--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লালকিল্লা মোৰ..লালকিল্লা মোক ঘূৰাই দিয়ক…দেশৰ ৰাজধানী দিল্লীত থকা লালকিল্লা নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই। নিজকে লালকিল্লাৰ মালিক বুলি কৈছে মহিলাগৰাকীয়ে। মহিলাগৰাকী হৈছে অন্তিমগৰাকী মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ নাতি বোৱাৰী। তেওঁৰ নাম চুলতানা বেগম। সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল চুলতানা। চুলতানা বেগমে লালকিল্লা নিজৰ বুলি দাবী তুলি আবেদন জনাইছিল ন্যায়ালয়ত। দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ ওপৰত নিজৰ কৰ্তৃত্ব দাবী কৰা অন্তিম মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ নাতি বোৱাৰী চুলতানা বেগমৰ আবেদন নাকচ কৰিছে।

চুলতানা বেগমে কৈছিল যে ১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বলপূৰ্বক লালকিল্লা দখল কৰিছিল। সেয়ে পুনৰ ইয়াৰ অধিকাৰ প্ৰকৃত মালিকৰ হাতত অৰ্পণ কৰে যেন। আৰু সেই হিচাপে তেখেতেই বৰ্তমান ইয়াৰ প্ৰকৃত দাবীদাৰ। চুলতানা বেগমৰ আৱেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পল্লীৰ একক ন্যায়াধীশৰ বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰা হৈছিল। ন্যায়াধীশ পল্লীয়ে কয় যে, চুলতানা বেগম আপুনি দাবী কৰিছে যে ১৮৫৭ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আপোনালোকৰ লগত অন্যায় কৰিছিল,লালকিল্লা বলপূৰ্বক কাঢ়ি লৈছিল। কিন্তু এই কৰ্তৃত্ব দাবী কৰাত আপোনালোকৰ ১৫০ বছৰতকৈ অধিক পলম কিয় হল?ইমান বছৰ আপোনালোক ক'ত আছিল। এতিয়াহে কিয় মনত পৰিল? আপোনাৰ আবেদন আমি নাকচ কৰিছো।

তেওঁ লগতে কয় যে চুলতানাৰ পূৰ্বপুৰুষসকলে লালকিল্লা নিজৰ বুলি দাবী কৰি একো কৰা নাছিল, আদালতে এতিয়া কি কৰিব পাৰে? আৱেদন দাখিল কৰাত ইমান পলম কিয় হৈছে বুলি সোধাত সেই বিষয়ে তেওঁলোকৰ ওচৰত কোনো ব্যাখ্যা নাই বুলি কয় চুলতানা বেগমে। কোনো যুক্তি প্ৰদৰ্শন কৰিব নোৱাৰা বাবেই চুলতানা বেগমৰ আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

আৰু পঢ়কঃ ‘বিধায়ক কিনা বেচা বজাৰ বন্ধ কৰক’! প্ৰতিবাদ কৰি নিজেই বিক্ৰী গ’ল নেকি বিধায়ক শশীকান্ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক