--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত-পাক ক্ৰিকেট শৃংখলাকলৈ অনিশ্চয়তা অব্যাহ আছে৷ কিছুদিন পূৰ্বে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই কৈছিল যে যদি এছিয়া কাপ খেলিবলৈ ভাৰতীয় দলটোৱে পাকিস্তান নাহে তেন্তে  পাকিস্তানৰ খেলুৱৈসকলেও ভাৰতলৈ খেলিবলৈ নাযায়৷ সেয়ে এনে পৰিস্থিতিত ভাৰত-পাকিস্তান ক্ৰিকেটক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে৷  

অহা বছৰ ভাৰতত অনুষ্ঠিত হ'বলগীয়া ৫০ অভাৰৰ বিশ্বকাপত পাকিস্তানৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা আজিও অব্যাহত আছে। ইয়াৰ মাজতে  বিচিচিআইয়ে দাবী কৰিছে যে এছিয়া কাপ পাকিস্তানৰ পৰিৱৰ্তে এখন নিৰপেক্ষ দেশত অনুষ্ঠিত হ'ব লাগিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰেও  ভাৰত-পাক ক্ৰিকেটকলৈ মুখ খুলিছে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "সকলোৱে  চৰকাৰৰ স্থিতিৰ বিষয়ে অৱগত। কি হয় সময়ত দেখা যাব । '

তেওঁ কয় "মই ক'ব বিচাৰো যে আমি কেতিয়াও স্বীকাৰ কৰা উচিত নহয় যে এখন দেশে  সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ  অধিকাৰ আছে। আমি এনে কাৰ্যক  বৈধতা প্ৰদান কৰিব  নোৱাৰো। আমি সন্ত্ৰাসবাদক সমৰ্থন কৰা  দেশৰ ওপৰত আন্তৰ্জাতিক চাপ বৰ্তাই ৰাখিব লাগিব। যদি সন্ত্ৰাসবাদৰ ভুক্তভোগীসকলে মাত মাতে তেন্তে এই চাপ অব্যাহত থাকিব। সন্ত্ৰাসবাদৰ কাৰণে বহু ৰক্তপাত হৈছে। লেইলকল ভুক্তভোগীক আমি  নেতৃত্ব দিব লাগিব। '

পাকিস্তানৰে দ্বিপাক্ষিক আলোচনা সন্দৰ্ভত জয়শংকৰে কয়, "ই এক জটিল বিষয়। যদি মই আপোনাৰ মূৰত বন্দুক ৰাখোঁ তেন্তে আপুনি মোৰ সৈতে কথা পাতিব নেকি? যদি আপোনাৰ চুবুৰীয়াই মুকলিকৈ সন্ত্ৰাসবাদক সমৰ্থন কৰে... আমি কেতিয়াও ভবা উচিত নহয় যে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ নিৰ্মূল হ’ব। মোক এটা  উদাহৰণ দিয়ক য'ত এজন চুবুৰীয়াই আন এজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে। তেনে কোনো উদাহৰণ নাই। ' 

ইয়াৰ পূৰ্বে, পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই কৈছিল যে যদি এছিয়া কাপ পাকিস্তানৰ পৰা আঁতৰাই নিয়া হয়  বা যদি ভাৰতে পাকিস্তানলৈ খেলিবলৈ  নাহে, তেন্তে পাকিস্তানেও বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰিব পাৰে। আনহাতে  বিচিচিআইৰ সচিব জয় শ্বাহে কৈছিল যে ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ কেতিয়াও নাযায়৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু