--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাৰ সৈতে বিদেশৰ সম্পৰ্ক বিচাৰি পাইছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়া(এনআইএ)ই! এনআইএয়ে এই সন্দৰ্ভত এজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ ককৰি সোধা-পোছাৰ বাবে দিল্লীলৈ নিছে। মণিপুৰত চলি থকা জাতিগত হিংসাৰ সুযোগ লৈ ম্যানমাৰৰ বি্‌ৰোহী সংগঠনসমূহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা  আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ তচনা কৰাৰ অভিযোগত নিয়াই  সন্দেহযুক্ত উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰিছে। 

মইৰাংথেম আনন্দ সিং নামৰ লোকজনক  মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোধা-পোছাৰ বাবে নতুন দিল্লীলৈ নিয়া  হৈছে বুলি নিয়াৰ  এজন মুখপাত্ৰই কয়।নিয়াৰ মুখপাত্ৰগৰাকীয়ে কয় "মণিপুৰ আৰক্ষীয়ে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা পাঁচজন অভিযুক্তৰ ভিতৰত আনন্দ সিঙো আছিল। তেওঁৰ গ্ৰেপ্তাৰৰ পিছতে  ৰাজ্যখনৰ বহু লোকে প্ৰতিবাদ কৰিছিল। প্ৰতিবাদকাৰী লোকসকলে  দাবী কৰিছিল যে সিং  গাওঁৰক্ষী বাহিনীৰ কৰ্মীসকলৰ মাজৰে এজন।’’ উল্লেখ্য একাংশ লোকৰ হিংসাত্মক প্ৰতিবাদৰ পিছত  পাঁচজন অভিযুক্তক শুক্ৰবাৰে স্থানীয় আদালতে জামিন প্ৰদান কৰিছিল।

কিন্তু ইয়াৰ পিছতে আনন্দ সিঙক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দিল্লীলৈ নিয়াৰ আগতে এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল। মণিপুৰত চলি থকা জাতিগত অস্থিৰতাৰ সুযোগ লৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ম্যানমাৰৰ বিদ্ৰোহী গোটসমূহৰ নেতৃত্বই ৰচনা কৰা এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত এটা গোচৰত আনন্দ সিং নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে বুুলি নিয়াই স্পষ্ট কৰি দিছে।  অনুসন্ধানত প্ৰকাশ পাইছে যে ষড়যন্ত্ৰৰ অংশ হিচাপে নিষিদ্ধ উগ্ৰপন্থী গোটবোৰে ৰাজ্যখনৰ বৰ্তমানৰ অস্থিৰতাৰ সুযোগ লৈ নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবলৈ   কেডাৰ আৰু সমৰ্থকসকলক নিয়োগ কৰিছে।

আনন্দ সিঙক  দিল্লীলৈ লৈ যোৱাৰ পিছতে  আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে  তেওঁক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য মণিপুৰত আনন্দ সিঙকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে একাংশ  প্ৰতিবাদকাৰীয়ে ইম্ফলৰ আৰক্ষী চকীত প্ৰৱেশ কৰি আক্ৰমণৰ চেষ্টা কৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ