--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত ব্ৰাজিলীয়ান ফুটবল ক্লাব চাণ্টোছৰ পৰা ২০১৩ চনত বাৰ্চিলোনালৈ গৈছিল নেইমাৰ। তাৰপাছতে ফুটবলৰ জগতত চৰম সফলতা লাভ কৰাৰ সমান্তৰালভাৱে স্পেনিছ আদালতত কৰ ফাঁকি আৰু বিত্তীয় জালিয়াতিৰ কেইবাটাও গোচৰতো সোমাই পৰিছিল তাৰকাজন। আনকি নেইমাৰে বাৰ্চিলোনা এৰি পেৰিছলৈ যোৱাৰ পাছতো তেওঁ স্পেনিছ আদালতত হাজিৰ হ'ব লগা হৈছিল। 

শেহতীয়াকৈ বাৰ্চিলোনাৰ স’তে চুক্তিৰ এটা চৰ্ত হঠাতে মুকলিকৈ ওলাই আহিছে। ফুটবল জগতত এই চুক্তিয়ে এক আলোড়নৰো সৃষ্টি কৰিছে। চুক্তিখনত কোৱা হৈছে যে নেইমাৰৰ দেউতাকক বাৰ্চিলোনা ক্লাবৰ তৰফৰ পৰা নিয়মিতভাৱে মহিলা সঙ্গী যোগান ধৰিব লাগিব। তেতিয়াহে পুত্ৰই চুক্তিত স্বাক্ষৰ কৰিব।

চাণ্টোছৰ প্ৰাক্তন সভাপতি লুইছ আলভাৰো দা অলিভিয়েৰা ৰিবেইৰোৱে নিজে প্ৰকাশ কৰিছে। বাৰ্চিলোনালৈ অহাৰ সময়ত নেইমাৰৰ এজেণ্ট আছিল তাৰকাজনৰ দেউতাক নিজেই। চাণ্টোছৰ প্ৰাক্তন সভাপতিজনে নেইমাৰৰ দেউতাকক অত্যন্ত সমালোচনা কৰি আহিছে। 

তেওঁ প্ৰকাশ কৰা বিস্ফোৰক অভিযোগ অনুসৰি, নেইমাৰৰ দেউতাকে বাৰ্চিলোনাক দাবী কৰিছিল যে লণ্ডনৰ এখন হোটেলত মহিলা, বিনামূলীয়া কফি আৰু ব্ৰাজিলৰ মেচ চাবলৈ বিনামূলীয়া বিমান প্ৰদান কৰিব লাগিব। সেই দাবী পূৰণ কৰাৰ পিছতহে বাৰ্চিলোনাত স্বাক্ষৰ কৰাৰ বাবে এক সেউজ সংকেত আহিছিল।

"নেইমাৰৰ চুক্তিত কোৱা হৈছিল যে তেওঁৰ দেউতাকক লণ্ডনৰ পিকাডিলিৰ এখন হোটেলত নিয়মীয়া মহিলা সঙ্গী দিব লাগিব। বাৰ্চিলোনাই নেইমাৰৰ দেউতাকৰ বাবে এজন ব্যক্তি নিযুক্ত কৰিছিল, যি সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছিল।"- সভাপতিগৰাকীয়ে কয়।

"নেইমাৰৰ দেউতাক মিছলীয়া লোক। কেৱল পইচাৰ বিষয়ে চিন্তা কৰে। যেতিয়াই নেইমাৰে খেলিবলৈ ওলাই যায়, তেওঁ তেওঁৰ দেউতাকৰ বাবে প্ৰথম শ্ৰেণীৰ টিকট আৰু দুজন বন্ধুৰ বাবে ব্যৱসায়িক শ্ৰেণীৰ টিকটৰ ব্যৱস্থা কৰিবই লাগিব।"- সভাপতিগৰাকীয়ে অভিযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু