--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ দাবী সত্য প্ৰতিপন্ন হোৱাৰ দিশত আগবাঢ়িছে৷ প্ৰতিবাদ-আপত্তি নৰজিল৷ শীঘ্ৰেই দেশত বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা। বিতৰ্কিত আইনখন সমগ্ৰ দেশতে বলবতৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মোদী চৰকাৰে।

‘কা’ বলবতৰ বাবে প্ৰয়োজনীয় বিধি  ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে কেন্দ্রীয় চৰকাৰে। শীঘ্ৰেই ‘কা’ বলবতক লৈ কেন্দ্ৰই জাৰি কৰিব অধিসূচনা। কেন্দ্ৰই প্ৰস্তুত কৰা বিধি অনুযায়ী ভাৰতীয় নাগৰিকত্বৰ বাবে অনলাইনযোগে থাকিব আবেদনৰ ব্যৱস্থা। ‘কা’ বলবতৰ জৰিয়তে ভাৰতত বাস কৰি অহা ৯০ হাজাৰ বিদেশী পৰিয়ালক প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্বৰ সুযোগ। 

‘কা’ৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা পীড়িত হৈ ভাৰতত প্ৰৱেশ কৰা ধর্মীয় সংখ্যালঘুলৈ প্ৰদান কৰা হ’ব নাগৰিকত্ব। এইক্ষেত্ৰত প্ৰব্ৰজনকাৰী হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীলৈ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

ভাৰতীয় নাগৰিকত্বৰ বাবে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা এইসকল বিদেশী লোকলৈ প্ৰদান কৰা হ’ব সুযোগ। অৱশ্যে ‘কা’ বলবতৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অপচয় কৰিছিল দীৰ্ঘ সময়ৰ। যাৰ বাবে ভাৰতীয় নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত থকা ২০১৪ৰ ৩১ ডিচেম্বৰৰ নিৰ্দিষ্ট সময়সীমা সলনি কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

কেন্দ্ৰই প্ৰস্তুত কৰা বিধি অনুযায়ী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিদেশী শাখাই প্ৰদান কৰিব নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ। এইক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰয়োজন নহ’ব ভাৰতৰ নাগৰিকত্বৰ বাবে পাকিস্তানী নাগৰিকত্ব ত্যাগৰ প্ৰমাণ পত্ৰ। 

আনহাতে নির্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হ’ব আবেদন পত্ৰৰ ভেৰিফিকেচন প্ৰক্ৰিয়া। এইক্ষেত্ৰত অনিবাৰ্য হ’ব আবেদন-পত্ৰৰ পৰীক্ষাৰ লগতে সুৰক্ষা এজেন্সীৰ ক্লিয়াৰেন্স। কেন্দ্ৰই অধিসূচনা জাৰিৰ পাছতে ইচ্ছুক ব্যক্তিয়ে লাভ কৰিব আবেদনৰ সুযোগ। অনলাইনৰ জৰিয়তে পূৰণ কৰা আবেদন–পত্ৰত ভাৰতত প্ৰৱেশৰ সময় উল্লেখ কৰিব লাগিব আবেদনকাৰীয়ে। কেন্দ্ৰই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ পাছত এতিয়া আৰম্ভ হ’ল দেশত ‘কা’ বলবতৰ কাউণ্টডাউন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু