--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসক হোৱাৰ দুৰ্বাৰ পেঁপাহ আছিল তেওঁৰ । ১৯৮০ চনত লোকজনে দ্বাদশ পৰীক্ষাত ৮০০ নম্বৰৰ ভিতৰত ৫৪৭  নম্বৰ লাভ কৰিছিল।তেওঁৰ  সপোন আছিল এমবিবিএছ হোৱা। সপোন সফল কৰিবলৈ তেওঁ মেডিকেল  কলেজত আসনো লাভ কৰিলে।  তাৰ পিছত পাৰ হৈ গ’ল ৪৪ টা বছৰ। এতিয়া পোহৰলৈ আহিছে  বিস্ফোৰক তথ্য । জানিব পৰা গৈছে যে লোকজনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ভুৱা মাৰ্কশ্বীট প্ৰস্তুত কৰি এমবিবিএছ পাঠ্যক্ৰমত  নামভৰ্তি কৰিছিল। তেনেদৰেই তেওঁ এজন চিকিৎসক হৈছিল। প্ৰায় ৪৪ বছৰৰ পিছত, তেওঁক প্ৰতাৰণাৰ  বাবে দোষী সাব্যস্ত কৰা হৈছে । ফলত চিকিৎসকজনে এতিয়া কাৰাগাৰলৈ যাব লাগিব।  আদালতে চিকিৎসকজনক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৩০,০০০ টকাৰ জৰিমনাও বিহিছে।  

জানিব পৰা মতে   চিকিৎসকজনে আহমেদাবাদৰ পালদি অঞ্চলত বাস কৰে। তেওঁৰ নাম উৎপল পেটেল। আহমেদাবাদৰ উৎপলে ১৯৮০ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০০ ৰ ভিতৰত ৩৯৪ নম্বৰহে লাভ কৰিছিল। অৱশ্যে  এই নম্বৰেৰে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পৰা নাযায়। গতিকে তেওঁ ৮০০ ৰ ভিতৰত ৫৪৭ নম্বৰ লাভ কৰা বুলি দেখুৱাই  এখন  ভুৱা মাৰ্কশ্বীট তৈয়াৰ কৰিছিল। তেওঁ সেই মাৰ্কশ্বীটেৰেই আহমেদাবাদৰ বিজে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিও কৰিছিল। কিন্তু পিছত  গুজৰাটৰ মাধ্যমিক শিক্ষা পৰিষদে পেটেলৰ মাৰ্কশ্বীটৰ বিষয়ে জানিব পাৰি মহাবিদ্যালয়খনলৈ  পত্ৰ লিখি কয় যে পেটেলৰ মাৰ্কশ্বীট জাল আছিল।

অভিযোগ দাখিল কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়ে মাৰ্কশ্বীটখন প্ৰমাণিত কৰিছিল। গুজৰাট মাধ্যমিক শিক্ষা পৰিষদক এই বিষয়ত  সোধা হৈছিল। বোৰ্ডে তেতিয়া কৈছিল যে উৎপলে তেওঁৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ পত্ৰিকাৰ পুনৰ পৰীক্ষণৰ  বাবে আবেদন কৰিছিল, কিন্তু ফলাফলত কোনো পৰিৱৰ্তন হোৱা নাছিল। পৰৱৰ্তী সময়ত উৎপলে  ভুৱা মাৰ্কশ্বীটৰ সহায়ত এমবিবিএছত নামভৰ্তি কৰিছিল। চিকিৎসা মহাবিদ্যালয়খনে ১৯৯১ চনত শ্বাহবাগ আৰক্ষী থানাত চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।  পেটেলৰ অধিবক্তাই অনুৰোধ কৰিছিল যে তেওঁক কাৰাবাসৰ  শাস্তি দিয়া উচিত নহয়। অধিবক্তাই কৈছিল যে পেটেল এজন চিকিৎসক আৰু চহৰখনত এখন ক্লিনিক চলাই সমাজক সেৱা আগবঢ়াই আছে। অপৰাধটো লোকজনে তেওঁৰ মাত্ৰ ১৭ বছৰ বয়সত কৰিছিল,তেওঁৰ বয়স এতিয়া ৬০ বছৰ আৰু  পৰিয়ালো আছে।ইয়াৰ পিছত মেট্ৰ'পলিটান মেজিষ্ট্ৰেট পি এন নবীনে ডাঃ  উৎপল পেটেলক জালিয়াতি আৰু প্ৰৱঞ্চনাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড আৰু ৩০,০০০ টকাৰ জৰিমনা বিহে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু