--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত পিযুষ কান্তি বিশ্বাসক ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য কেইদিনমান আগতে পিযুষকান্তিয়ে দিল্লীলৈ গৈ মমতা বেনাৰ্জীক লগ ধৰিছিল আৰু কংগ্ৰেছ ত্যাগ কৰি   তৃণমূলত যোগদান কৰিছিল।

উল্লেখ্য ত্ৰিপুৰাত তৃণমূলৰ  সংগঠন লাহে লাহে  শক্তিশালী হৈ গৈ আছে৷  যোৱা পৌৰ নিগমৰ নিৰ্বাচনতদলটোৱে  সেই ৰাজ্যখনত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। পৌৰসভাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ত্ৰিপুৰাত  সংগঠনটোৰ ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত আছে৷যোৱা বছৰ আগষ্টত সুবল ভৌমিকক দলটোৰ পৰা  অপসাৰণ কৰাৰ পিছত টিএমচিৰ ৰাজ্যিক সভাপতিৰ পদটো খালী হৈ আছিল। সভাপতিৰ অনুপস্থিতিত ৰাজীৱ বেনাৰ্জী আৰু সুস্মিতা দেৱে  দলটোৰ সাংগঠনিক সিদ্ধান্ত লৈ আছিল। অৱশেষত  পিযুষ কান্তি বিশ্বাসক স্থায়ী ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য দিল্লীত পিযুষকান্তিৰ  সৈতে ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তেজেন দাস ,অনন্ত বেনাৰ্জী, কংগ্ৰেছৰ  সমৰেন্দ্ৰ ঘোষে তৃণমূলত যোগদান কৰিছিল। ত্ৰিপুৰাত অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ'ব। যদি সকলো ঠিকে থাকে, টিএমচিয়ে পিযুষ কান্তিৰ নেতৃত্বত ত্ৰিপুৰাত নিৰ্বাচনত ভাগ ।তৃণমূলৰ মুৰব্বী মমতা  বেনাৰ্জীয়ে ১২ আৰু ১৩ ডিচেম্বৰত মেঘালয় ভ্ৰমণ কৰাৰ কথা আছে। সেই ভ্ৰমণকালত তেওঁ ত্ৰিপুৰাৰ নেতাসকলৰ সৈতেও আলোচনাত বহিব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

পেছাত এজন উকীল পিযুষ কান্তি   দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ ৰাজনীতিৰ সৈতে জড়িত হৈ আছে। তেওঁ কিছু সময়ৰ বাবে ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিও আছিল। সুদীপ ৰয়বৰমান কংগ্ৰেছলৈ উভতি অহাৰ পূৰ্বে  তেওঁ দল ত্যাগ কৰে। তেতিয়াৰ পৰা, তেওঁ তৃণমূলত যোগদান কৰাৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল। তেওঁ তৃণমূলত যোগদান কৰিয়েই  দলটোৰ  এটা ডাঙৰ পদ লাভ কৰিবলৈ সক্ষম হৈছে৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক