--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়লাভৰ পিছতে বহুতৰে মুখত পুনৰ মোদী ঢৌৰ কথা শুনিবলৈ পোৱা গৈছে৷ বহু কেইটা সংবাদমাধ্যমেও আনকি মোদী ঢৌৰ বাবেই গুজৰাটত বিজেপিৰ বিপুল জয় হোৱা বুলি কৈ আহিছে৷ কেৱল সেয়াই নহয়, সমগ্ৰ দেশতে হেনো মোদী ঢৌ বৈয়েই আছে৷ কিন্তু দেশত মোদী ঢৌ বোৱাৰ কথাটো কিমান গ্ৰহণযোগ্য বা সঁচা?

টিএমচিয়ে কৈছে যে  পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে দেশত ৰাজ্যই ৰাজ্যই মোদী ঢৌ বৈছে বুলি কোৱা কথাষাৰ কোনোবাই আত্মসন্তুষ্টিৰ বাবে কোৱা কথাৰ বাবে আন একো নহয়৷ কাৰণ পৰিসংখ্যাই প্ৰমাণ কৰে যে দেশৰ সকলো ঠাইতে মোদী ঢৌ বোৱা নাই৷  ১৯৯৫ চনৰ পৰা এতিয়ালৈকে মোদী ঢৌৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন লক্ষ্য কৰা হোৱা  নাই৷  বিজেপিয়ে দাবী কৰিছে গুজৰাটত দেশৰ "গেৰুৱা ধুমুহাৰ" প্ৰমাণ পোৱা গৈছে। 

তেওঁ কয়- মোদী ঢৌৰ উমান পাবলৈ কিছু পৰিসংখ্যালৈ চাওঁ আহক৷ বৰ্তমান দেশৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৪১২৬গৰাকী। ইয়াৰ ভিতৰত ১৪২৪ গৰাকী বিজেপিৰ বিধায়ক। সেই দিশৰ পৰা দেশৰ মাত্ৰ ৩৪  শতাংশ বিধায়কহে বিজেপিৰ। মোদী ঢৌ থকাহেঁতেন ৭০-৮০ শতাংশ হ’ব লাগিছিল৷ ইয়াৰ লগতে  এন ডি এ মিত্ৰজোঁটত আন দলৰ মুঠ ৩৫৩ গৰাকী বিধায়ক আছে। সমগ্ৰ দেশত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হৈছে ৬৫১ গৰাকী। দেশত তৃণমূল কংগ্ৰেছৰ ২৩৩ গৰাকী বিধায়ক আছে। এই  পৰিসংখ্যাই বুজাই দিয়ে যে মোদী ঢৌ আচলতে এক ধাৰণাহে, বাস্তৱ নহয়৷ 

ৰাজ্য অনুসৰি তথ্য ফঁহিয়াই চালে দেখা যায় যে অন্ধ্ৰ প্ৰদেশত এজনো বিজেপি বিধায়ক নাই। ২৮৩খন বিধানসভা আসনৰ ভিতৰত বিহাৰত মাত্ৰ ৭৮ জন বিজেপি বিধায়ক আছে। ঝাৰখণ্ডৰ ৮১ জন বিধায়কৰ ভিতৰত মাত্ৰ ২৬ জনহে বিজেপিৰ। কেৰালাত বিজেপি বা এনডিএৰ কোনো চিন-চাবেই নাই। ৰাজস্থানত বিজেপি বিধায়কৰ সংখ্যা মাত্ৰ ৭১ জন।  কৰ্ণাটকত বিজেপি চৰকাৰ শাসনত আছে। ২২৪  খন আসনৰ ভিতৰত কৰ্ণাটকত বিজেপিৰ ১১৯গৰাকী বিধায়ক আছে।  মহাৰাষ্ট্ৰতবিজেপিৰ  মাত্ৰ ১০৬  জন বিধায়ক আছে। মধ্য প্ৰদেশত বিজেপিৰ ১৫০  খনতকৈ কম আসন আছে। 

এই প্ৰসংগতে  টিএমচিৰ ৰাজ্যসভাৰ মুখ্য হুইপ সুখেন্দু শেখৰ ৰয়ে কয় যে বিজেপি বিধায়কসকলৰ এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে মোদী ঢৌ থকাহেঁতেন ৰাজ্যসমূহত বিজেপিৰ বিধায়কৰ সংখ্যা বহু বেছি হ’লহেঁতেন ৷  কিন্তু সেয়া হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক