--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাত কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন বিআৰএছ চৰকাৰৰ অন্তিম দিনৰ গণনা আৰম্ভ হৈছে আৰু বৰ্তমানৰ চৰকাৰ খনক  ক্ষমতাচ্যুত নকৰালৈকে  বিজেপিৰ যুঁজ বন্ধ নহ'ব৷  দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে ঘোষণা কৰে৷ তেলেংগানাৰ চেভেল্লাত "বিজয় সংকল্প সভা"ত ভাষণ দি শ্বাহে কয় যে যদি তেলেংগানাত বিজেপি শাসনলৈ আহে, তেন্তে মুছলমানসকলৰ বাবে সংৰক্ষণ বাতিল কৰা হ'ব।

 উল্লেখ্য চলিত বৰ্ষৰ  শেষৰ ফালে দক্ষিণৰ ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। শ্বাহে কয় যে কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী হোৱৰ সপোন দেখিছে। প্ৰধানমন্ত্ৰী হোৱাৰ তেওঁৰ সপোন কেতিয়াও পূৰণ নহ'ব ৷ কিয়নো কোনো খালী পদ নাই৷  শ্বাহে কয় যে তেলেংগানাৰ জনসাধাৰণেও জানে যে প্ৰধানমন্ত্ৰীৰ পদটো খালী নহয়। শ্বাহে কয় " ২০২৪ চনতো নৰেন্দ্ৰ মোদী পুনৰ  পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে", শ্বাহে কয়। শ্বাহে লগতে অভিযোগ কৰে যে কেচিআৰে  তেলেংগানাক তেওঁৰ পৰিয়ালৰ বাবে "এটিএম" হিচাপে ব্যৱহাৰ কৰিছে৷

 শ্বাহে কয়, "যোৱা আঠ-ন বছৰ ধৰি তেলেংগানাত  দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলাই থকা শাসনাধিষ্ঠিত বিআৰএছৰ অন্তিম দিনৰ গণনা আৰম্ভ হৈছে।" তেলেংগানাত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু দুৰ্নীতিগ্ৰস্তসকলক কাৰাগাৰৰ ভিতৰত ৰখা হ'ব বুলিও শ্বাহে তেওঁৰ ভাষণত  কয়। শ্বাহে কয় "তেলেংগানাৰ লোকসকলে কেচিআৰ আৰু তেওঁৰ  পাৰিয়ালৰ  দুৰ্নীতিৰ বিষয়ে জানিব পাৰিছে। চৰকাৰী পুঁজিৰ বৃহৎ অপব্যৱহাৰ কৰা হৈছে... " ৷

পাৰ্টি। তেওঁ অভিযোগ কৰিছিল যে তেলেংগানাত আৰক্ষী আৰু প্ৰশাসনক সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী  শেহতীয়াকৈ তেলেংগানা বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ বান্দি সঞ্জয় কুমাৰক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত শ্বাহে কয় যে দলীয় কৰ্মীসকলক এনে কাৰ্য্যৰই হতাশ কৰা কৰিব পৰা নাই।" শ্বাহে কয় "আজি মই কেচিআৰক সুধিব বিচাৰো যে বান্দি সঞ্জয়ৰ দোষ কি আছিল? তেওঁ যুৱক-যুৱতীসকলৰ অধিকাৰৰ বিৰুদ্ধে মাত মাতিছিল। আপুনি বান্দি সঞ্জয়ক কাৰাগাৰত ৰাখিছে আৰু আদালতে তেওঁক ২৪ ঘণ্টাৰ ভিতৰতে জামিন প্ৰদান কৰিছে। " 

তেলেংগানাত  বিজেপি চৰকাৰ হ'লে  অসাংবিধানিক মুছলমান সংৰক্ষণ বাতিল কৰা হ'ব। শ্বাহে কয় যে এই অধিকাৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ'বিচিৰ আৰু তেওঁলোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিব আৰু বিজেপিয়ে  মুছলমান সংৰক্ষণ বাতিল কৰিব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে