--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ৷ এইবাৰ কভিডত আক্ৰান্ত হৈছে দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেন৷ অমৰ্ত্য সেন কভিডত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে তেওঁৰ শুভাকাংক্ষীসকল৷

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অমৰ্ত্য সেনৰ আৰোগ্য কামনা কৰিছে৷ কভিডত আক্ৰান্ত সেনে তেওঁৰ শান্তিনিকেতনৰ বাসভৱনত হোম আইচলেশ্যনত আছে৷ বৰ্তমান তেওঁ কেৱল মৃদু কাহ আৰু হাঁচি অনুভৱ কৰি আছে বুলি স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয়।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰোগ্য কামনা কৰি টুইটযোগে কয়, সন্মানীয় অমৰ্ত্য দা, আমি সকলোৱে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ যাতে আপুনি সোনকালে সুস্থ হৈ উঠে৷

সেন জুনৰ শেষ সপ্তাহৰ পৰা ভাৰতত আছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত চৌবিশ ঘণ্টাত ১৮,৮৪০জন লোক কভিডত আক্ৰান্ত হৈছে৷ আৰু মৃত্যু হৈছে ৪৩গৰাকী লোকৰ৷ বৰ্তমান দেশত ১,২৫,০২৮গৰাকী ব্যক্তি কভিডত আক্ৰান্ত হৈ আছে৷ বৰ্তমান পজিটিভিটীৰ হাৰ ০.২৮ শতাংশ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ