--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেংগালুৰুৰ কংগ্ৰেছ সাংসদ ডি কে সুৰেশৰ বিচ্ছিন্নতাবাদী মন্তব্যই দেশজুৰি ধুমুহাৰ সৃষ্টি কৰিছে৷ মুকলিকৈ ভাৰত ভংগৰ দাবী তুলি বিপদত পৰিছে সাংসদ ডি কে সুৰেশ৷ 

বিজেপিয়ে শুকুৰবাৰে কয় যে কংগ্ৰেছ নেতা ডি কে সুৰেশৰ এক মিনিটৰ বাবেও সাংসদ হৈ থকাৰ কোনো অধিকাৰ নাই৷ কিয়নো তেওঁ মুকলিকৈ ভাৰত ভংগ কৰাৰ কথা কৈ দেশৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ শপত উলংঘা কৰিছে৷

বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয়, ৰাজনৈতিক লাভালাভৰ বাবে দেশৰ একতা আৰু সাৰ্বভৌমত্ব ভংগ হ’ব নেকি? সংবাদমেলত ৰবি শংকৰ প্ৰসাদে কংগ্ৰেছ নেতৃত্বক সাংসদগৰাকীয়ে কৰা আপত্তিজনক মন্তব্যৰ পাছতো নীৰৱতা অৱলম্বন কৰা কাৰ্যক সমালোচনা কৰে৷

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ ডি কে সুৰেশে কৰ সংগ্ৰহৰ শ্বেয়াৰ আৱণ্টনৰ ক্ষেত্ৰত দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰতি অন্যায় কৰা হৈছে বুলি দাবী কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে।

ডি কে সুৰেশে কৈছিল, আমাৰ কৰৰ ধন উত্তৰ ভাৰতলৈ বিতৰণ কৰা হৈছে। যদি আমি ইয়াক নিন্দা নকৰোঁ তেন্তে এনে এক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে য’ত আমি এখন পৃথক ৰাষ্ট্ৰ দাবী কৰিব লাগিব৷

ৰবি শংকৰ প্ৰসাদে কৈছিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে আৰু জয়ী হোৱাৰ পাছত যিকোনো লোকে সংবিধান আৰু দেশৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি আনুগত্যৰ শপত লয়। তেওঁ মুকলিকৈ ভাৰত বিভাজনৰ কথা কৈ এজন সাংসদ হিচাপে এক নিকৃষ্ট কাম কৰিছে। এইটো সংবিধানৰ ঐক্য আৰু অখণ্ডতাৰ মূল বিষয়ৰ স্পষ্ট উলংঘন৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দিয়া ৰাহুল গান্ধীক আক্ৰমণ কৰি বিজেপি নেতাজনে লগতে কয় যে তেওঁ দেশক একত্ৰিত কৰাৰ বাবে কাম কৰি আছে বুলি ধাৰণা কৰা হৈছে কিন্তু এতিয়া তেওঁৰ দলৰে সাংসদৰ মন্তব্যই তাক অস্বীকাৰ কৰিছে।

যদিও কংগ্ৰেছ নেতাসকলে নিয়মীয়াকৈ বিজেপিৰ বিৰুদ্ধে সংবিধান উলংঘা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একনায়ক বুলি অভিহিত কৰি আৰু ভৱিষ্যতে নিৰ্বাচন অনুষ্ঠিত হ’বলৈ নিদিব বুলি অভিযোগ উত্থাপন কৰি অভিযোগ উত্থাপন কৰে, তেওঁলোকে কিন্তু সংবিধানৰ বিৰুদ্ধে তেওঁলোকৰ সাংসদৰ এনে মন্তব্যক লৈ নীৰৱতা অৱলম্বন কৰিছে বুলি ৰবি শংকৰ প্ৰসাদে মন্তব্য কৰে৷

সাংসদজনৰ বৈষম্যৰ অভিযোগ প্ৰত্যাখ্যান কৰি তেওঁ কয় যে মোদীয়ে শেহতীয়াকৈ কৰ্ণাটকত এটা ‘বোয়িং’ সুবিধা উদ্বোধন কৰিছে আৰু ২০০৯-১৪ বৰ্ষত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ শাসনত থকাৰ সময়ত ৫৩,৯৯৬ কোটি টকাৰ বিপৰীতে ৰাজ্যখনক ২০১৪-১৯ বৰ্ষত ১.৩৫ লাখ কোটি টকাৰ অধিক টেক্স শ্বেয়াৰ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement