--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিবনুৱা সমস্যাই এতিয়া দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।এনে সময়তে খোদ নিজৰ সমষ্টিতে নিবনুৱা যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী মোদী।  পঞ্জাৱৰ পিছত এইবাৰ নিজৰ সমষ্টিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থা  পুনৰ উলংঘন হ’ল।  

ভাৰতীয় সেনাত চাকৰি প্ৰদানৰ  দাবীত এজন যুৱকে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জঁপিয়াই  দিয়াৰ ঘটনাই প্ৰত্ৰিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱকজনে প্ৰধানমন্ত্ৰীৰ গাড়ীৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত এনেদৰে জঁপিয়াই দিয়ে।  লগে লগে হুৱা-দুৱা লাগে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বতত থকা নিৰাপত্তাৰক্ষীয়ে অৱশ্যে যুৱকজনক তৎক্ষণাৎ আঁতৰাই নিয়ে। 

প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ বাৰাণসীলৈ গৈছে। তেওঁৰ কনভয় ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰৰ পৰা গৈ থকাৰ সময়তে এই এঘটন ঘটে।   প্ৰধানমন্ত্ৰীৰ কনভয় তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ পোৱাৰ আগতে যুৱক জনে কনভয়ৰ সন্মুখত জঁপিয়াই দিয়ে। অৱশ্যে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে। ।

 তেওঁক লগে লগে সুৰক্ষা কৰ্মীয়ে আটক কৰে। যুৱকজনক ইতিমধ্যে সোধা-পোছা কৰা হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনক কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। তেওঁ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। আৰক্ষীৰ জেৰাৰ সময়ত যুৱক জনে কয় যে তেওঁ  ভাৰতীয় সেনাৰ চাকৰিৰ   লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁ চিকিৎসা পৰীক্ষাত বিফল হৈছিল। তেতিয়াৰে পৰা তেওঁ কৰ্মসংস্থাপন  বিচাৰি বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছে। কিন্তু কোনো লাভ হোৱা নাই । যুৱকজনে কৰ্ম সংস্থাপন  বিচাৰি প্ৰধানমন্ত্ৰীক লগ কৰিব বিচাৰিছিল। যুৱকজনৰ  মানসিক স্বাস্থ্যৰ বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু