--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বহু ঠাই-প্ৰতিষ্ঠানৰ ইতিমধ্যে নাম সলনি কৰা হৈছে৷ এইবাৰ হায়দৰাবাদৰো নাম সলনিৰ প্ৰস্তাৱ দিলে বিজেপিয়ে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই যোৱা বছৰ কৰ্মসমিতিৰ এখন  বৈঠকত হায়দৰাবাদৰ নাম পৰিৱৰ্তনৰ বিষয়টো  উত্থাপন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে  বিধানসভা নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদৰ নাম সলনি কৰাৰ বিষয়টো পুনৰ আলোচনাৰ বিষয় কৰি তুলিছে৷হায়দৰাবাদত এখন ৰাজহুৱা সভাত ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দাবী কৰে যে ৰাজ্য  খনত  ক্ষমতালৈ আহিলে বিজেপিয়ে হায়দৰাবাদৰ নাম সলনি কৰিব।

নতুন নাম হ'ব ভাগ্যনগৰ। ইয়াৰ পূৰ্বে আদিত্যনাথে ২০২০ চনতো হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ  প্ৰচাৰ চলাবলৈ তালৈ গৈছিল। প্ৰচাৰৰ সময়ত তেওঁ হায়দৰাবাদক ভাগ্যনগৰলৈ পৰিণত কৰাৰ বাবেই  বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছিল।

আৰ এছ এছ আৰু বিজেপিৰ বিভিন্ন নেতাই দীৰ্ঘদিন ধৰি হায়দৰাবাদৰ নাম ভাগ্যনগৰ কৰাৰ দাবী জনাই  আহিছে। ২০২০  চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পৌৰ নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদ ভ্ৰমণ কৰিছিল। তেওঁ ভাগ্যলক্ষ্মী মন্দিৰলৈও গৈছিল। বিজেপি নেতাসকলৰ মতে  ভাগ্যলক্ষ্মী মন্দিৰৰ নাম ভাগ্যনগৰৰ পৰাই লোৱা হৈছিল। বহুতে দাবী কৰি আহিছে যে হায়দৰাবাদৰ প্ৰকৃত নাম ভাগ্যনগৰহে আছিল।

ভাগ্যলক্ষ্মী মন্দিৰটো চাৰমিনাৰৰ দক্ষিণ-পূবৰ মিনাৰৰ ওচৰতে আছে। মন্দিৰটো কিমান পুৰণি সেই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই। কাৰণ ইয়াৰ কোনো নিৰ্দিষ্ট ইতিহাস নাই।

অৱশ্যে, মন্দিৰটো  ১৯৬০  চনৰ পৰাই তাত আছে।  চাৰমিনাৰৰ নিৰ্মাণ ১৫৯১ চনত আৰম্ভ হৈছিল। চুলতান মহম্মদ কুলি কুতুব শ্বাহে তেওঁৰ শাসনৰ অধীনৰ অঞ্চলসমূহত প্লেগৰ সমাপ্তিৰ স্মৃতিত এই প্ৰকল্পটো আৰম্ভ কৰিছিল।
চেকেন্দ্ৰাবাদৰ সাংসদ জি কিষাণ ৰেড্ডীৰ মতে মন্দিৰটো চাৰ্মিনাৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে চাৰমিনাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে