--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰৰ প্ৰায় ৯৯% কেলচিয়াম হাড়ত জমা হৈ থাকে, আৰু বাকী ১% তেজ, পেশী, আৰু অন্যান্য কলাত পোৱা যায়। মানৱ শৰীৰৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন। শৰীৰত কেলচিয়ামৰ অভাৱৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত গাঁঠিৰ বিষ অন্যতম।

গাঁঠিৰ বিষ এতিয়া বহুত কম বয়সতে দেখা পোৱা যায়। ত্ৰিশৰ দশকতো বহুতে এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। হাড়ৰ সমস্যাই বিভিন্ন সময় ধৰি বহুতো জটিলতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে বিশেষজ্ঞসকলৰ মত অনুসৰি প্ৰতিজন ব্যক্তিয়ে সাৱধান হোৱা উচিত। আনহাতে এই ক্ষেত্ৰত যদি শৰীৰত পৰ্যাপ্ত পৰিমাণে কেলচিয়ামৰ উপস্থিতি থাকে তেন্তে এই সমস্যাৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বুলি উল্লেখ কৰে ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে । উৎস বসু ক্লিনিকৰ মুখ্য ডায়েটিচিয়ান ঈশানী গংগোপাধ্যায়ে মতে প্ৰতিজন মানুহৰে দৈনিক কেলচিয়ামৰ প্ৰয়োজনীয়তা থাকে। এনে ক্ষেত্ৰত পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰতিদিনে ১০০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। কোনবোৰ খাদ্যত এই উপাদান সমুহ থাকে (Calcium Rich Food) জানো আহক।

১) গাখীৰ: গৰুৰ গাখীৰ হৈছে প্ৰচুৰ পৰিমাণে কেলচিয়াম যুক্ত আহাৰ । ইশানী গংগোপাধ্যাৰ মতে ১০০ গ্ৰাম গাখীৰত প্ৰায় ১১৬ মিলিগ্ৰাম কেলচিয়াম থাকে।
২) পনিৰ : পনিৰ হৈছে আন এবিধ দুগ্ধজাত তথা কেলচিয়াম যুক্ত খাদ্য। ইয়াতো প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে তদুপৰি পনিৰ হৈছে আন বহুতো গুণেৰেও ভৰপূৰ গতিকে প্ৰতিজন ব্যক্তিৰ খাদ্য তালিকাত ভাল পৰিমাণৰ পনিৰ ৰাখিব পাৰিলে ভাল।
৩) বুট :আমাৰ বহুতেই বুট খাই ভাল পায়। এতিয়া আপুনি জানি আচৰিত হ’ব যে বুটত কেলচিয়ামৰ পৰিমাণো ভাল। ১০০ গ্ৰাম বুটত প্ৰায় ১৫০ মিলিগ্ৰাম কেলচিয়াম থাকে। আনহাতে এই খাদ্য ডায়েট লিষ্টত ৰাখিব পাৰি।
৪) শাক-পাচলি : পাতল সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে স্বাস্থ্যকৰ, আৰু ইয়াৰে পালেং, কচু, বন্ধাকবিত কেলচিয়ামৰ পৰিমাণ যথেষ্ট।উদাহৰণস্বৰূপে, ১ কাপ (১৯০ গ্ৰাম) সিজোৱা শাক-পাচলিত ২৬৮ মিলিগ্ৰাম কেলচিয়াম থাকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক