ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত পুনৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা৷শুক্ৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত ৪৪০ টা নতুন কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।
ভাৰতত কালিলৈকে পোৱা তথ্য অনুসৰি সক্ৰিয় ঘটনা বৰ্তমান ৩২৯৪টা লৈ বৃদ্ধি হৈছে।আজি পুৱা ৮ বজালৈকে পোৱা তথ্য অনুসৰি ৰাজস্থানৰ পৰা এটা, কৰ্ণাটকৰ পৰা এটা আৰু কেৰালাৰ পৰা এটা মৃত্যুৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ সৈতে কভিড ১৯ত মৃত্যুৰ সংখ্যা ৫,৩০,৭৭৯ জনলৈ বৃদ্ধি পাইছে।আৰু বৰ্তমানলৈকে ভাৰতত হোৱা মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,৪৬,৮৯,৫১২টা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷
তদুপৰি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড-১৯ৰ সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৮০ শতাংশ৷মন্ত্ৰালয়ৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি, দেশজুৰি চলোৱা টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে ২২০.৬৪ কোটি পালি ক’ভিড ভেকছিন প্ৰদান কৰা হৈছে।