--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়লাভৰ পিছতে বহুতৰে মুখত পুনৰ মোদী ঢৌৰ কথা শুনিবলৈ পোৱা গৈছে৷ বহু কেইটা সংবাদমাধ্যমেও আনকি মোদী ঢৌৰ বাবেই গুজৰাটত বিজেপিৰ বিপুল জয় হোৱা বুলি কৈ আহিছে৷ কেৱল সেয়াই নহয়, সমগ্ৰ দেশতে হেনো মোদী ঢৌ বৈয়েই আছে৷ কিন্তু দেশত মোদী ঢৌ বোৱাৰ কথাটো কিমান গ্ৰহণযোগ্য বা সঁচা?

টিএমচিয়ে কৈছে যে  পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে দেশত ৰাজ্যই ৰাজ্যই মোদী ঢৌ বৈছে বুলি কোৱা কথাষাৰ কোনোবাই আত্মসন্তুষ্টিৰ বাবে কোৱা কথাৰ বাবে আন একো নহয়৷ কাৰণ পৰিসংখ্যাই প্ৰমাণ কৰে যে দেশৰ সকলো ঠাইতে মোদী ঢৌ বোৱা নাই৷  ১৯৯৫ চনৰ পৰা এতিয়ালৈকে মোদী ঢৌৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন লক্ষ্য কৰা হোৱা  নাই৷  বিজেপিয়ে দাবী কৰিছে গুজৰাটত দেশৰ "গেৰুৱা ধুমুহাৰ" প্ৰমাণ পোৱা গৈছে। 

তেওঁ কয়- মোদী ঢৌৰ উমান পাবলৈ কিছু পৰিসংখ্যালৈ চাওঁ আহক৷ বৰ্তমান দেশৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৪১২৬গৰাকী। ইয়াৰ ভিতৰত ১৪২৪ গৰাকী বিজেপিৰ বিধায়ক। সেই দিশৰ পৰা দেশৰ মাত্ৰ ৩৪  শতাংশ বিধায়কহে বিজেপিৰ। মোদী ঢৌ থকাহেঁতেন ৭০-৮০ শতাংশ হ’ব লাগিছিল৷ ইয়াৰ লগতে  এন ডি এ মিত্ৰজোঁটত আন দলৰ মুঠ ৩৫৩ গৰাকী বিধায়ক আছে। সমগ্ৰ দেশত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হৈছে ৬৫১ গৰাকী। দেশত তৃণমূল কংগ্ৰেছৰ ২৩৩ গৰাকী বিধায়ক আছে। এই  পৰিসংখ্যাই বুজাই দিয়ে যে মোদী ঢৌ আচলতে এক ধাৰণাহে, বাস্তৱ নহয়৷ 

ৰাজ্য অনুসৰি তথ্য ফঁহিয়াই চালে দেখা যায় যে অন্ধ্ৰ প্ৰদেশত এজনো বিজেপি বিধায়ক নাই। ২৮৩খন বিধানসভা আসনৰ ভিতৰত বিহাৰত মাত্ৰ ৭৮ জন বিজেপি বিধায়ক আছে। ঝাৰখণ্ডৰ ৮১ জন বিধায়কৰ ভিতৰত মাত্ৰ ২৬ জনহে বিজেপিৰ। কেৰালাত বিজেপি বা এনডিএৰ কোনো চিন-চাবেই নাই। ৰাজস্থানত বিজেপি বিধায়কৰ সংখ্যা মাত্ৰ ৭১ জন।  কৰ্ণাটকত বিজেপি চৰকাৰ শাসনত আছে। ২২৪  খন আসনৰ ভিতৰত কৰ্ণাটকত বিজেপিৰ ১১৯গৰাকী বিধায়ক আছে।  মহাৰাষ্ট্ৰতবিজেপিৰ  মাত্ৰ ১০৬  জন বিধায়ক আছে। মধ্য প্ৰদেশত বিজেপিৰ ১৫০  খনতকৈ কম আসন আছে। 

এই প্ৰসংগতে  টিএমচিৰ ৰাজ্যসভাৰ মুখ্য হুইপ সুখেন্দু শেখৰ ৰয়ে কয় যে বিজেপি বিধায়কসকলৰ এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে মোদী ঢৌ থকাহেঁতেন ৰাজ্যসমূহত বিজেপিৰ বিধায়কৰ সংখ্যা বহু বেছি হ’লহেঁতেন ৷  কিন্তু সেয়া হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু