--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ত পুনৰ কোভিডে ত্ৰাসৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে শীৰ্ষ ন্যায়ালয় খনৰ কমেও পাঁচগৰাকী ন্যায়াধীশ কোভিডত আক্ৰান্ত হৈছে। কোভিড আক্ৰান্ত ন্যায়াধীশসকলৰ ভিতৰত আছে ন্যায়াধীশ ৰবীন্দ্ৰ এছ ভাট, সঞ্জীৱ খান্না, অনিৰুদ্ধ বসু, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ ৷ আন এগৰাকী বিচাৰক সূৰ্য কান্ত যোৱা সপ্তাহত কোভিডৰ পৰা আৰোগ্য হৈছে। 

ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে শেহতীয়াকৈ  সমকামী বিবাহ গোচৰত সংবিধান বিচাৰপীঠত শুনানি গ্ৰহণ কৰাৰ কথা আছিল। উল্লেখ্য বৃহস্পতিবাৰৰ লৈকে সমকামী গোচৰটোৰ শুনানি হৈ আছিল। ন্যায়াধীশ ভাট সেই শুনানিত আন ন্যায়াধীশসকলৰ সৈতে একেলগে বহিছিল। স্বাভাৱিকতে সেয়ে আন ন্যায়াধীশসকলেও এতিয়া কোভিডত সংক্ৰমিত হোৱাৰ আশংকাত ভুগিছে৷ 

 একেসময়তে পাঁচজন ন্যায়াধীশৰ কোভিড-১৯ পৰীক্ষা ইতিবাচক হোৱাত কেইবাটাও গোচৰৰ শুনানি পলম হোৱাৰ আশংকাই দেখা দিছে। কেইবাটাও গোচৰৰ শুনানি  স্থগিত ৰখা হৈছে।ডিএ গোচৰৰ দৰে গুৰুত্বপূৰ্ণ গোচৰবোৰৰ শুনানিও পিছুৱাই দিয়া হৈছে।

মুখ্য ন্যায়াধীশ ডি চন্দ্ৰচূড়ে কেইদিনমান আগতে কৈছিল যে অধিবক্তাসকলে বিচাৰিলে ভাৰ্চুৱেল শুনানি অনুষ্ঠিত কৰিব পাৰে। একে সময়তে পাঁচজন ন্যায়াধীশ কৰোনাত ধৰা পৰাৰ পিছত, ন্যায়াধীশ, অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ মাজত উদ্বেগ বিয়পি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ