--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ত পুনৰ কোভিডে ত্ৰাসৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে শীৰ্ষ ন্যায়ালয় খনৰ কমেও পাঁচগৰাকী ন্যায়াধীশ কোভিডত আক্ৰান্ত হৈছে। কোভিড আক্ৰান্ত ন্যায়াধীশসকলৰ ভিতৰত আছে ন্যায়াধীশ ৰবীন্দ্ৰ এছ ভাট, সঞ্জীৱ খান্না, অনিৰুদ্ধ বসু, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ ৷ আন এগৰাকী বিচাৰক সূৰ্য কান্ত যোৱা সপ্তাহত কোভিডৰ পৰা আৰোগ্য হৈছে। 

ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে শেহতীয়াকৈ  সমকামী বিবাহ গোচৰত সংবিধান বিচাৰপীঠত শুনানি গ্ৰহণ কৰাৰ কথা আছিল। উল্লেখ্য বৃহস্পতিবাৰৰ লৈকে সমকামী গোচৰটোৰ শুনানি হৈ আছিল। ন্যায়াধীশ ভাট সেই শুনানিত আন ন্যায়াধীশসকলৰ সৈতে একেলগে বহিছিল। স্বাভাৱিকতে সেয়ে আন ন্যায়াধীশসকলেও এতিয়া কোভিডত সংক্ৰমিত হোৱাৰ আশংকাত ভুগিছে৷ 

 একেসময়তে পাঁচজন ন্যায়াধীশৰ কোভিড-১৯ পৰীক্ষা ইতিবাচক হোৱাত কেইবাটাও গোচৰৰ শুনানি পলম হোৱাৰ আশংকাই দেখা দিছে। কেইবাটাও গোচৰৰ শুনানি  স্থগিত ৰখা হৈছে।ডিএ গোচৰৰ দৰে গুৰুত্বপূৰ্ণ গোচৰবোৰৰ শুনানিও পিছুৱাই দিয়া হৈছে।

মুখ্য ন্যায়াধীশ ডি চন্দ্ৰচূড়ে কেইদিনমান আগতে কৈছিল যে অধিবক্তাসকলে বিচাৰিলে ভাৰ্চুৱেল শুনানি অনুষ্ঠিত কৰিব পাৰে। একে সময়তে পাঁচজন ন্যায়াধীশ কৰোনাত ধৰা পৰাৰ পিছত, ন্যায়াধীশ, অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ মাজত উদ্বেগ বিয়পি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন