--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশত নহয়, এইবাৰ দেশতে, তাকো অসমৰে কাষৰীয়া ত্ৰিপুৰাত বিধানসভাৰ ভিতৰতে অশ্লীল ছবি  উপভোগ কৰাত ব্যস্ত হ’ল জনপ্ৰতিনিধি! ত্ৰিপুৰাৰ  বাগবাচা সমষ্টিৰ বিজেপি বিধায়ক যাদব লাল নাথে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে   পৰ্ণ ছবি উপভোগ কৰি থকাৰ দৃশ্য কেমেৰাত ধৰা পৰিছে।

 ত্ৰিপুৰাৰ বিজেপি বিধায়কগৰাকীয়ে  বিধানসভাৰ অধিৱেশনৰ সময়তে  পৰ্ণ উপভোগ কৰি থকাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।  ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদব লাল নাথে পৰ্ণ উপভোগ কৰাৰ  ভিডিঅ'টো আজিৰ(৩০ মাৰ্চ)ৰ৷  

এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষই বিজেপি বাধায়ক জনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷ ইপিনে এগৰাকী জনপ্ৰতিনিধিয়েই সন্মানীয় সদনৰ ভিতৰত পৰ্ণ ছবি উপভোগ কৰি থকাৰ কথাই সাধাৰণ মানুহকো চিন্তিত কৰি তুলিছে৷ এনে বিধায়কৰ পৰা বেছি একো আশা কৰিব নোৱাৰি বুলি বহুতে মন্তব্য কৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ