--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাৰ সৈতে বিদেশৰ সম্পৰ্ক বিচাৰি পাইছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়া(এনআইএ)ই! এনআইএয়ে এই সন্দৰ্ভত এজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ ককৰি সোধা-পোছাৰ বাবে দিল্লীলৈ নিছে। মণিপুৰত চলি থকা জাতিগত হিংসাৰ সুযোগ লৈ ম্যানমাৰৰ বি্‌ৰোহী সংগঠনসমূহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা  আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ তচনা কৰাৰ অভিযোগত নিয়াই  সন্দেহযুক্ত উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰিছে। 

মইৰাংথেম আনন্দ সিং নামৰ লোকজনক  মণিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোধা-পোছাৰ বাবে নতুন দিল্লীলৈ নিয়া  হৈছে বুলি নিয়াৰ  এজন মুখপাত্ৰই কয়।নিয়াৰ মুখপাত্ৰগৰাকীয়ে কয় "মণিপুৰ আৰক্ষীয়ে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লুণ্ঠন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা পাঁচজন অভিযুক্তৰ ভিতৰত আনন্দ সিঙো আছিল। তেওঁৰ গ্ৰেপ্তাৰৰ পিছতে  ৰাজ্যখনৰ বহু লোকে প্ৰতিবাদ কৰিছিল। প্ৰতিবাদকাৰী লোকসকলে  দাবী কৰিছিল যে সিং  গাওঁৰক্ষী বাহিনীৰ কৰ্মীসকলৰ মাজৰে এজন।’’ উল্লেখ্য একাংশ লোকৰ হিংসাত্মক প্ৰতিবাদৰ পিছত  পাঁচজন অভিযুক্তক শুক্ৰবাৰে স্থানীয় আদালতে জামিন প্ৰদান কৰিছিল।

কিন্তু ইয়াৰ পিছতে আনন্দ সিঙক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দিল্লীলৈ নিয়াৰ আগতে এক অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল। মণিপুৰত চলি থকা জাতিগত অস্থিৰতাৰ সুযোগ লৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ম্যানমাৰৰ বিদ্ৰোহী গোটসমূহৰ নেতৃত্বই ৰচনা কৰা এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত এটা গোচৰত আনন্দ সিং নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে বুুলি নিয়াই স্পষ্ট কৰি দিছে।  অনুসন্ধানত প্ৰকাশ পাইছে যে ষড়যন্ত্ৰৰ অংশ হিচাপে নিষিদ্ধ উগ্ৰপন্থী গোটবোৰে ৰাজ্যখনৰ বৰ্তমানৰ অস্থিৰতাৰ সুযোগ লৈ নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিবলৈ আৰু তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবলৈ   কেডাৰ আৰু সমৰ্থকসকলক নিয়োগ কৰিছে।

আনন্দ সিঙক  দিল্লীলৈ লৈ যোৱাৰ পিছতে  আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে  তেওঁক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখ্য মণিপুৰত আনন্দ সিঙকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে একাংশ  প্ৰতিবাদকাৰীয়ে ইম্ফলৰ আৰক্ষী চকীত প্ৰৱেশ কৰি আক্ৰমণৰ চেষ্টা কৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল