--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতাৰ প্ৰতিবাদৰ পিছতো  দেশত শীঘ্ৰে কাৰ্যকৰী হ’ব নাগৰিকত্ব (সংশোধনী) আইন৷ নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিয়ে কয়, "এই বিধেয়কখন ৯ ডিচেম্বৰ, ২০১৯ত লোকসভাত গৃহীত হৈছিল। ৰাজ্যসভাত, ইয়াক ১১ ডিচেম্বৰ, ২০১৯ তাৰিখে গৃহীত কৰা হৈছিল। ১২ ডিচেম্বৰত ইয়াক এখন আইন হিচাবে গ্ৰহণ কৰা হৈছিল।২০২০  চনৰ ১০  জানুৱাৰীত, আইনখন কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

 আইন এখন হোৱাৰ পিছত কিছুমান নিয়ময়াৱলী প্ৰস্তুত কৰিব লাগে। লোকসভাৰ সংসদীয়  সমিতিয়ে অহা বছৰৰ ৯ জানুৱাৰীৰ ভিতৰত তেনে নিয়ম নিৰ্ধাৰণ কৰিব৷  ৰাজ্যসভাৰ  সমিতিক ৩০ মাৰ্চ, ২০২৪ৰ সময়সীমা বন্ধি দিয়া হৈছে। তেওঁ জোৰ দি কয় যে নিশ্চিতভাৱে  নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰা হ'ব। উল্লেখ্য এই আইনৰ বিৰুদ্ধে কেইবাটাও  বিৰোধী দলে  উচ্চতম ন্যায়ালয়লৈ গৈছে আৰু আইন খন বাতিল কৰিবলৈ আবেদন দাখিল কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় "আমাৰ বিৰুদ্ধে বিৰোধী দলবোৰে ২২০ খন আৱেদন দাখিল কৰিছে..." ৷ উল্লেখ্য সমগ্ৰ দেশজুৰি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল৷ অসমতো "কা" বিৰোধী আন্দোলনত ৫ জনকলৈ লোকে প্ৰাণ হেৰুৱাইছিল৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত বিৰোধী দলসমূহৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন