--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰাগাৰত বন্দী আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনে কাৰামুক্তি হোৱাৰ পাছত পুনৰ দিয়া হ’ব শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব৷ এই ঘোষণা দিল্লীৰ নতুন শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ৷ মাৰ্লেনাই কয়, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিচাপে সত্যেন্দ্ৰ জৈন আৰু মনীষ চিছোদিয়াই দিল্লীত বিপ্লৱ সাধন কৰিছিল৷ ভগৱান ৰাম যেতিয়া নিৰ্বাসিত হৈছিল তেতিয়া তেওঁৰ ভাতৃ ভাৰতে ৰাজ্যখন চম্ভালিছিল৷ আমিও তেনেদৰেই কাম কৰিম৷

আতিশীয়ে লগতে কয়, যেতিয়া তেওঁলোক কাৰাগাৰৰ পৰা উভতি আহিব তেওঁলোকে তেওঁলোকৰ মন্ত্ৰণালয়ৰ দায়িত্ব ওভতাই ল’ব৷

ইফালে, যমুনা পৰিষ্কৰণ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীজনে কয়, আমি লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ পৰা সহযোগিতা বিচাৰো। আমি বিচাৰো যে তেওঁ কামটো হ'বলৈ দিয়ক। তেওঁ আমাক বাধা দি আছিল কিন্তু আমি কাম কৰি আছিলোঁ। তেওঁলোকৰ ফালৰ পৰা সকলো বাধা ৰখা সত্বেও আমি আমাৰ কাম কৰি আছিলোঁ।

আনহাতে, কেন্দ্ৰই যিধৰণে দিল্লী চৰকাৰক আক্ৰমণ কৰি আছে, ইতিহাসত কেতিয়াও এনেধৰণৰ আক্ৰমণ হোৱা নাই বুলি তেওঁ উল্লেখ কৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত