--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশত বিজুলি গতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ! দৈনিক কৰো’না সংক্ৰমণৰ গ্ৰাফে আতংক বৃদ্ধি কৰিছে।  দৈনিক সংক্ৰমণ ২০,০০০ লৈ বৃদ্ধি পাইছে। একে সময়তে, সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও উদ্বেগজনক।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৮,৮১৯ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। এদিনত ৩৯ গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰ সৈতে, মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৫,১১৬ গৰাকী।

দেশত সক্ৰিয় কৰো’না ৰোগীৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে। বৰ্তমান, দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১,০৪,৫৫৫ গৰাকী। দৈনিক পজিটিভি হাৰ ৪.১৬ শতাংশত উপনীত হৈছে।  মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

বুধবাৰে, দেশখনত ১৪,৫০৬ গৰাকী লোক নতুনকৈ কভিডৰ দ্বাৰা সংক্ৰমিত হৈছে। বুধবাৰে দিনটোত দেশত ৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। কালি দেশত মুঠ ক’ভিড গোচৰৰ সংখ্যা আছিল ৯৯,৬০২। দেশৰ কভিড পজিটিভিটিৰ হাৰ ৩.৩৫ শতাংশ। মহাৰাষ্ট্ৰত কৰো’না সংক্ৰমণ বৃদ্ধি পাইছে। এদিনত, ,৪৮২ গৰাকী লোক কৰো’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল। কেৱল মুম্বাইত, ১২৮০ গৰাকী লোক ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে।

এনে পৰিস্থিতিত, বিশেষজ্ঞসকলে শিশুসকলৰ মাজত টিকাকৰণৰ হাৰ বৃদ্ধিৰ পোষকতা কৰিছে। চিকিৎসক ৰাহুল নাগপালৰ মতে, শিশুৰ জৰিয়তে পৰিয়ালৰ আন সদস্য সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। ই বৃদ্ধ আৰু ৰোগীসকলৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে, টিকাকৰণৰ ওপৰত প্ৰাধন্য দিয়া হৈছে। অৱশ্যে, সাত বছৰৰ তলৰ শিশুক টিকাকৰণ কৰাত গুৰুত্ব আৰোপ কৰা নাই স্বাস্থ্য বিভাগে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ