--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কালান্তক ৰূপ ধাৰণা কৰি আহিছে কোভিড৷ দেশত প্ৰতিদিনেই নতুনকৈ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই গৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত তিনি হাজাৰৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে৷ ভাৰতত কোভিডে উদ্বেগ বৃদ্ধি কৰাৰ সময়তে বিশ্ব স্বাস্থ্যই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত, দেশত ৩,০১৬ গৰাকী  লোক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। 

বুধবাৰে আক্ৰান্ত লোকৰ  সংখ্যা আছিল ২,১৫১ গৰাকী। অৰ্থাৎ এদিনতে আক্ৰান্তৰ সংখ্যা প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। অধিক উদ্বেগ বৃদ্ধি কৰি দেশৰ দৈনিক ইতিবাচকৰ  হাৰ ২.৭৩ শতাংশলৈ বৃদ্ধি হৈছে। সাপ্তাহিক ইতিবাচকৰ  হাৰও ১.৭১ শতাংশলৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে  বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩,৫০৯ গৰাকী ।

যোৱা ২৪  ঘণ্টাত মাৰাত্মক ভাইৰাছবিধে ছয়জন লোকৰ প্ৰাণহানি ঘটাইছে। মহাৰাষ্ট্ৰত তিনিজন, দিল্লীত দুজন আৰু হাৰিয়ানাত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৮৬২ লৈ বৃদ্ধি হৈছে। 

দেশত শেহতীয়াকৈ অমিক্ৰণ   এক্সবিবি প্ৰকাৰৰ সংক্ৰমণ   বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পুনৰ টিকাকৰণৰ বিষয়ত  নতুন নিৰ্দেশনা জাৰি কৰিছে। কোৱা হৈছে যে কৰোনা ভেকছিনৰ দুটা পালি গ্ৰহণ কৰিলেও পুনৰ এটা নতুন বুষ্টাৰ পালি গ্ৰহণ কৰিব লাগিব।  পূৰ্বৱৰ্তী ভেকছিনৰ পৰা নতুন বুষ্টাৰ পালিৰ ম্যাদ ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত হ'ব লাগে।

 বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিমান সময়ৰ পিছত নতুন বুষ্টাৰ এটা ল'ব লাগে, চিকিৎসকে ৰোগীৰ শৰীৰৰ স্থিতি, ৰোগ প্ৰতিৰোধ প্ৰণালী চাই সিদ্ধান্ত ল'ব। বিজ্ঞানীসকলে দাবী কৰে যে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু এণ্টিবডীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বুষ্টাৰ লোৱাৰ কোনো বিকল্প নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল