--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ দাবী সত্য প্ৰতিপন্ন হোৱাৰ দিশত আগবাঢ়িছে৷ প্ৰতিবাদ-আপত্তি নৰজিল৷ শীঘ্ৰেই দেশত বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন, চমুকৈ কা। বিতৰ্কিত আইনখন সমগ্ৰ দেশতে বলবতৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মোদী চৰকাৰে।

‘কা’ বলবতৰ বাবে প্ৰয়োজনীয় বিধি  ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে কেন্দ্রীয় চৰকাৰে। শীঘ্ৰেই ‘কা’ বলবতক লৈ কেন্দ্ৰই জাৰি কৰিব অধিসূচনা। কেন্দ্ৰই প্ৰস্তুত কৰা বিধি অনুযায়ী ভাৰতীয় নাগৰিকত্বৰ বাবে অনলাইনযোগে থাকিব আবেদনৰ ব্যৱস্থা। ‘কা’ বলবতৰ জৰিয়তে ভাৰতত বাস কৰি অহা ৯০ হাজাৰ বিদেশী পৰিয়ালক প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্বৰ সুযোগ। 

‘কা’ৰ জৰিয়তে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা পীড়িত হৈ ভাৰতত প্ৰৱেশ কৰা ধর্মীয় সংখ্যালঘুলৈ প্ৰদান কৰা হ’ব নাগৰিকত্ব। এইক্ষেত্ৰত প্ৰব্ৰজনকাৰী হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীলৈ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

ভাৰতীয় নাগৰিকত্বৰ বাবে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা এইসকল বিদেশী লোকলৈ প্ৰদান কৰা হ’ব সুযোগ। অৱশ্যে ‘কা’ বলবতৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অপচয় কৰিছিল দীৰ্ঘ সময়ৰ। যাৰ বাবে ভাৰতীয় নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত থকা ২০১৪ৰ ৩১ ডিচেম্বৰৰ নিৰ্দিষ্ট সময়সীমা সলনি কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে। 

কেন্দ্ৰই প্ৰস্তুত কৰা বিধি অনুযায়ী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিদেশী শাখাই প্ৰদান কৰিব নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ। এইক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰয়োজন নহ’ব ভাৰতৰ নাগৰিকত্বৰ বাবে পাকিস্তানী নাগৰিকত্ব ত্যাগৰ প্ৰমাণ পত্ৰ। 

আনহাতে নির্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হ’ব আবেদন পত্ৰৰ ভেৰিফিকেচন প্ৰক্ৰিয়া। এইক্ষেত্ৰত অনিবাৰ্য হ’ব আবেদন-পত্ৰৰ পৰীক্ষাৰ লগতে সুৰক্ষা এজেন্সীৰ ক্লিয়াৰেন্স। কেন্দ্ৰই অধিসূচনা জাৰিৰ পাছতে ইচ্ছুক ব্যক্তিয়ে লাভ কৰিব আবেদনৰ সুযোগ। অনলাইনৰ জৰিয়তে পূৰণ কৰা আবেদন–পত্ৰত ভাৰতত প্ৰৱেশৰ সময় উল্লেখ কৰিব লাগিব আবেদনকাৰীয়ে। কেন্দ্ৰই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ পাছত এতিয়া আৰম্ভ হ’ল দেশত ‘কা’ বলবতৰ কাউণ্টডাউন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement