--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত আজিৰ দিনটোক সামান্য হ্ৰাস পাইছে কোভিডৰ সংক্ৰমণ৷ কালিৰ তুলনাত আজি কোভিডত হোৱা সংক্ৰমণৰ সংখ্যা কিছু কম হোৱা পৰিলক্ষিত হৈছে৷যোৱা ২৪  ঘণ্টাত দেশত ১০,১১২ গৰাকী  লোক কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। শনিবাৰে, দেশত কোভিড সংক্ৰমণৰ   ১২,১৯৩ টা ঘটনা আছিল। অৱশ্যে সংক্ৰমিত লোকৰ মুঠ সংখ্যা বৃদ্ধি পাইছে। দেওবাৰে দেশত মুঠ সংক্ৰমণৰ সংখ্যা আছিল ৬৭,৮০৬ জন বুলি  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত কোভিড-১৯ ৰ পৰা ৯,৮৩৩ জন লোক আৰোগ্য হৈছে। সংক্ৰমণৰ ক্ষেত্ৰত দিল্লী তালিকাৰ শীৰ্ষত আছে। শনিবাৰে দিল্লীত   ১,১৫ গৰাকী লোক কোভিডত সংক্ৰমিত হৈছিল। দিল্লীত ইতিবাচকৰ  হাৰ ২৬.৪৬ শতাংশ। ২৪ ঘণ্টাত ৰাজধানীত কোভিড-১৯ত মৃত্যু হৈছে ছয় গৰাকী লোকৰ । মহাৰাষ্ট্ৰই শনিবাৰে ৮৫০ টা নতুন সংক্ৰমণৰ ঘটনা ঘটিছে। ৰাজ্যখনত কোভিডৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছে। 

শুকুৰবাৰে কেন্দ্ৰই আঠখন ৰাজ্য - উত্তৰ প্ৰদেশ, তামিলনাডু, দিল্লী, কেৰালা, হাৰিয়ানা, তামিলনাডু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰক কোভিড-১৯ৰ প্ৰসাৰ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰই ৰাজ্য কেই খনক কোভিড পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ কৈছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই আঠখন ৰাজ্যৰ প্ৰশাসনলৈ  চিঠি লিখি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছিল। তেওঁ কৈছিল যে কোভিড পৰিস্থিতি এতিয়াও শাম কটা নাই। সেয়েহে কোভিড বিধিসমূহ  অনুসৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়া আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন