--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ আৰু সেই বিষয়ত  পৰামৰ্শ দিবলৈ  ২ ছেপ্টেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা জাননীৰ ভিত্তিত গঠিত  উচ্চ-পৰ্যায়ৰ সমিতিয়ে ইয়াৰ প্ৰাথমিক বৈঠকখন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত অনুষ্ঠিত কৰে ।  

অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী ; অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আইন আৰু ন্যায় মন্ত্ৰালয়, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি শ্ৰী গুলাম নবী আজাদ, পঞ্চদশ বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ  এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব ডঃ সুভাষ চি কাশ্যপ, প্ৰাক্তন মুখ্য তদাৰকী আয়ুক্ত  সঞ্জয় কোঠাৰীয়ে  বৈঠকত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ অধিবক্তা  হৰিশ ছালভেই বৈঠকত ভাৰ্চুৱেলা  যোগদান কৰে। বিৰোধী দলৰ একক বৃহত্তম দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰী বৈঠকত উপস্থিত নাছিল।

উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্যসকলক আদৰণি জনাই সমিতিখনৰ অধ্যক্ষ ৰামনাথ কোবিন্দে বৈঠকৰ কাৰ্যসূচীৰ বিষয়ে বিতংকলৈ বৰ্ণনা কৰে৷  সমিতিখনৰ কাম-কাজৰ পদ্ধতিৰ কথা উল্লেখ কৰি সমিতিখনে স্বীকৃত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, ৰাজ্যসমূহত চৰকাৰ থকা ৰাজনৈতিক দল, সংসদত  প্ৰতিনিধি থকা ৰাজনৈতিক দলসমূহ, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত পৰামৰ্শ/মতামত বিচৰাৰ বাবে অন্যান্য স্বীকৃত ৰাজ্যিক ৰাজনৈতিক দলসমূহক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি, সমিতিখনে ভাৰতৰ আইন আয়োগক দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ  বিষয়ত তেওঁলোকৰ পৰামৰ্শ/মতামত ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল