--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় মুখ উৰ্বশী ঢোলাকিয়াৰ বাহন  এক পথ গাড়ী দুৰ্ঘটনাত পতিত হৈছে। খবৰ পোৱা মতে অভিনেত্ৰীগৰাকীয়ে দৃশ্যগ্ৰহণৰ বাবে মুম্বাইলৈ যাওঁতে দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত কাণে কাণ মাৰি ৰক্ষা পৰে অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন বিজয়ী উৰ্বশী৷উৰ্বশী জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ' চিজন ৬ ৰ বিজয়ী। 

ইয়াৰ উপৰি  হিন্দী দূৰদৰ্শন জগতৰো বহুতো ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ জনপ্ৰিয় ধাৰাবাহিক 'কচৌটি জিন্দেগী কি'ত অভিনয় কৰিছে। ধাৰাবাহিকখনত উৰ্বশীৰ চৰিত্ৰটোৰ নাম আছিল কমলিকা। এই ধাৰাবাহিকখনত অভিনয় কৰাৰ পিছত তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে। 


উৰ্বশী দৃশ্যগ্ৰহণৰ বাবে মীৰা ৰোড ফিল্ম ষ্টুডিঅ'লৈ গৈ আছিল। সেই সময়তে এখন স্কুল বাছে হঠাতে অভিনেত্ৰীগৰাকীৰ গাড়ীখনক পিছফালৰ পৰা খুন্দা মাৰে। বাছখনে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সেই মুহূৰ্তত নিয়ন্ত্ৰণ হেৰুৱাই উৰ্বশীৰ গাড়ীত খুন্দা মাৰে। অভিনেত্ৰীগৰাকী সৌভাগ্যক্ৰমে  ৰক্ষা পৰে৷  কাশিমিৰা আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ গাড়ীৰ চালকজনৰ ভাষ্য লিপিবদ্ধ কৰিছে। অভিনেত্ৰীগৰাকীয়ে বাহনখনৰ চালকৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাই। অভিনেত্ৰীগৰাকীয়ে ইয়াক কেৱল এটা দুৰ্ঘটনা হিচাপে গ্ৰহণ কৰিছে৷ 

ধাৰাবাহিকৰ উপৰিও উৰ্বশী ঢোলাকিয়াই কেইবাখনো হিন্দী আৰু মালায়ালম চলচ্চিত্ৰতো অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীয়ে অলপতে একতা কাপুৰৰ 'নাগিন ৬'ত অভিনয় কৰাৰ পিছত অ'টিটি প্লেটফৰ্মতো ভৰি দিছে। তেওঁ পৰিচালক তৰুণ চোপ্ৰাৰ 'অবৈধ' ৱেব শৃংখলাত অভিনয় কৰিছে। 

উৰ্বশীয়ে তেওঁৰ  ব্যক্তিগত জীৱনত বহুতো উত্থান-পতনৰ মুখামুখি হৈছে । তেওঁ ১৬ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ১৭  বছৰ বয়সত যমজ সন্তানৰ মাতৃ হৈছিল। বিয়াখন বেছি দিন স্থায়ী হোৱা নাছিল। বিবাহৰ দুবছৰৰ পিছত, তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। অভিনেত্ৰীগৰাকীয়ে পুনৰ বিয়াত বহা নাই। অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ কেৰিয়াৰ আৰু কামকলৈ ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক