--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লালকিল্লা মোৰ..লালকিল্লা মোক ঘূৰাই দিয়ক…দেশৰ ৰাজধানী দিল্লীত থকা লালকিল্লা নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই। নিজকে লালকিল্লাৰ মালিক বুলি কৈছে মহিলাগৰাকীয়ে। মহিলাগৰাকী হৈছে অন্তিমগৰাকী মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ নাতি বোৱাৰী। তেওঁৰ নাম চুলতানা বেগম। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল চুলতানা। চুলতানা বেগমে লালকিল্লা নিজৰ বুলি দাবী তুলি আবেদন জনাইছিল ন্যায়ালয়ত। দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ ওপৰত নিজৰ কৰ্তৃত্ব দাবী কৰা অন্তিম মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ নাতি বোৱাৰী চুলতানা বেগমৰ আবেদন নাকচ কৰিছে।

চুলতানা বেগমে কৈছিল যে ১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বলপূৰ্বক লালকিল্লা দখল কৰিছিল। সেয়ে পুনৰ ইয়াৰ অধিকাৰ প্ৰকৃত মালিকৰ হাতত অৰ্পণ কৰে যেন। আৰু সেই হিচাপে তেখেতেই বৰ্তমান ইয়াৰ প্ৰকৃত দাবীদাৰ। চুলতানা বেগমৰ আৱেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পল্লীৰ একক ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হৈছিল। ন্যায়াধীশ পল্লীয়ে কয় যে, চুলতানা বেগম আপুনি দাবী কৰিছে যে ১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আপোনালোকৰ লগত অন্যায় কৰিছিল,লালকিল্লা বলপূৰ্বক কাঢ়ি লৈছিল। কিন্তু এই কৰ্তৃত্ব দাবী কৰাত আপোনালোকৰ ১৫০ বছৰতকৈ অধিক পলম কিয় হল?ইমান বছৰ আপোনালোক ক'ত আছিল। এতিয়াহে কিয় মনত পৰিল? আপোনাৰ আবেদন আমি নাকচ কৰিছো।

তেওঁ লগতে কয় যে চুলতানাৰ পূৰ্বপুৰুষসকলে লালকিল্লা নিজৰ বুলি দাবী কৰি একো কৰা নাছিল, আদালতে এতিয়া কি কৰিব পাৰে? আৱেদন দাখিল কৰাত ইমান পলম কিয় হৈছে বুলি সোধাত সেই বিষয়ে তেওঁলোকৰ ওচৰত কোনো ব্যাখ্যা নাই বুলি কয় চুলতানা বেগমে। কোনো যুক্তি প্ৰদৰ্শন কৰিব নোৱাৰা বাবেই চুলতানা বেগমৰ আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

আৰু পঢ়কঃ ‘বিধায়ক কিনা বেচা বজাৰ বন্ধ কৰক’! প্ৰতিবাদ কৰি নিজেই বিক্ৰী গ’ল নেকি বিধায়ক শশীকান্ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ