--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ বছৰ বয়সত সাধাৰণতে বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহে যদিও সেই একে বয়সতে এগৰাকী ছাত্ৰই লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী৷ কথাষাৰ আচৰিত যেন লাগিলেও সঁচা৷  হায়দৰাবাদৰ এগৰাকী ছাত্ৰ অগস্ত্য জয়ছোৱালে৷ অগস্ত্য  ১৬ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সকলোকে আচৰিত কৰি তুলিছে।

 অগস্ত্যই ইমান কম বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম গৰাকী ছাত্ৰ হিচাবে স্বীকৃতি লাভ কৰিছে।উল্লেখ্য  ইয়াৰ পূৰ্বে ১৪ বছৰ বয়সতে স্নাতক হোৱাৰ সময়তো অগস্ত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।স্নাতক হোৱাৰ পিছত অগস্ত্যই সমাজ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পৰীক্ষাৰ বাবে ওচমানিয়া বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল।তেওঁৰ এই সাফল্যৰ ক্ষেত্ৰত ছাত্ৰ জনে কয় "মোৰ মা-দেউতা মোৰ শিক্ষক। মোৰ দেউতা অশ্বিনী কুমাৰ জয়ছোৱাল আৰু মাতৃ ভাগ্যলক্ষ্মী জয়ছোৱালে মোক জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ শিকাইছে। মই তেওঁলোকৰ অবিহনে একো ভাবিব নোৱাৰো। "

অগস্ত্যৰ পৰিয়ালৰ সদস্যসকলে কয় যে অগস্ত্য সৰুৰে পৰা পঢ়াশুনাত ভাল আছিল। খুব কম বয়সতে তেওঁ এক মিনিটত এ টু জেড ক’ব পৰা হৈছিল।তেওঁৰ বুদ্ধিমত্তাৰ বাবেই তেওঁক বিদ্যালয়ত ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়া হৈছিল৷ অগস্ত্য তেওঁৰ প্ৰতিভাৰ বাবে সকলোৰে মাজত অতি জনপ্ৰিয়। অৱশ্যে, কেৱল অধ্যয়নতে নহয়, অগস্ত্যই দুয়োখন হাতেৰে সমানে লিখিব পাৰে। তেওঁ ভাল টেনিছো খেলে। অগস্ত্যৰ ভায়েক এজন আন্তৰ্জাতিক টেবুল টেনিছ খেলুৱৈ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু