--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছ চৰকাৰৰ অন্তিম দিনৰ গণনা আৰম্ভ হৈছে আৰু বৰ্তমানৰ চৰকাৰ খনক  ক্ষমতাচ্যুত নকৰালৈকে  বিজেপিৰ যুঁজ বন্ধ নহ'ব৷  দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে ঘোষণা কৰে৷ তেলেংগানাৰ চেভেল্লাত "বিজয় সংকল্প সভা"ত ভাষণ দি শ্বাহে কয় যে যদি তেলেংগানাত বিজেপি শাসনলৈ আহে, তেন্তে মুছলমানসকলৰ বাবে সংৰক্ষণ বাতিল কৰা হ'ব।

 উল্লেখ্য চলিত বৰ্ষৰ  শেষৰ ফালে দক্ষিণৰ ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্বাহে কয় যে কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী হোৱৰ সপোন দেখিছে। প্ৰধানমন্ত্ৰী হোৱাৰ তেওঁৰ সপোন কেতিয়াও পূৰণ নহ'ব ৷ কিয়নো কোনো খালী পদ নাই৷  শ্বাহে কয় যে তেলেংগানাৰ জনসাধাৰণেও জানে যে প্ৰধানমন্ত্ৰীৰ পদটো খালী নহয়। শ্বাহে কয় " ২০২৪ চনতো নৰেন্দ্ৰ মোদী পুনৰ  পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে", শ্বাহে কয়। শ্বাহে লগতে অভিযোগ কৰে যে কেচিআৰে  তেলেংগানাক তেওঁৰ পৰিয়ালৰ বাবে "এটিএম" হিচাপে ব্যৱহাৰ কৰিছে৷

 শ্বাহে কয়, "যোৱা আঠ-ন বছৰ ধৰি তেলেংগানাত  দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলাই থকা শাসনাধিষ্ঠিত বিআৰএছৰ অন্তিম দিনৰ গণনা আৰম্ভ হৈছে।" তেলেংগানাত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু দুৰ্নীতিগ্ৰস্তসকলক কাৰাগাৰৰ ভিতৰত ৰখা হ'ব বুলিও শ্বাহে তেওঁৰ ভাষণত  কয়। শ্বাহে কয় "তেলেংগানাৰ লোকসকলে কেচিআৰ আৰু তেওঁৰ  পাৰিয়ালৰ  দুৰ্নীতিৰ বিষয়ে জানিব পাৰিছে। চৰকাৰী পুঁজিৰ বৃহৎ অপব্যৱহাৰ কৰা হৈছে... " ৷

পাৰ্টি। তেওঁ অভিযোগ কৰিছিল যে তেলেংগানাত আৰক্ষী আৰু প্ৰশাসনক সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী  শেহতীয়াকৈ তেলেংগানা বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ বান্দি সঞ্জয় কুমাৰক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত শ্বাহে কয় যে দলীয় কৰ্মীসকলক এনে কাৰ্য্যৰই হতাশ কৰা কৰিব পৰা নাই।" শ্বাহে কয় "আজি মই কেচিআৰক সুধিব বিচাৰো যে বান্দি সঞ্জয়ৰ দোষ কি আছিল? তেওঁ যুৱক-যুৱতীসকলৰ অধিকাৰৰ বিৰুদ্ধে মাত মাতিছিল। আপুনি বান্দি সঞ্জয়ক কাৰাগাৰত ৰাখিছে আৰু আদালতে তেওঁক ২৪ ঘণ্টাৰ ভিতৰতে জামিন প্ৰদান কৰিছে। " 

তেলেংগানাত  বিজেপি চৰকাৰ হ'লে  অসাংবিধানিক মুছলমান সংৰক্ষণ বাতিল কৰা হ'ব। শ্বাহে কয় যে এই অধিকাৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ আৰু তেওঁলোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিব আৰু বিজেপিয়ে  মুছলমান সংৰক্ষণ বাতিল কৰিব৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement