--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কোভিডে পুনৰ কালৰূপ ধৰি সংক্ৰমিত হৈছে৷ বিগত ৭ টা দিনত দেশৰ ৭৫ হাজাৰৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে৷একেদৰে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা এসপ্তাহত প্ৰায় ৭৫,০০০ লোক নতুনকৈ  কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত  হৈছে। একে সময়তে কোভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। বংগৰ পৰিস্থিতিও উদ্বেগজনক হৈ পৰিছে। যোৱা ২৪  ঘণ্টাত ২,০০০ ৰো অধিক লোক কোভিড-১৯ৰ পৰা আৰোগ্য হৈছে।

অৱশ্যে যোৱা ২৪  ঘণ্টাত  ৭,০০০ৰো অধিক লোক কৰোনাত সংক্ৰমিত হৈছে। বৰ্তমান দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৬৫,৬৮৩ গৰাকী। ইতিবাচকৰ  হাৰ  অলপ হ্ৰাস পাইছে। অৱশ্যে, যোৱা সপ্তাহৰ পৰিসংখ্যা উদ্বেগজনক আছিল। আঠ মাহত প্ৰথমবাৰৰ বাবে, কোভিড-১৯ ৰোগীৰ সংখ্যা এসপ্তাহত ৭৫,০০০ ৰ সীমাত উপনীত হৈছে।

বংগত যোৱা এসপ্তাহত কৰোনা ৰোগীৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।  অৱশ্যে সামগ্ৰিকভাৱে পূৱ ভাৰতত কৰোনা ৰোগীৰ সংখ্যা ভয়াৱহভাবে বৃদ্ধি হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা কেইদিনমানত কোভিডৰ পৰা পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮ শতাংশ।

আনহাতে, সমগ্ৰ বিশ্বতে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে৷  মেক্সিকোৰ ৰাষ্ট্ৰপতি এণ্ড্ৰিছ মেনুৱেল লোপেজ তৃতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হৈছে।দেশৰ উচ্চতম ন্যায়ালয়ত পুনৰ কোভিডে ত্ৰাসৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে শীৰ্ষ ন্যায়ালয় খনৰ কমেও পাঁচগৰাকী ন্যায়াধীশ কোভিডত আক্ৰান্ত হৈছে। 

কোভিড আক্ৰান্ত ন্যায়াধীশসকলৰ ভিতৰত আছে ন্যায়াধীশ ৰবীন্দ্ৰ এছ ভাট, সঞ্জীৱ খান্না, অনিৰুদ্ধ বসু, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰ ৷ আন এগৰাকী বিচাৰক সূৰ্য কান্ত যোৱা সপ্তাহত কোভিডৰ পৰা আৰোগ্য হৈছে। ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে শেহতীয়াকৈ  সমকামী বিবাহ গোচৰত সংবিধান বিচাৰপীঠত শুনানি গ্ৰহণ কৰাৰ কথা আছিল। উল্লেখ্য বৃহস্পতিবাৰৰ লৈকে সমকামী গোচৰটোৰ শুনানি হৈ আছিল। ন্যায়াধীশ ভাট সেই শুনানিত আন ন্যায়াধীশসকলৰ সৈতে একেলগে বহিছিল। স্বাভাৱিকতে সেয়ে আন ন্যায়াধীশসকলেও এতিয়া কোভিডত সংক্ৰমিত হোৱাৰ আশংকাত ভুগিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন