অভিন্ন অংশ হৈ আছে । নাগালেণ্ডত বিজেপিৰ সৈতে আছে এনডিপিপিৰ চৰকাৰ।  এনডিপিপিয়েও উমৈহতীয়া দেৱানী বিধিৰ বিৰোধিতা কৰিছে। দলটোৰ  সভাপতি চিত্ৰোং কন্যাকে  কোনোপৰিস্থিতে  উমৈহতীয়া দেৱানী বিধি মানি নলয় বুলি স্পষ্ট কৰি দিছে।দৰাচলতে নগালেণ্ড সংবিধানৰ ৩৭১ (এ) ধাৰাৰ অধীনত সুৰক্ষিত এখন ৰাজ্য। 

সেয়েহে তাত বলপূর্বক আইন বা নিয়ম জাপি দিব নোৱাৰে।এনডিপিপিৰ নেতা কন্যাকে সেয়ে কৈছে যে  কেন্দ্রই যদি ভাবিছে যে  উমৈহতীয়া দেৱানী বিধি বলবৎ কৰি অভিনৱ ভাৰত গঢ়িব পৰা যাব, তেন্তে তেওঁলোকে ভুল ভাবিছে। ভিন্নতা বজাই ৰাখিহে ঐক্যবদ্ধ ভাৰত, গঢ়া সম্ভব।' নগালেও বেপটিষ্ট গীর্জা সংগঠনেও উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰিব পৰা নাযাব বুলি স্পষ্ট কৰি দিছে। । নগালেণ্ডৰ ৰাইজিং পিপ'লছ পাৰ্টিয়ে  এই বিধি আৰ এছ এছৰ ৰাজনৈতিক চক্ৰান্তৰ অংশ বুলি মুকলিকৈয়ে মন্তব্য কৰিছে। ইউচিচি  নগা সংস্কৃতি আৰু পৰম্পৰাৰ বিৰোধী বুলিও তেওঁ কৈছে।  নগালেণ্ডৰ এনটিপিআৰএডিঅ' নামৰ সংস্থাটোৱে ইউচিচি বলৱৎ হ’লে সকলো বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰা হ'ব বুলি ভাবুকি দিছে। 
আন কেই খন ৰাজ্যৰ পদাংক অনুসৰণ কৰি  মিজোৰাম বিধানসভায়ো ইউচিচিৰ বিৰুদ্ধে   প্রস্তাব গ্রহণ কৰিছে। মিজোৰামৰ  গৃহ মন্ত্ৰী লালচামলিয়ানাই কয় যে মিজোৰাম বিধানসভাই কেন্দ্রীয় চৰকাৰৰ উমৈহতীয়া দেৱানী বিধিক কোনোপধ্যে মানি নলয়। মিজোৰাম পিপল কনফাৰেন্সে ইউচিচিৰ  বিৰুদ্ধে সকলোকে  প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে।

 এনে পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।  বিজেপি নেতাসকলে ইউচিচিৰ সমৰ্থনত যুক্তি দি থকাৰ সময়তে ই সংবিধানৰ পৰিপন্থী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ অন্যান্য ৰাজ্যৰ ক্ষতি কৰিব বুলি উত্তৰ-পূবৰ ৰাজ্য কেই খনে সকিয়াই দিছে। উল্লেখ্য সংবিধানৰ  ষষ্ঠ অনুসূচীয়ে ইয়াৰ অধীনস্থ জনজাতীয় অঞ্চলক স্বায়ত্তশাসিত ৰূপে স্বীকৃতি দিয়ে। ইউচিচিয়ে সুবিধাৰ কণ-কঠীয়া মাৰিব বুলি আশংকা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী