--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী ধাৰাবাহিকৰ জনপ্ৰিয় মুখ উৰ্বশী ঢোলাকিয়াৰ বাহন  এক পথ গাড়ী দুৰ্ঘটনাত পতিত হৈছে। খবৰ পোৱা মতে অভিনেত্ৰীগৰাকীয়ে দৃশ্যগ্ৰহণৰ বাবে মুম্বাইলৈ যাওঁতে দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত কাণে কাণ মাৰি ৰক্ষা পৰে অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন বিজয়ী উৰ্বশী৷উৰ্বশী জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ' চিজন ৬ ৰ বিজয়ী। 

ইয়াৰ উপৰি  হিন্দী দূৰদৰ্শন জগতৰো বহুতো ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ জনপ্ৰিয় ধাৰাবাহিক 'কচৌটি জিন্দেগী কি'ত অভিনয় কৰিছে। ধাৰাবাহিকখনত উৰ্বশীৰ চৰিত্ৰটোৰ নাম আছিল কমলিকা। এই ধাৰাবাহিকখনত অভিনয় কৰাৰ পিছত তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে। 


উৰ্বশী দৃশ্যগ্ৰহণৰ বাবে মীৰা ৰোড ফিল্ম ষ্টুডিঅ'লৈ গৈ আছিল। সেই সময়তে এখন স্কুল বাছে হঠাতে অভিনেত্ৰীগৰাকীৰ গাড়ীখনক পিছফালৰ পৰা খুন্দা মাৰে। বাছখনে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সেই মুহূৰ্তত নিয়ন্ত্ৰণ হেৰুৱাই উৰ্বশীৰ গাড়ীত খুন্দা মাৰে। অভিনেত্ৰীগৰাকী সৌভাগ্যক্ৰমে  ৰক্ষা পৰে৷  কাশিমিৰা আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ গাড়ীৰ চালকজনৰ ভাষ্য লিপিবদ্ধ কৰিছে। অভিনেত্ৰীগৰাকীয়ে বাহনখনৰ চালকৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা নাই। অভিনেত্ৰীগৰাকীয়ে ইয়াক কেৱল এটা দুৰ্ঘটনা হিচাপে গ্ৰহণ কৰিছে৷ 

ধাৰাবাহিকৰ উপৰিও উৰ্বশী ঢোলাকিয়াই কেইবাখনো হিন্দী আৰু মালায়ালম চলচ্চিত্ৰতো অভিনয় কৰিছে। অভিনেত্ৰীগৰাকীয়ে অলপতে একতা কাপুৰৰ 'নাগিন ৬'ত অভিনয় কৰাৰ পিছত অ'টিটি প্লেটফৰ্মতো ভৰি দিছে। তেওঁ পৰিচালক তৰুণ চোপ্ৰাৰ 'অবৈধ' ৱেব শৃংখলাত অভিনয় কৰিছে। 

উৰ্বশীয়ে তেওঁৰ  ব্যক্তিগত জীৱনত বহুতো উত্থান-পতনৰ মুখামুখি হৈছে । তেওঁ ১৬ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ১৭  বছৰ বয়সত যমজ সন্তানৰ মাতৃ হৈছিল। বিয়াখন বেছি দিন স্থায়ী হোৱা নাছিল। বিবাহৰ দুবছৰৰ পিছত, তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। অভিনেত্ৰীগৰাকীয়ে পুনৰ বিয়াত বহা নাই। অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ কেৰিয়াৰ আৰু কামকলৈ ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু