--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত ব্ৰাজিলীয়ান ফুটবল ক্লাব চাণ্টোছৰ পৰা ২০১৩ চনত বাৰ্চিলোনালৈ গৈছিল নেইমাৰ। তাৰপাছতে ফুটবলৰ জগতত চৰম সফলতা লাভ কৰাৰ সমান্তৰালভাৱে স্পেনিছ আদালতত কৰ ফাঁকি আৰু বিত্তীয় জালিয়াতিৰ কেইবাটাও গোচৰতো সোমাই পৰিছিল তাৰকাজন। আনকি নেইমাৰে বাৰ্চিলোনা এৰি পেৰিছলৈ যোৱাৰ পাছতো তেওঁ স্পেনিছ আদালতত হাজিৰ হ'ব লগা হৈছিল। 

শেহতীয়াকৈ বাৰ্চিলোনাৰ স’তে চুক্তিৰ এটা চৰ্ত হঠাতে মুকলিকৈ ওলাই আহিছে। ফুটবল জগতত এই চুক্তিয়ে এক আলোড়নৰো সৃষ্টি কৰিছে। চুক্তিখনত কোৱা হৈছে যে নেইমাৰৰ দেউতাকক বাৰ্চিলোনা ক্লাবৰ তৰফৰ পৰা নিয়মিতভাৱে মহিলা সঙ্গী যোগান ধৰিব লাগিব। তেতিয়াহে পুত্ৰই চুক্তিত স্বাক্ষৰ কৰিব।

চাণ্টোছৰ প্ৰাক্তন সভাপতি লুইছ আলভাৰো দা অলিভিয়েৰা ৰিবেইৰোৱে নিজে প্ৰকাশ কৰিছে। বাৰ্চিলোনালৈ অহাৰ সময়ত নেইমাৰৰ এজেণ্ট আছিল তাৰকাজনৰ দেউতাক নিজেই। চাণ্টোছৰ প্ৰাক্তন সভাপতিজনে নেইমাৰৰ দেউতাকক অত্যন্ত সমালোচনা কৰি আহিছে। 

তেওঁ প্ৰকাশ কৰা বিস্ফোৰক অভিযোগ অনুসৰি, নেইমাৰৰ দেউতাকে বাৰ্চিলোনাক দাবী কৰিছিল যে লণ্ডনৰ এখন হোটেলত মহিলা, বিনামূলীয়া কফি আৰু ব্ৰাজিলৰ মেচ চাবলৈ বিনামূলীয়া বিমান প্ৰদান কৰিব লাগিব। সেই দাবী পূৰণ কৰাৰ পিছতহে বাৰ্চিলোনাত স্বাক্ষৰ কৰাৰ বাবে এক সেউজ সংকেত আহিছিল।

"নেইমাৰৰ চুক্তিত কোৱা হৈছিল যে তেওঁৰ দেউতাকক লণ্ডনৰ পিকাডিলিৰ এখন হোটেলত নিয়মীয়া মহিলা সঙ্গী দিব লাগিব। বাৰ্চিলোনাই নেইমাৰৰ দেউতাকৰ বাবে এজন ব্যক্তি নিযুক্ত কৰিছিল, যি সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছিল।"- সভাপতিগৰাকীয়ে কয়।

"নেইমাৰৰ দেউতাক মিছলীয়া লোক। কেৱল পইচাৰ বিষয়ে চিন্তা কৰে। যেতিয়াই নেইমাৰে খেলিবলৈ ওলাই যায়, তেওঁ তেওঁৰ দেউতাকৰ বাবে প্ৰথম শ্ৰেণীৰ টিকট আৰু দুজন বন্ধুৰ বাবে ব্যৱসায়িক শ্ৰেণীৰ টিকটৰ ব্যৱস্থা কৰিবই লাগিব।"- সভাপতিগৰাকীয়ে অভিযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক