ডিজিটেল ডেস্কঃ বাংগালুৰুত এখন শাড়ীৰ বাবেই দুগৰাকী মহিলাই যুদ্ধত লিপ্ত হোৱাৰ কথাই বহুতোকে ভবাই তুলিছে৷ ঘটনাটো চহৰখনৰ মল্লেশ্বৰমৰ মহীশূৰ ৰেচমৰ বাৰ্ষিক ৰেহাই বিক্ৰীত কেন্দ্ৰত সংঘটিত হৈছে৷ শাড়ীএখনক লৈ হোৱা তৰ্ক এটা সময়ত যুঁজলৈ পৰিৱৰ্তিত হৈছিল।
ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ'বোৰত দুগৰাকী মহিলাই চুলিয়াচুলি কৰি থকা দেখা গৈছে৷ ভিডিঅ'বোৰ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোৰ সত্য-সত্যতা অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই৷
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ঘটনাটোৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি শিৰোনাম দিছে, "মহীশূৰ ৰেচম শাৰী বাৰ্ষিক বিক্ৰী । দুগৰাকী গ্ৰাহকে শাড়ী এখনৰ বাবে যুঁজি আছে।" ভিডিঅ'টোত, মহিলাসকলক শাড়ীৰ ক্ৰয় কৰি থকাও দেখা গৈছে৷ সেই সময়তে হঠাতে এগৰাকী মহিলাই আন এগৰাকীক মাৰিবলৈ আৰম্ভ কৰে৷ ঘটনাটোত নিৰপত্তাৰক্ষীয়ে হস্তক্ষেপ কৰাৰ লগেতে এগৰাকী মহিলাক টানি আঁতৰাই নিয়ে৷
ঘটনাটোৰ সময়ত বিক্ৰীৰ কাৰণে দোকানৰ ভিতৰত বৃহৎ ভিৰ আছিল৷ উল্লেখ্য মল্লেশ্বৰমৰ বহুতো শাৰী দোকান আছে আৰু তাৰে কিছুমানে বছৰত এবাৰ বৃহৎ ৰেহাই আগবঢ়ায়। বাংগালুৰুৰ এনে বজাৰত প্ৰতি বছৰে বিশাল ভিৰ হয়৷ ধাৰণা কৰা অনুসৰি যুঁজত লিপ্ত হোৱা মহিলাদুগৰাকীয়ে হয়তো একে খন শাড়ীয়েই পছন্দ কৰিছিল৷ ইয়াকেলৈ তেওঁলোকৰ মাজত চুলিয়াচুলি লাগিব পাৰে৷ যিকি নহওঁক, ঘটনাটোৱে সামাজিক শিষ্টাচাৰকলৈ নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে৷