--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া কোনো প্ৰতিথযশা ইংৰাজ চলচ্চিত্ৰ নিৰ্দেশক আলফ্ৰেড হিট্‌ছককৰ চিনেমাৰ কাহিনী নহয়৷এয়া বাস্তৱ!গুৱাহাটীৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত সুপৰিকল্পিতভাৱে হত্যা কৰা হ’ল এজন ব্যক্তিক৷

প্ৰাক্তন প্ৰেয়সী আৰু বৰ্তমানৰ প্ৰেমিকে মিলি গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত সন্দীপ সুৰেশ কাম্বলী(৪৪)নামৰ ব্যক্তিজনক হত্যা কৰে৷যদি আমি ঘটনাৰ পৰা কিছুদিন পাছলৈ উভতি যাওঁ তেন্তে ২০২৩চনৰ ছেপ্টেম্বৰ মাহলৈ ঘূৰি যাব লাগিব৷মৃত সন্দীপ ছেপ্টেম্বৰত অসমলৈ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে আহিছিল৷ঘৰলৈ ঘূৰি যাওঁতে কলকাতাৰ বিমন বন্দৰত অভিযুক্ত অঞ্জলিক সুৰেশে লগ পাইছিল৷অঞ্জলি কলকাতাৰ বিমান বন্দৰত থকা সপ্তগিৰি নামৰ ৰেষ্টুৰাঁখনত  মেনেজাৰ হিচাপে কৰ্মৰত আছিল৷সেই সাক্ষাতেই অঞ্জলি আৰু সুৰেশৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷প্ৰাপ্ত তথ্য অনুসৰি মৃত সুৰেশ হীৰা আৰু গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত আছিল৷সম্পৰ্ক গঢ়ি উঠাৰ পাছত সুৰেশ আৰু অঞ্জলিয়ে পুনে আৰু কলকাতাৰ বহু হোটেলত নৈশ যাপন কৰিছিল সন্দীপ আৰু অঞ্জলিয়ে৷সেই অন্তৰংগ মুহূৰ্তৰ ফটো গোপনে ৰাখিছিল সুৰেশে৷লাহে লাহে সুৰেশৰ সৈতে অঞ্জলীয়ে প্ৰেমৰ সম্পৰ্ক চ্ছেদ কৰি আহিছিল৷অঞ্জলীয়ে সুৰেশক ব্লক কৰি দিছিল৷আৰু এই বিচ্ছেদৰ ক্ষোভতেই পূৰ্বৰ পৰাই থকা অঞ্জলিৰ প্ৰেমিক বিকাশক সকলো অন্তৰংগ মুহূৰ্তৰ ফটো প্ৰেৰণ কৰে৷

ক্ৰমান্বয়ে অঞ্জলি শ্ব’ৱে নিয়মীয়া নিৰ্যাতন আৰু সহ্য কৰিব নোৱাৰিলে, তেতিয়া তেওঁ প্ৰেমিকৰ সৈতে সন্দীপক এখন হোটেলত লগ কৰাৰ পৰিকল্পনা ৰচনা কৰিলে৷ ইয়াৰ বাবে অঞ্জলিয়ে পুনৰ ভুক্তভোগীৰ সৈতে যোগাযোগ কৰিলে আৰু আগৰ সময়ৰ দৰে তেওঁক লগ কৰিব বিচাৰিলে। কিন্তু সন্দেহজনক হৈ পৰাত কলকাতাত লগ হ’বলৈ অস্বীকাৰ কৰে সন্দীপে। তাৰ পৰিৱৰ্তে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি গুৱাহাটীৰ পৰা উভতি অহাৰ পথত অঞ্জলিক প্ৰথমবাৰৰ বাবে যিহেতু  কলকাতাত লগ পাইছিল সেইবাবেই এইবাৰো  গুৱাহাটীতে লগ হ’বলৈ মান্তি হয় সন্দীপ৷

সেই অনুসৰি ফেব্ৰুৱাৰীৰ ৫ তাৰিখে তিনিওজন ব্যক্তি পৃথকে পৃথকে গুৱাহাটীলৈ আহিছিল। অঞ্জলিয়ে সন্দীপক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত লগ পায় আৰু তাৰ পাছত ৰেডিচন ব্লু হোটেললৈ ৰাওনা হয় য'ত তেওঁলোকে ৯২২ নং ৰুমত চেক ইন কৰে। এই তথ্য বিকাশলৈ অঞ্জলিয়ে প্ৰেৰণ কৰে আৰু তেওঁ ৰেডিচন ব্লু’ত উপস্থিত হৈ ১০২৪ নং ৰুমত চেক ইন কৰে।আনহাতে অঞ্জলিয়ে কলকাতাৰ পৰা সন্দীপক খুৱাবৰ বাবে নিচাযুক্ত দ্ৰব্য মিহলি কৰি লাৰু বনাই আনে৷ 

পৰিকল্পনা অনুসৰি দিনৰ প্ৰায় ০২:০০ বজাত বিকাশে অঞ্জলি আৰু সন্দীপৰ কোঠাত প্ৰৱেশ কৰে৷ আৰু তাৰ পাছত পৰিকল্পনা মতেই বিকাশে ম'বাইল কাঢ়িবৰ বাবে চেষ্টা কৰোতেই আৰম্ভ হয় মাৰপিটৰ৷ ইয়াৰ পাছতে বিকাশ আৰু সন্দীপৰ মাজত কাজিয়া আৰম্ভ হয়। এই কাজিয়াৰ সময়ত সন্দীপ গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যু হয়। অচেতন অৱস্থাত নাকৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলোৱা অৱস্থাত পাই অভিযুক্ত বিকাশ আৰু অঞ্জলিয়ে হোটেলৰ কোঠাটোৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছত দিনৰ প্ৰায় ০২:৪৫ বজাত অঞ্জলি আৰু বিকাশ একেলগে হোটেলৰ পৰা ওলাই আহি প্ৰথমে কামাখ্যা ৰেলৱে ষ্টেচনলৈ যায় য’ত কলকাতা অভিমুখী যিকোনো ৰেলত যোৱাৰ পৰিকল্পনা কৰে। পাছত তেওঁলোকে নিজৰ পৰিকল্পনা সলনি কৰি সেইদিনা নিশা ৯:১৫ বজাত বিমানখনত যাবলৈ সিদ্ধান্ত লয়৷ য’ত তেওঁলোকৰ টিকট প্ৰিবুক কৰা হয়। সেই অনুসৰি এল জি বি আই বিমানবন্দৰৰ ফালে পলায়ন কৰি থকা অৱস্থাতে অভিযুক্তহালক গ্ৰেপ্তাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু