--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুত  ছানগ্লাছ, পিন্ধনত এটা সাধাৰণ টি ছাৰ্ট, দিল্লীৰ ৰাজপথত এনে সাজ পিন্ধিয়েই ঘূৰি ফুৰিছে শ্বাহৰুখ খানে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা  ভিডিঅ'  চাই এতিয়া আচৰিত হৈ পৰিছে  শ্বাহৰুখৰ অনুৰাগীসকল। 

 প্ৰথমে বহুতে ভাবিছিল যে এয়া হয়তো শ্বাহৰুখৰ সৰু কালৰ পুৰণি ভিডিঅ'।কিন্তু ভিডিঅ’টো মুঠেও পুৰণি নহয়।তেন্তে শ্বাহৰুখৰ এনে অৱস্থা হ’ল কেনেকৈ?  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Chhota shahrukh (@surajkumarsrk7)


পাঠানৰ পিছৰে পৰা শ্বাহৰুখ বলীউডত পুনৰ  বাতৰিৰ শিৰোনামলৈ আহিছে। বলীউডৰ বাদশ্বাহে  তেওঁৰ নতুন ছবি 'জৱান'ৰ বাবে প্ৰচাৰ চলাই  আছে। ইয়াৰ মাজতে এনে ধৰণৰ ভিডিঅ' ভাইৰেল হোৱাত বহু লোক হতবাক হৈ পৰিছে। বহুতে  ভাবিছিল যে হয়তো এয়া শ্বাহৰুখে নতুন ছবিখনৰ বাবে কৰা মেকআপ। কিন্তু এতিয়া ভেদ হৈছে শ্বাহৰুখৰ ভিডিঅ’টোৰ ৰহস্য।দিল্লীৰ ৰাজপথত দেখা শ্বাহৰুখ গৰাকী দৰাচলতে প্ৰকৃত শ্বাহৰুখ খান নহয়,  তেওঁ  কলকাতাৰ  সূৰজ কুমাৰহে। দেখাত শ্বাহৰুখৰ সৈতে ভালেখিনি মিল থকা সূৰজে  ঝাৰখণ্ডত বাস কৰে। ভিডিঅ'টো সূৰজৰ ইনষ্টাগ্ৰামৰ পৰা ভাইৰেল হৈ পৰিছে। 
  
প্ৰকৃত শ্বাহৰুখ খানে এতিয়া  শ্বুটিঙৰ মজিয়াত ঘন্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিছে। 'জোৱান'ৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 'ডাঙ্কি'ৰ কামত  গুৰুত্ব দিছে। শ্বাহৰুখ খানে লগতে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলিও জানিব পৰা গৈছে  । তেওঁ আৰু ব্যক্তিগত জীৱনৰ বিষয়ে কোনো  সাক্ষাৎকাৰ নিদিয়াৰ সিদ্ধান্ত লৈছে।২০২১ চনত ড্ৰাগছৰ গোচৰত তেওঁৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে  কিং খান বিধ্বস্ত হৈ পৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে