--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিবনুৱা সমস্যাই এতিয়া দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।এনে সময়তে খোদ নিজৰ সমষ্টিতে নিবনুৱা যুৱকৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী মোদী।  পঞ্জাৱৰ পিছত এইবাৰ নিজৰ সমষ্টিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থা  পুনৰ উলংঘন হ’ল।  

ভাৰতীয় সেনাত চাকৰি প্ৰদানৰ  দাবীত এজন যুৱকে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জঁপিয়াই  দিয়াৰ ঘটনাই প্ৰত্ৰিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱকজনে প্ৰধানমন্ত্ৰীৰ গাড়ীৰ পৰা মাত্ৰ ২০ মিটাৰ দূৰত এনেদৰে জঁপিয়াই দিয়ে।  লগে লগে হুৱা-দুৱা লাগে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বতত থকা নিৰাপত্তাৰক্ষীয়ে অৱশ্যে যুৱকজনক তৎক্ষণাৎ আঁতৰাই নিয়ে। 

প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচী হাতত লৈ বাৰাণসীলৈ গৈছে। তেওঁৰ কনভয় ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰৰ পৰা গৈ থকাৰ সময়তে এই এঘটন ঘটে।   প্ৰধানমন্ত্ৰীৰ কনভয় তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰ পোৱাৰ আগতে যুৱক জনে কনভয়ৰ সন্মুখত জঁপিয়াই দিয়ে। অৱশ্যে সৌভাগ্যক্ৰমে যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে। ।

 তেওঁক লগে লগে সুৰক্ষা কৰ্মীয়ে আটক কৰে। যুৱকজনক ইতিমধ্যে সোধা-পোছা কৰা হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি যুৱকজনক কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। তেওঁ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ বাৰাণসীলৈ আহিছিল। আৰক্ষীৰ জেৰাৰ সময়ত যুৱক জনে কয় যে তেওঁ  ভাৰতীয় সেনাৰ চাকৰিৰ   লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁ চিকিৎসা পৰীক্ষাত বিফল হৈছিল। তেতিয়াৰে পৰা তেওঁ কৰ্মসংস্থাপন  বিচাৰি বিভিন্ন ব্যক্তিৰ ওচৰলৈ গৈছে। কিন্তু কোনো লাভ হোৱা নাই । যুৱকজনে কৰ্ম সংস্থাপন  বিচাৰি প্ৰধানমন্ত্ৰীক লগ কৰিব বিচাৰিছিল। যুৱকজনৰ  মানসিক স্বাস্থ্যৰ বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক