--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত বহু ঠাই-প্ৰতিষ্ঠানৰ ইতিমধ্যে নাম সলনি কৰা হৈছে৷ এইবাৰ হায়দৰাবাদৰো নাম সলনিৰ প্ৰস্তাৱ দিলে বিজেপিয়ে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই যোৱা বছৰ কৰ্মসমিতিৰ এখন  বৈঠকত হায়দৰাবাদৰ নাম পৰিৱৰ্তনৰ বিষয়টো  উত্থাপন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে  বিধানসভা নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদৰ নাম সলনি কৰাৰ বিষয়টো পুনৰ আলোচনাৰ বিষয় কৰি তুলিছে৷হায়দৰাবাদত এখন ৰাজহুৱা সভাত ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দাবী কৰে যে ৰাজ্য  খনত  ক্ষমতালৈ আহিলে বিজেপিয়ে হায়দৰাবাদৰ নাম সলনি কৰিব।

নতুন নাম হ'ব ভাগ্যনগৰ। ইয়াৰ পূৰ্বে আদিত্যনাথে ২০২০ চনতো হায়দৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনৰ  প্ৰচাৰ চলাবলৈ তালৈ গৈছিল। প্ৰচাৰৰ সময়ত তেওঁ হায়দৰাবাদক ভাগ্যনগৰলৈ পৰিণত কৰাৰ বাবেই  বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনাইছিল।

আৰ এছ এছ আৰু বিজেপিৰ বিভিন্ন নেতাই দীৰ্ঘদিন ধৰি হায়দৰাবাদৰ নাম ভাগ্যনগৰ কৰাৰ দাবী জনাই  আহিছে। ২০২০  চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পৌৰ নিৰ্বাচনৰ পূৰ্বে হায়দৰাবাদ ভ্ৰমণ কৰিছিল। তেওঁ ভাগ্যলক্ষ্মী মন্দিৰলৈও গৈছিল। বিজেপি নেতাসকলৰ মতে  ভাগ্যলক্ষ্মী মন্দিৰৰ নাম ভাগ্যনগৰৰ পৰাই লোৱা হৈছিল। বহুতে দাবী কৰি আহিছে যে হায়দৰাবাদৰ প্ৰকৃত নাম ভাগ্যনগৰহে আছিল।

ভাগ্যলক্ষ্মী মন্দিৰটো চাৰমিনাৰৰ দক্ষিণ-পূবৰ মিনাৰৰ ওচৰতে আছে। মন্দিৰটো কিমান পুৰণি সেই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই। কাৰণ ইয়াৰ কোনো নিৰ্দিষ্ট ইতিহাস নাই।

অৱশ্যে, মন্দিৰটো  ১৯৬০  চনৰ পৰাই তাত আছে।  চাৰমিনাৰৰ নিৰ্মাণ ১৫৯১ চনত আৰম্ভ হৈছিল। চুলতান মহম্মদ কুলি কুতুব শ্বাহে তেওঁৰ শাসনৰ অধীনৰ অঞ্চলসমূহত প্লেগৰ সমাপ্তিৰ স্মৃতিত এই প্ৰকল্পটো আৰম্ভ কৰিছিল।
চেকেন্দ্ৰাবাদৰ সাংসদ জি কিষাণ ৰেড্ডীৰ মতে মন্দিৰটো চাৰ্মিনাৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে চাৰমিনাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক