--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ আৰু সেই বিষয়ত  পৰামৰ্শ দিবলৈ  ২ ছেপ্টেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা জাননীৰ ভিত্তিত গঠিত  উচ্চ-পৰ্যায়ৰ সমিতিয়ে ইয়াৰ প্ৰাথমিক বৈঠকখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত কৰে ।  

অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী ; অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আইন আৰু ন্যায় মন্ত্ৰালয়, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি শ্ৰী গুলাম নবী আজাদ, পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ  এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব ডঃ সুভাষ চি কাশ্যপ, প্ৰাক্তন মুখ্য তদাৰকী আয়ুক্ত  সঞ্জয় কোঠাৰীয়ে  বৈঠকত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ অধিবক্তা  হৰিশ ছালভেই বৈঠকত ভাৰ্চুৱেলা  যোগদান কৰে। বিৰোধী দলৰ একক বৃহত্তম দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰী বৈঠকত উপস্থিত নাছিল।

উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্যসকলক আদৰণি জনাই সমিতিখনৰ অধ্যক্ষ ৰামনাথ কোবিন্দে বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে বিতংকলৈ বৰ্ণনা কৰে৷  সমিতিখনৰ কাম-কাজৰ পদ্ধতিৰ কথা উল্লেখ কৰি সমিতিখনে স্বীকৃত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাজ্যসমূহত চৰকাৰ থকা ৰাজনৈতিক দল, সংসদত  প্ৰতিনিধি থকা ৰাজনৈতিক দলসমূহ, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ/মতামত বিচৰাৰ বাবে অন্যান্য স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি, সমিতিখনে ভাৰতৰ আইন আয়োগক দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ  বিষয়ত তেওঁলোকৰ পৰামৰ্শ/মতামত ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement