--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত পিযুষ কান্তি বিশ্বাসক ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য কেইদিনমান আগতে পিযুষকান্তিয়ে দিল্লীলৈ গৈ মমতা বেনাৰ্জীক লগ ধৰিছিল আৰু কংগ্ৰেছ ত্যাগ কৰি   তৃণমূলত যোগদান কৰিছিল।

উল্লেখ্য ত্ৰিপুৰাত তৃণমূলৰ  সংগঠন লাহে লাহে  শক্তিশালী হৈ গৈ আছে৷  যোৱা পৌৰ নিগমৰ নিৰ্বাচনতদলটোৱে  সেই ৰাজ্যখনত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। পৌৰসভাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ত্ৰিপুৰাত  সংগঠনটোৰ ভেটি শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত আছে৷যোৱা বছৰ আগষ্টত সুবল ভৌমিকক দলটোৰ পৰা  অপসাৰণ কৰাৰ পিছত টিএমচিৰ ৰাজ্যিক সভাপতিৰ পদটো খালী হৈ আছিল। সভাপতিৰ অনুপস্থিতিত ৰাজীৱ বেনাৰ্জী আৰু সুস্মিতা দেৱে  দলটোৰ সাংগঠনিক সিদ্ধান্ত লৈ আছিল। অৱশেষত  পিযুষ কান্তি বিশ্বাসক স্থায়ী ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য দিল্লীত পিযুষকান্তিৰ  সৈতে ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তেজেন দাস ,অনন্ত বেনাৰ্জী, কংগ্ৰেছৰ  সমৰেন্দ্ৰ ঘোষে তৃণমূলত যোগদান কৰিছিল। ত্ৰিপুৰাত অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ'ব। যদি সকলো ঠিকে থাকে, টিএমচিয়ে পিযুষ কান্তিৰ নেতৃত্বত ত্ৰিপুৰাত নিৰ্বাচনত ভাগ ।তৃণমূলৰ মুৰব্বী মমতা  বেনাৰ্জীয়ে ১২ আৰু ১৩ ডিচেম্বৰত মেঘালয় ভ্ৰমণ কৰাৰ কথা আছে। সেই ভ্ৰমণকালত তেওঁ ত্ৰিপুৰাৰ নেতাসকলৰ সৈতেও আলোচনাত বহিব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

পেছাত এজন উকীল পিযুষ কান্তি   দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ ৰাজনীতিৰ সৈতে জড়িত হৈ আছে। তেওঁ কিছু সময়ৰ বাবে ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিও আছিল। সুদীপ ৰয়বৰমান কংগ্ৰেছলৈ উভতি অহাৰ পূৰ্বে  তেওঁ দল ত্যাগ কৰে। তেতিয়াৰ পৰা, তেওঁ তৃণমূলত যোগদান কৰাৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল। তেওঁ তৃণমূলত যোগদান কৰিয়েই  দলটোৰ  এটা ডাঙৰ পদ লাভ কৰিবলৈ সক্ষম হৈছে৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু