--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতাৰ প্ৰতিবাদৰ পিছতো  দেশত শীঘ্ৰে কাৰ্যকৰী হ’ব নাগৰিকত্ব (সংশোধনী) আইন৷ নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিয়ে কয়, "এই বিধেয়কখন ৯ ডিচেম্বৰ, ২০১৯ত লোকসভাত গৃহীত হৈছিল। ৰাজ্যসভাত, ইয়াক ১১ ডিচেম্বৰ, ২০১৯ তাৰিখে গৃহীত কৰা হৈছিল। ১২ ডিচেম্বৰত ইয়াক এখন আইন হিচাবে গ্ৰহণ কৰা হৈছিল।২০২০  চনৰ ১০  জানুৱাৰীত, আইনখন কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

 আইন এখন হোৱাৰ পিছত কিছুমান নিয়ময়াৱলী প্ৰস্তুত কৰিব লাগে। লোকসভাৰ সংসদীয়  সমিতিয়ে অহা বছৰৰ ৯ জানুৱাৰীৰ ভিতৰত তেনে নিয়ম নিৰ্ধাৰণ কৰিব৷  ৰাজ্যসভাৰ  সমিতিক ৩০ মাৰ্চ, ২০২৪ৰ সময়সীমা বন্ধি দিয়া হৈছে। তেওঁ জোৰ দি কয় যে নিশ্চিতভাৱে  নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰা হ'ব। উল্লেখ্য এই আইনৰ বিৰুদ্ধে কেইবাটাও  বিৰোধী দলে  উচ্চতম ন্যায়ালয়লৈ গৈছে আৰু আইন খন বাতিল কৰিবলৈ আবেদন দাখিল কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় "আমাৰ বিৰুদ্ধে বিৰোধী দলবোৰে ২২০ খন আৱেদন দাখিল কৰিছে..." ৷ উল্লেখ্য সমগ্ৰ দেশজুৰি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল৷ অসমতো "কা" বিৰোধী আন্দোলনত ৫ জনকলৈ লোকে প্ৰাণ হেৰুৱাইছিল৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছত বিৰোধী দলসমূহৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষ্যণীয় হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক