--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সপ্তম আশ্চৰ্য তাজমহল বিভিন্ন ৰত্নেৰে খচিত শ্বাহজাহানে ভাৰতৰ  বিভিন্ন ঠাইৰ লগতে বিদেশৰ পৰা তেনে ৰত্নবোৰ আনি তাজমহলত খচিত কৰিছিল। সেইবাবেই তাজমহলৰ ৰং দিনত কমেও তিনিবাৰ সলনি হয় বুলি বহুতে কৈ আহিছে। পূৰ্ণিমৰ নিশা তেনে মূল্যৱান ৰত্ন বোৰৰ বাবেই তাজমহল জিকমিকাই উঠে। 

কিন্তু তাজমহলৰ শ শ বছৰ পূৰণি সেই ৰত্নসমূহ এতিয়া লাহে লাহে অন্তৰ্ধান হৈ পৰিছে। সেই ৰত্নসমূহ সময় বাগৰাৰ লগে লগে বেৰ, গম্বুজ আদিৰ পৰা খহি পৰিছে। তেনেদৰে খহি পৰা ৰত্নবোৰ হয়তো কোনোৱাই চোৰাংকৈ সৰকাই আছে। শেহতীয়াকৈ এক  আৰটিআইৰ তথ্যত  তাজমহল  ৰত্ন এনেদৰে অন্তৰ্ধান হোৱাৰ কথা পোহৰলৈ আহিছে। 

উল্লেখ্য তাজমহলৰ ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ আছে। খহি পৰা ৰত্ন পুনৰ লগোৱাটো সম্ভৱ নহয় বাবে সেই ৰত্নবোৰ বিভাগটোৰ সংগ্ৰহালয়ত জমা কৰি ৰাখিব লাগে। কিন্তু প্ৰায় ক্ষেত্ৰতে তেনে কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে বিভাগটোৱে খহি পৰা ৰত্নৰ ঠাইত আন সস্তীয়া ৰত্ন লগাই তামহলৰ ৰূপ অক্ষুণ্ণ ৰখাৰহে চেষ্টা কৰিছে। 

 আৰটিআইৰ অধীনত তাজমহলৰ পৰা অন্তৰ্ধান হোৱা ৰত্নৰ বিষয়ে জানিব বিচৰা হৈছিল। তথ্য বিষয়া মহেশ চন্দ্ৰ মীনাই আৰটিআইৰ উত্তৰত তাজমহলৰ মুখ্য সমাধিক্ষেত্ৰৰ পৰাই বেছি সংখ্যক  এই মূল্যবান ৰত্ন নোহোৱা হৈ পৰিছে বুলি মন্তব্য কৰিছে। 

আৰটিআইৰ তথ্য অনুসৰি তাজমহলৰ মূল গম্বুজ, শ্বাহজাহান-মমতাজৰ সমাধি, ৰয়েল গেট আৰু ঐতিহাসিক আশ্চৰ্যটোৰ অন্যান্য অংশৰ পৰা মূল্যৱান শিলবোৰ নাইকিয়া হৈ আহিছে৷এএছআই  বিষয়াৰ  মতে, তাজমহল কেইবাটাও ৰঙীণ মূল্যৱান ৰত্নৰে  নিৰ্মিত, যি স্মাৰকটোৰ ৰং দিনত তিনিবাৰ সলনি কৰি আহিছে। এই ৰত্নবোৰ হৈছে নীলম, পান্না, ৰুবি, আকিক, মুঙ্গা আৰু ফিৰোজা। বিশেষজ্ঞসকলৰ মতে, মুখ্য বগা মাৰ্বলৰ সমাধিসৌধটো এনে মূল্যৱান ৰত্নৰে  নিৰ্মিত।

এই ৰত্নবোৰ স্মৃতিস্তম্ভৰ আন অংশত আৰু তাজমহলৰ ৰয়েল গেটতো দেখা পোৱা যায়। বিশেষজ্ঞসকলৰ মতে  তাজমহলৰ মূল্যৱান ৰত্নবোৰ কেৱল ৰয়েল গেটৰ পৰাই নহয় স্মৃতি স্তম্ভৰ আন অংশৰ পৰাও অন্তৰ্ধান  হৈ আছে। এই কথা  আৰটিআইৰ উত্তৰতো প্ৰকাশ পাইছে। এক আৰটিআই আবেদনৰ উত্তৰত এএছআইয়ে স্বীকাৰ কৰিছে যে  তাজমহলৰ মেৰামতিৰ কামৰ বাবে এখন নিবিদা জাৰি কৰা হৈছিল।

এএছআইয়ে প্ৰকাশ কৰিছিল যে ২০১৫-১৬ বৰ্ষৰ পৰা ২০১৮-১৯বৰ্ষলৈ কোভিড লকডাউনৰ আগতে সংস্থাটোৱে তাজমহলৰ সন্ধানহীন মূল্যৱান ৰত্নবোৰৰ খালী ঠাই পূৰণ কৰাৰ বাবে লাখ লাখ টকা ব্যয় কৰিছিল। ২০১৮-১৯ বৰ্ষত তাজমহলত ৫১ লাখ টকাৰ ৰত্নৰ কাম কৰা হৈছিল। ২০১৭-১৮ বৰ্ষত তাজত ৪২ লাখ টকাৰ ৰত্নৰ কাম কৰা হৈছিল,২০১৬-১৭ বৰ্ষত স্মৃতিস্তম্ভটোত ২০ লাখ টকাৰ ৰত্ন লগোৱাৰ  কাম কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক