--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত-পাক ক্ৰিকেট শৃংখলাকলৈ অনিশ্চয়তা অব্যাহ আছে৷ কিছুদিন পূৰ্বে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই কৈছিল যে যদি এছিয়া কাপ খেলিবলৈ ভাৰতীয় দলটোৱে পাকিস্তান নাহে তেন্তে  পাকিস্তানৰ খেলুৱৈসকলেও ভাৰতলৈ খেলিবলৈ নাযায়৷ সেয়ে এনে পৰিস্থিতিত ভাৰত-পাকিস্তান ক্ৰিকেটক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে৷  

অহা বছৰ ভাৰতত অনুষ্ঠিত হ'বলগীয়া ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা আজিও অব্যাহত আছে। ইয়াৰ মাজতে  বিচিচিআইয়ে দাবী কৰিছে যে এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে এখন নিৰপেক্ষ দেশত অনুষ্ঠিত হ'ব লাগিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰেও  ভাৰত-পাক ক্ৰিকেটকলৈ মুখ খুলিছে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "সকলোৱে  চৰকাৰৰ স্থিতিৰ বিষয়ে অৱগত। কি হয় সময়ত দেখা যাব । '

তেওঁ কয় "মই ক'ব বিচাৰো যে আমি কেতিয়াও স্বীকাৰ কৰা উচিত নহয় যে এখন দেশে  সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ  অধিকাৰ আছে। আমি এনে কাৰ্যক  বৈধতা প্ৰদান কৰিব  নোৱাৰো। আমি সন্ত্ৰাসবাদক সমৰ্থন কৰা  দেশৰ ওপৰত আন্তৰ্জাতিক চাপ বৰ্তাই ৰাখিব লাগিব। যদি সন্ত্ৰাসবাদৰ ভুক্তভোগীসকলে মাত মাতে তেন্তে এই চাপ অব্যাহত থাকিব। সন্ত্ৰাসবাদৰ কাৰণে বহু ৰক্তপাত হৈছে। লেইলকল ভুক্তভোগীক আমি  নেতৃত্ব দিব লাগিব। '

পাকিস্তানৰে দ্বিপাক্ষিক আলোচনা সন্দৰ্ভত জয়শংকৰে কয়, "ই এক জটিল বিষয়। যদি মই আপোনাৰ মূৰত বন্দুক ৰাখোঁ তেন্তে আপুনি মোৰ সৈতে কথা পাতিব নেকি? যদি আপোনাৰ চুবুৰীয়াই মুকলিকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰে... আমি কেতিয়াও ভবা উচিত নহয় যে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ নিৰ্মূল হ’ব। মোক এটা  উদাহৰণ দিয়ক য'ত এজন চুবুৰীয়াই আন এজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে। তেনে কোনো উদাহৰণ নাই। ' 

ইয়াৰ পূৰ্বে, পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই কৈছিল যে যদি এছিয়া কাপ পাকিস্তানৰ পৰা আঁতৰাই নিয়া হয়  বা যদি ভাৰতে পাকিস্তানলৈ খেলিবলৈ  নাহে, তেন্তে পাকিস্তানেও বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিব পাৰে। আনহাতে  বিচিচিআইৰ সচিব জয় শ্বাহে কৈছিল যে ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ কেতিয়াও নাযায়৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক