--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত আজিৰ দিনটোক সামান্য হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ৷ কালিৰ তুলনাত আজি কোভিডত হোৱা সংক্ৰমণৰ সংখ্যা কিছু কম হোৱা পৰিলক্ষিত হৈছে৷যোৱা ২৪  ঘণ্টাত দেশত ১০,১১২ গৰাকী  লোক কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। শনিবাৰে, দেশত কোভিড সংক্ৰমণৰ   ১২,১৯৩ টা ঘটনা আছিল। অৱশ্যে সংক্ৰমিত লোকৰ মুঠ সংখ্যা বৃদ্ধি পাইছে। দেওবাৰে দেশত মুঠ সংক্ৰমণৰ সংখ্যা আছিল ৬৭,৮০৬ জন বুলি  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত কোভিড-১৯ ৰ পৰা ৯,৮৩৩ জন লোক আৰোগ্য হৈছে। সংক্ৰমণৰ ক্ষেত্ৰত দিল্লী তালিকাৰ শীৰ্ষত আছে। শনিবাৰে দিল্লীত   ১,১৫ গৰাকী লোক কোভিডত সংক্ৰমিত হৈছিল। দিল্লীত ইতিবাচকৰ  হাৰ ২৬.৪৬ শতাংশ। ২৪ ঘণ্টাত ৰাজধানীত কোভিড-১৯ত মৃত্যু হৈছে ছয় গৰাকী লোকৰ । মহাৰাষ্ট্ৰই শনিবাৰে ৮৫০ টা নতুন সংক্ৰমণৰ ঘটনা ঘটিছে। ৰাজ্যখনত কোভিডৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে। 

শুকুৰবাৰে কেন্দ্ৰই আঠখন ৰাজ্য - উত্তৰ প্ৰদেশ, তামিলনাডু, দিল্লী, কেৰালা, হাৰিয়ানা, তামিলনাডু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰক কোভিড-১৯ৰ প্ৰসাৰ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰই ৰাজ্য কেই খনক কোভিড পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ কৈছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই আঠখন ৰাজ্যৰ প্ৰশাসনলৈ  চিঠি লিখি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছিল। তেওঁ কৈছিল যে কোভিড পৰিস্থিতি এতিয়াও শাম কটা নাই। সেয়েহে কোভিড বিধিসমূহ  অনুসৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়া আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ