--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাংগালুৰুত এখন শাড়ীৰ বাবেই দুগৰাকী মহিলাই যুদ্ধত লিপ্ত হোৱাৰ কথাই  বহুতোকে ভবাই তুলিছে৷  ঘটনাটো চহৰখনৰ মল্লেশ্বৰমৰ মহীশূৰ ৰেচমৰ বাৰ্ষিক ৰেহাই বিক্ৰীত কেন্দ্ৰত সংঘটিত হৈছে৷ শাড়ীএখনক লৈ হোৱা তৰ্ক এটা সময়ত যুঁজলৈ পৰিৱৰ্তিত হৈছিল। 

ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা  ভিডিঅ'বোৰত দুগৰাকী  মহিলাই  চুলিয়াচুলি কৰি থকা দেখা গৈছে৷   ভিডিঅ'বোৰ ইতিমধ্যে  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোৰ সত্য-সত্যতা অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই৷ 

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ঘটনাটোৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি শিৰোনাম দিছে, "মহীশূৰ ৰেচম শাৰী বাৰ্ষিক বিক্ৰী । দুগৰাকী গ্ৰাহকে শাড়ী এখনৰ বাবে যুঁজি আছে।" ভিডিঅ'টোত, মহিলাসকলক শাড়ীৰ ক্ৰয় কৰি থকাও  দেখা গৈছে৷ সেই সময়তে  হঠাতে এগৰাকী মহিলাই আন এগৰাকীক মাৰিবলৈ আৰম্ভ কৰে৷ ঘটনাটোত নিৰপত্তাৰক্ষীয়ে  হস্তক্ষেপ কৰাৰ লগেতে এগৰাকী মহিলাক টানি  আঁতৰাই নিয়ে৷ 

ঘটনাটোৰ সময়ত বিক্ৰীৰ কাৰণে দোকানৰ ভিতৰত বৃহৎ ভিৰ আছিল৷  উল্লেখ্য মল্লেশ্বৰমৰ বহুতো শাৰী দোকান আছে আৰু তাৰে কিছুমানে বছৰত এবাৰ বৃহৎ ৰেহাই আগবঢ়ায়। বাংগালুৰুৰ এনে বজাৰত প্ৰতি বছৰে বিশাল ভিৰ হয়৷  ধাৰণা কৰা অনুসৰি যুঁজত লিপ্ত হোৱা মহিলাদুগৰাকীয়ে হয়তো একে খন শাড়ীয়েই পছন্দ কৰিছিল৷ ইয়াকেলৈ  তেওঁলোকৰ মাজত চুলিয়াচুলি লাগিব পাৰে৷ যিকি নহওঁক, ঘটনাটোৱে সামাজিক শিষ্টাচাৰকলৈ নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ