--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি ছোৱালী আছে তেন্তে চৰকাৰে ১০ লাখ টকা দিছে। কেন্দ্ৰীয় চৰকাৰে এই বিশেষ আঁচনিখন আৰম্ভ কৰিছে। ১০ বছৰৰ তলৰ কন্যা সন্তান থাকিলে সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত এই বৃহৎ পৰিমাণৰ ধন পাব। নূন্যতম ২৫০ টকা জমা কৰিলে আপুনি ৫০ টকাৰ তিনিগুণ পৰ্যন্ত লাভ পাব। এই আঁচনিৰ বাবে কেনেদৰে আবেদন কৰিব, কি কি সুবিধা পাব, আবেদনৰ বাবে প্ৰয়োজনীয় চৰ্ত সম্পৰ্কীয় বিতং তথ্য তলত আলোচনা কৰা হৈছে।

সুকন্যা সমৃদ্ধি যোজনাত যিকোনো ব্যক্তিয়ে নিজৰ কন্যাৰ বাবে নূন্যতম পৰিমাণৰ ধন সঞ্চয় কৰি কন্যাৰ পঢ়া-শুনা, বিবাহৰ খৰচ আৰু ভৱিষ্যত সুৰক্ষিত কৰি লাভ কৰিব পাৰে আৰু ভৱিষ্যতে এক বৃহৎ সুবিধা লাভ কৰিব পাৰে। প্ৰতিমাহে ২৫০, ৫০০, ১০০০ টকা ৮ শতাংশ সুতৰ হাৰত সৰ্বাধিক ৬৩ লাখ টকালৈকে জমা কৰিব পাৰিব। ইয়াত জমা কৰা ধনৰ ওপৰত কোনো কৰ দিব নালাগে। আৰু মেচিউৰিটিৰ সময়ত লাভ কৰা ধনৰ ওপৰত চৰকাৰে কোনো ধৰণৰ কৰ আৰোপ নকৰে।

সুকন্যা সমৃদ্ধি যোজনাৰ উপকাৰিতা:-
- এই আঁচনি জনসাধাৰণৰ বাবে। ইয়াত আপুনি প্ৰতিমাহে নূন্যতম ২৫০ টকাৰ পৰা সৰ্বাধিক ১২,৫০০ টকালৈকে জমা কৰিব পাৰিব।
- চৰকাৰে জমা ধনৰ ওপৰত উচ্চ হাৰত (৮ শতাংশ) সুত দি কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰে।
- ইয়াত জমা হোৱা ধনৰ ওপৰত কোনো কৰ আৰোপ কৰা নহয়।
- কন্যা সন্তানৰ বয়স ১৮ বছৰ হোৱালৈকে অভিভাৱকে এই একাউণ্টটো পৰিচালনা কৰিব পাৰিব।
- এই আঁচনিখনত সঞ্চয় কৰি থকাৰ সময়ত যদি কোনো কাৰণত পিতৃৰ মৃত্যু হয় তেন্তে বাকী থকা ধন চৰকাৰে জমা কৰি দিব আৰু কন্যায়ো একেধৰণৰ সুবিধা লাভ কৰিব।
- কোনো কাৰণত কন্যাৰ মৃত্যু হ’লে কন্যাৰ অভিভাৱকে ততাতৈয়াকৈ সেই একে সুতৰ হাৰত জমা ধন উলিয়াব পাৰে।
- চাকৰি বদলি হ’লে এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ আৰু এটা বেংকৰ পৰা আন এটা বেংকলৈ সুকন্যা সমৃদ্ধি একাউণ্ট ট্ৰেন্সফাৰ কৰিব পাৰিব।

সুকন্যা সমৃদ্ধি একাউণ্ট ক'ত খুলিব?
সুকন্যা সমৃদ্ধি যোজনাত একাউণ্ট খুলিবলৈ আপুনি ডাকঘৰ বা আপোনাৰ বেংকলৈ যাব পাৰে। অৱশ্যে কিছুমান বিশেষ বেংকেহে এই আঁচনিৰ সুবিধা প্ৰদান কৰে। উদাহৰণস্বৰূপে ভাৰতীয় ষ্টেট বেংক, এইচ ডি এফ চি বেংক, পঞ্জাৱ নেচনেল বেংকে সুকন্যা সমৃদ্ধিৰ সুবিধা প্ৰদান কৰে।

মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যায়?
• কন্যাৰ সুকন্যা সমৃদ্ধি একাউণ্টত প্ৰতিমাহে ১০০০ টকা জমা দিলে ১৫ বছৰত ১ লাখ ৮০ হাজাৰ টকা জমা দিব পাৰিব। মেচিউৰিটিৰ সময়ত ৫ লাখ, ৯২ হাজাৰ টকা পাব।
• প্ৰতিমাহে ২০০০ টকা জমা কৰিলে মুঠ ৩ লাখ ৬০ হাজাৰ টকা জমা কৰিব পাৰিব। কিন্তু সুতসহ লাভ কৰিব ১০ লাখ টকা পাব।
• প্ৰতিমাহে ৪০০০ টকা জমা দিলে ১৫ বছৰত ৭ লাখ ২০ হাজাৰ টকা ৰাহি হ’ব আৰু সুতসহ ১৬ লাখ ২৭ হাজাৰ টকা পাব।
• ১৫ বছৰলৈ প্ৰতিমাহে ৫ হাজাৰ টকা সঞ্চয় কৰিলে মুঠ সঞ্চয় হ’ব ৯ লাখ টকা আৰু মেচিউৰিটিৰ সময়ত ২৫ লাখ টকা পাব।
আৰু আঁচনিৰ সম্পূৰ্ণ টাৰ্ম সঞ্চয় সম্পূৰ্ণ কৰিলে ৬৩ লাখ টকা পাব। ইয়াৰ বাবে প্ৰতিমাহে ১২,৫০০ টকা জমা কৰিব লাগিব।

সুকন্যা সমৃদ্ধিত আবেদনৰ চৰ্ত:-
• কেৱল ছোৱালীসকলেহে এই একাউণ্টটো খুলিব পাৰিব।
একাউণ্ট খোলাৰ সময়ত কন্যা সন্তানৰ বয়স ১০ বছৰৰ তলৰ হ’ব লাগে।
• এই আঁচনিখনত আপুনি ১৫ বছৰলৈকে কিস্তিত ধন জমা কৰিব লাগিব।
• এই ধন জমা কৰিবলৈ ডাকঘৰ/বেংকলৈ যাব লাগিব। যদি আপোনাৰ Net Banking সুবিধা আছে তেন্তে ইয়াৰ জৰিয়তেও ধন জমা কৰিব পাৰিব।
• একেৰাহে দুমাহ টকা জমা নকৰিলে একাউণ্টটো নিষ্ক্ৰিয় হৈ যাব। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বচাও বেটি পঢ়াও অভিযানৰ অন্যতম অংশীদাৰ হিচাপে ২০১৫ চনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল। বহুতে প্ৰতিদিনে বহুত টকা অপচয় কৰে। কিন্তু এই প্ৰকল্পত বিনিয়োগ কৰি আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যত উজ্জ্বল আৰু উন্নত কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ