--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত বিজুলি গতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ! দৈনিক কৰো’না সংক্ৰমণৰ গ্ৰাফে আতংক বৃদ্ধি কৰিছে।  দৈনিক সংক্ৰমণ ২০,০০০ লৈ বৃদ্ধি পাইছে। একে সময়তে, সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও উদ্বেগজনক।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৮,৮১৯ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। এদিনত ৩৯ গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰ সৈতে, মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৫,১১৬ গৰাকী।

দেশত সক্ৰিয় কৰো’না ৰোগীৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে। বৰ্তমান, দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১,০৪,৫৫৫ গৰাকী। দৈনিক পজিটিভি হাৰ ৪.১৬ শতাংশত উপনীত হৈছে।  মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

বুধবাৰে, দেশখনত ১৪,৫০৬ গৰাকী লোক নতুনকৈ কভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। বুধবাৰে দিনটোত দেশত ৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। কালি দেশত মুঠ ক’ভিড গোচৰৰ সংখ্যা আছিল ৯৯,৬০২। দেশৰ কভিড পজিটিভিটিৰ হাৰ ৩.৩৫ শতাংশ। মহাৰাষ্ট্ৰত কৰো’না সংক্ৰমণ বৃদ্ধি পাইছে। এদিনত, ,৪৮২ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল। কেৱল মুম্বাইত, ১২৮০ গৰাকী লোক ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে।

এনে পৰিস্থিতিত, বিশেষজ্ঞসকলে শিশুসকলৰ মাজত টিকাকৰণৰ হাৰ বৃদ্ধিৰ পোষকতা কৰিছে। চিকিৎসক ৰাহুল নাগপালৰ মতে, শিশুৰ জৰিয়তে পৰিয়ালৰ আন সদস্য সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। ই বৃদ্ধ আৰু ৰোগীসকলৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে, টিকাকৰণৰ ওপৰত প্ৰাধন্য দিয়া হৈছে। অৱশ্যে, সাত বছৰৰ তলৰ শিশুক টিকাকৰণ কৰাত গুৰুত্ব আৰোপ কৰা নাই স্বাস্থ্য বিভাগে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ