--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কোভিডে পুনৰ কালৰূপ ধৰি সংক্ৰমিত হৈছে৷ বিগত ৭ টা দিনত দেশৰ ৭৫ হাজাৰৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে৷একেদৰে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা এসপ্তাহত প্ৰায় ৭৫,০০০ লোক নতুনকৈ  কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত  হৈছে। একে সময়তে কোভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। বংগৰ পৰিস্থিতিও উদ্বেগজনক হৈ পৰিছে। যোৱা ২৪  ঘণ্টাত ২,০০০ ৰো অধিক লোক কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে।

অৱশ্যে যোৱা ২৪  ঘণ্টাত  ৭,০০০ৰো অধিক লোক কৰোনাত সংক্ৰমিত হৈছে। বৰ্তমান দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৬৫,৬৮৩ গৰাকী। ইতিবাচকৰ  হাৰ  অলপ হ্ৰাস পাইছে। অৱশ্যে, যোৱা সপ্তাহৰ পৰিসংখ্যা উদ্বেগজনক আছিল। আঠ মাহত প্ৰথমবাৰৰ বাবে, কোভিড-১৯ ৰোগীৰ সংখ্যা এসপ্তাহত ৭৫,০০০ ৰ সীমাত উপনীত হৈছে।

বংগত যোৱা এসপ্তাহত কৰোনা ৰোগীৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।  অৱশ্যে সামগ্ৰিকভাৱে পূৱ ভাৰতত কৰোনা ৰোগীৰ সংখ্যা ভয়াৱহভাবে বৃদ্ধি হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা কেইদিনমানত কোভিডৰ পৰা পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮ শতাংশ।

আনহাতে, সমগ্ৰ বিশ্বতে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে৷  মেক্সিকোৰ ৰাষ্ট্ৰপতি এণ্ড্ৰিছ মেনুৱেল লোপেজ তৃতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হৈছে।দেশৰ উচ্চতম ন্যায়ালয়ত পুনৰ কোভিডে ত্ৰাসৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে শীৰ্ষ ন্যায়ালয় খনৰ কমেও পাঁচগৰাকী ন্যায়াধীশ কোভিডত আক্ৰান্ত হৈছে। 

কোভিড আক্ৰান্ত ন্যায়াধীশসকলৰ ভিতৰত আছে ন্যায়াধীশ ৰবীন্দ্ৰ এছ ভাট, সঞ্জীৱ খান্না, অনিৰুদ্ধ বসু, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ ৷ আন এগৰাকী বিচাৰক সূৰ্য কান্ত যোৱা সপ্তাহত কোভিডৰ পৰা আৰোগ্য হৈছে। ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে শেহতীয়াকৈ  সমকামী বিবাহ গোচৰত সংবিধান বিচাৰপীঠত শুনানি গ্ৰহণ কৰাৰ কথা আছিল। উল্লেখ্য বৃহস্পতিবাৰৰ লৈকে সমকামী গোচৰটোৰ শুনানি হৈ আছিল। ন্যায়াধীশ ভাট সেই শুনানিত আন ন্যায়াধীশসকলৰ সৈতে একেলগে বহিছিল। স্বাভাৱিকতে সেয়ে আন ন্যায়াধীশসকলেও এতিয়া কোভিডত সংক্ৰমিত হোৱাৰ আশংকাত ভুগিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ