--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না নামৰ মাৰন ভইৰাছবিধৰ বাবে চকুৰে সৰিয়হ ফুল দেখিছে সমগ্ৰ বিশ্বই। বিগত সময়ছোৱাত কৰ’না মহামাৰীত আক্ৰান্ত শিশুৰ সংখ্যা তুলনামূলকভাৱে কম যদিও গৱেষণাৰ শেহতীয়া তথ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে। বিগত কিছুদিনৰ পৰা কৰ’নাক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত বহুতো শিশু ডায়বেটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোহৰলৈ আহিছে। টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছত আক্ৰান্ত শিশুৰ সংখ্যা ক্ৰমাত্‍ বৃদ্ধি পোৱা বুলি দাবী কৰিছে বিশেষজ্ঞ মহলে। এই সন্দৰ্ভত এখন গৱেষণা পত্ৰও প্ৰকাশ কৰি উলিয়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ অৰ্থাত্‍ চিডিচি-এ। চিকিৎসকসকলে ইউৰোপত এনে কেইবাটাও ঘটনাৰ সম্ভেদ পোৱা বুলি সদৰী কৰিছে।

চিকিৎসকৰ এটা দলে কয়, ‘ক’ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত টাইপ-১ আৰু টাইপ-২ ডায়বেটিছৰ আশংকা বৃদ্ধি পাইছে। কিছুমানৰ দেশত 'ডায়েবেটিক কিটোএচিডোচিছ'ৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত শৰীৰত ইনচুলিন উত্‍পাদনৰ ক্ষমতা হ্ৰাস পায়। এই ৰোগৰ ফলত শিশুৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।’ চিডিচিয়ে কৰিছে অনুৰূপ মন্তব্য। চিডিচিয়ে কয়, ‘আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ভিডৰ পাছত আৰোগ্যলাভ কৰা ১৮ বছৰৰ তলৰ শিশুৰ মাজত ডায়েবেটিছৰ প্ৰৱণতা প্ৰায় ৩০ শতাংশলৈ বৃদ্ধি পাইছে।’ এনেদৰে ডায়েবেটিছৰ আশংকা ৩০ শতাংশলৈ বৃদ্ধি হোৱাটো অতিশয় বিপদজনক বুলি মন্তব্য কৰিছে চিডিচিৰ গৱেষক শ্বাৰণ ছায়াদে।

শিশুৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ পৰামৰ্শ ছায়াদৰ। ডায়েবেটিছৰ কোনো লক্ষণে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগতে শিশু ৰোগ বিশেষজ্ঞসকলকো বিষয়টো সুক্ষ্ম পৰ্যবেক্ষণৰ আহ্বান চিডিচিৰ গৱেষক শ্বাৰণ ছায়াদৰ। এতিয়ালৈকে ক’ভিডত আক্ৰান্ত নোহোৱা শিশুসকলৰ পিতৃ-মাতৃক উদ্দেশ্যি ছায়াদে কয়, ‘আপোনাৰ সন্তানক মাক্স পিন্ধাওক, জনসমাগমৰ পৰা আঁতৰাই ৰাখক আপোনাৰ সন্তানক।’ উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ বছৰ বয়সৰ শিশুক ক’ভিড টিকা প্ৰদানৰ অনুমতি প্ৰদান কৰা হৈছে । ইউৰোপত শিশুসকলকো দ্ৰুত গতিত ক’ভিড টিকা প্ৰদান কৰা হৈছে। আমেৰিকা-ইউৰোপৰ বাহিৰে আন বহুতো দেশত শিশুৰ টিকাকৰণ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। ছায়াদে এই দেশবোৰতো শিশুসকলক ক’ভিডৰ পৰা সুৰক্ষিত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন