--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ বছৰ বয়সত সাধাৰণতে বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহে যদিও সেই একে বয়সতে এগৰাকী ছাত্ৰই লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী৷ কথাষাৰ আচৰিত যেন লাগিলেও সঁচা৷  হায়দৰাবাদৰ এগৰাকী ছাত্ৰ অগস্ত্য জয়ছোৱালে৷ অগস্ত্য  ১৬ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সকলোকে আচৰিত কৰি তুলিছে।

 অগস্ত্যই ইমান কম বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম গৰাকী ছাত্ৰ হিচাবে স্বীকৃতি লাভ কৰিছে।উল্লেখ্য  ইয়াৰ পূৰ্বে ১৪ বছৰ বয়সতে স্নাতক হোৱাৰ সময়তো অগস্ত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।স্নাতক হোৱাৰ পিছত অগস্ত্যই সমাজ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পৰীক্ষাৰ বাবে ওচমানিয়া বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল।তেওঁৰ এই সাফল্যৰ ক্ষেত্ৰত ছাত্ৰ জনে কয় "মোৰ মা-দেউতা মোৰ শিক্ষক। মোৰ দেউতা অশ্বিনী কুমাৰ জয়ছোৱাল আৰু মাতৃ ভাগ্যলক্ষ্মী জয়ছোৱালে মোক জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিকাইছে। মই তেওঁলোকৰ অবিহনে একো ভাবিব নোৱাৰো। "

অগস্ত্যৰ পৰিয়ালৰ সদস্যসকলে কয় যে অগস্ত্য সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল। খুব কম বয়সতে তেওঁ এক মিনিটত এ টু জেড ক’ব পৰা হৈছিল।তেওঁৰ বুদ্ধিমত্তাৰ বাবেই তেওঁক বিদ্যালয়ত ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়া হৈছিল৷ অগস্ত্য তেওঁৰ প্ৰতিভাৰ বাবে সকলোৰে মাজত অতি জনপ্ৰিয়। অৱশ্যে, কেৱল অধ্যয়নতে নহয়, অগস্ত্যই দুয়োখন হাতেৰে সমানে লিখিব পাৰে। তেওঁ ভাল টেনিছো খেলে। অগস্ত্যৰ ভায়েক এজন আন্তৰ্জাতিক টেবুল টেনিছ খেলুৱৈ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক