--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকুত  ছানগ্লাছ, পিন্ধনত এটা সাধাৰণ টি ছাৰ্ট, দিল্লীৰ ৰাজপথত এনে সাজ পিন্ধিয়েই ঘূৰি ফুৰিছে শ্বাহৰুখ খানে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা  ভিডিঅ'  চাই এতিয়া আচৰিত হৈ পৰিছে  শ্বাহৰুখৰ অনুৰাগীসকল। 

 প্ৰথমে বহুতে ভাবিছিল যে এয়া হয়তো শ্বাহৰুখৰ সৰু কালৰ পুৰণি ভিডিঅ'।কিন্তু ভিডিঅ’টো মুঠেও পুৰণি নহয়।তেন্তে শ্বাহৰুখৰ এনে অৱস্থা হ’ল কেনেকৈ?  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Chhota shahrukh (@surajkumarsrk7)


পাঠানৰ পিছৰে পৰা শ্বাহৰুখ বলীউডত পুনৰ  বাতৰিৰ শিৰোনামলৈ আহিছে। বলীউডৰ বাদশ্বাহে  তেওঁৰ নতুন ছবি 'জৱান'ৰ বাবে প্ৰচাৰ চলাই  আছে। ইয়াৰ মাজতে এনে ধৰণৰ ভিডিঅ' ভাইৰেল হোৱাত বহু লোক হতবাক হৈ পৰিছে। বহুতে  ভাবিছিল যে হয়তো এয়া শ্বাহৰুখে নতুন ছবিখনৰ বাবে কৰা মেকআপ। কিন্তু এতিয়া ভেদ হৈছে শ্বাহৰুখৰ ভিডিঅ’টোৰ ৰহস্য।দিল্লীৰ ৰাজপথত দেখা শ্বাহৰুখ গৰাকী দৰাচলতে প্ৰকৃত শ্বাহৰুখ খান নহয়,  তেওঁ  কলকাতাৰ  সূৰজ কুমাৰহে। দেখাত শ্বাহৰুখৰ সৈতে ভালেখিনি মিল থকা সূৰজে  ঝাৰখণ্ডত বাস কৰে। ভিডিঅ'টো সূৰজৰ ইনষ্টাগ্ৰামৰ পৰা ভাইৰেল হৈ পৰিছে। 
  
প্ৰকৃত শ্বাহৰুখ খানে এতিয়া  শ্বুটিঙৰ মজিয়াত ঘন্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিছে। 'জোৱান'ৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ 'ডাঙ্কি'ৰ কামত  গুৰুত্ব দিছে। শ্বাহৰুখ খানে লগতে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলিও জানিব পৰা গৈছে  । তেওঁ আৰু ব্যক্তিগত জীৱনৰ বিষয়ে কোনো  সাক্ষাৎকাৰ নিদিয়াৰ সিদ্ধান্ত লৈছে।২০২১ চনত ড্ৰাগছৰ গোচৰত তেওঁৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে  কিং খান বিধ্বস্ত হৈ পৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু