--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না নামৰ মাৰন ভইৰাছবিধৰ বাবে চকুৰে সৰিয়হ ফুল দেখিছে সমগ্ৰ বিশ্বই। বিগত সময়ছোৱাত কৰ’না মহামাৰীত আক্ৰান্ত শিশুৰ সংখ্যা তুলনামূলকভাৱে কম যদিও গৱেষণাৰ শেহতীয়া তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে। বিগত কিছুদিনৰ পৰা কৰ’নাক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত বহুতো শিশু ডায়বেটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোহৰলৈ আহিছে। টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছত আক্ৰান্ত শিশুৰ সংখ্যা ক্ৰমাত্‍ বৃদ্ধি পোৱা বুলি দাবী কৰিছে বিশেষজ্ঞ মহলে। এই সন্দৰ্ভত এখন গৱেষণা পত্ৰও প্ৰকাশ কৰি উলিয়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ অৰ্থাত্‍ চিডিচি-এ। চিকিৎসকসকলে ইউৰোপত এনে কেইবাটাও ঘটনাৰ সম্ভেদ পোৱা বুলি সদৰী কৰিছে।

চিকিৎসকৰ এটা দলে কয়, ‘ক’ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত টাইপ-১ আৰু টাইপ-২ ডায়বেটিছৰ আশংকা বৃদ্ধি পাইছে। কিছুমানৰ দেশত 'ডায়েবেটিক কিটোএচিডোচিছ'ৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত শৰীৰত ইনচুলিন উত্‍পাদনৰ ক্ষমতা হ্ৰাস পায়। এই ৰোগৰ ফলত শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।’ চিডিচিয়ে কৰিছে অনুৰূপ মন্তব্য। চিডিচিয়ে কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিডৰ পাছত আৰোগ্যলাভ কৰা ১৮ বছৰৰ তলৰ শিশুৰ মাজত ডায়েবেটিছৰ প্ৰৱণতা প্ৰায় ৩০ শতাংশলৈ বৃদ্ধি পাইছে।’ এনেদৰে ডায়েবেটিছৰ আশংকা ৩০ শতাংশলৈ বৃদ্ধি হোৱাটো অতিশয় বিপদজনক বুলি মন্তব্য কৰিছে চিডিচিৰ গৱেষক শ্বাৰণ ছায়াদে।

শিশুৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ পৰামৰ্শ ছায়াদৰ। ডায়েবেটিছৰ কোনো লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগতে শিশু ৰোগ বিশেষজ্ঞসকলকো বিষয়টো সুক্ষ্ম পৰ্যবেক্ষণৰ আহ্বান চিডিচিৰ গৱেষক শ্বাৰণ ছায়াদৰ। এতিয়ালৈকে ক’ভিডত আক্ৰান্ত নোহোৱা শিশুসকলৰ পিতৃ-মাতৃক উদ্দেশ্যি ছায়াদে কয়, ‘আপোনাৰ সন্তানক মাক্স পিন্ধাওক, জনসমাগমৰ পৰা আঁতৰাই ৰাখক আপোনাৰ সন্তানক।’ উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ বছৰ বয়সৰ শিশুক ক’ভিড টিকা প্ৰদানৰ অনুমতি প্ৰদান কৰা হৈছে । ইউৰোপত শিশুসকলকো দ্ৰুত গতিত ক’ভিড টিকা প্ৰদান কৰা হৈছে। আমেৰিকা-ইউৰোপৰ বাহিৰে আন বহুতো দেশত শিশুৰ টিকাকৰণ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। ছায়াদে এই দেশবোৰতো শিশুসকলক ক’ভিডৰ পৰা সুৰক্ষিত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক