--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কালান্তক ৰূপ ধাৰণা কৰি আহিছে কোভিড৷ দেশত প্ৰতিদিনেই নতুনকৈ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত তিনি হাজাৰৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে৷ ভাৰতত কোভিডে উদ্বেগ বৃদ্ধি কৰাৰ সময়তে বিশ্ব স্বাস্থ্যই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত, দেশত ৩,০১৬ গৰাকী  লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। 

বুধবাৰে আক্ৰান্ত লোকৰ  সংখ্যা আছিল ২,১৫১ গৰাকী। অৰ্থাৎ এদিনতে আক্ৰান্তৰ সংখ্যা প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। অধিক উদ্বেগ বৃদ্ধি কৰি দেশৰ দৈনিক ইতিবাচকৰ  হাৰ ২.৭৩ শতাংশলৈ বৃদ্ধি হৈছে। সাপ্তাহিক ইতিবাচকৰ  হাৰও ১.৭১ শতাংশলৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে  বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩,৫০৯ গৰাকী ।

যোৱা ২৪  ঘণ্টাত মাৰাত্মক ভাইৰাছবিধে ছয়জন লোকৰ প্ৰাণহানি ঘটাইছে। মহাৰাষ্ট্ৰত তিনিজন, দিল্লীত দুজন আৰু হাৰিয়ানাত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৮৬২ লৈ বৃদ্ধি হৈছে। 

দেশত শেহতীয়াকৈ অমিক্ৰণ   এক্সবিবি প্ৰকাৰৰ সংক্ৰমণ   বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পুনৰ টিকাকৰণৰ বিষয়ত  নতুন নিৰ্দেশনা জাৰি কৰিছে। কোৱা হৈছে যে কৰোনা ভেকছিনৰ দুটা পালি গ্ৰহণ কৰিলেও পুনৰ এটা নতুন বুষ্টাৰ পালি গ্ৰহণ কৰিব লাগিব।  পূৰ্বৱৰ্তী ভেকছিনৰ পৰা নতুন বুষ্টাৰ পালিৰ ম্যাদ ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত হ'ব লাগে।

 বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিমান সময়ৰ পিছত নতুন বুষ্টাৰ এটা ল'ব লাগে, চিকিৎসকে ৰোগীৰ শৰীৰৰ স্থিতি, ৰোগ প্ৰতিৰোধ প্ৰণালী চাই সিদ্ধান্ত ল'ব। বিজ্ঞানীসকলে দাবী কৰে যে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু এণ্টিবডীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বুষ্টাৰ লোৱাৰ কোনো বিকল্প নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ