--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছিয়ে ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰিবলৈ উলাইছে নেকি? শেহতীয়াকৈ মেছিৰ এখন ছবিয়ে এই আজৱ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা তাৰকা ফুটবলাৰগৰাকীয়ে ইনষ্টাগ্ৰামত টীম ইণ্ডিয়াৰ টেষ্ট দলৰ জাৰ্চি পিন্ধি এখন ফটো দিছিল। এটা কোম্পানীৰ বিজ্ঞাপনৰ প্ৰচাৰৰ বাবে এই ছৱিখন দিয়া হৈছিল।

সোমবাৰে মেছিয়ে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰে। তাত মেছিক বগা টি-চাৰ্ট পিন্ধা পিন্ধি অভিবাদন জনোৱা দেখা যায়। মেছিয়ে বিজ্ঞাপন দি থকা কোম্পানীটোৰ নাম সেই বগা চাৰ্টত লিখা আছে।  বিৰাট কোহলীয়েও প্ৰায় একে কাপোৰ পিন্ধি টেষ্ট খেলে।

মেছিৰ চাৰ্টত নিশ্চিতভাৱে ভাৰতীয় বোৰ্ড বা আন কোনো বিজ্ঞাপনৰ নাম নাই। কিন্তু যদি আপুনি চাৰ্টটো চায়, ইয়াক এক দৃষ্টিত ভাৰতীয় টেষ্ট দলৰ জাৰ্চি বুলি ভুল কৰিব পাৰি।

মেছি ভাৰতৰ এটা শৈক্ষিক সংগঠনৰ মুখ। বাইজু নামৰ এই কোম্পানীৰ বিজ্ঞাপনৰ বাবে ফটোখন পোষ্ট কৰিছিল আৰু তাত মেছিয়ে লিখিছিল, "শিশুসকল আমাৰ ভৱিষ্যত। প্ৰতিটি শিশুৰ অধিকাৰ হৈছে সকলো সুবিধা লাভ কৰা। তেওঁলোকৰ শিক্ষাৰ অধিকাৰ আছে। এই শৈক্ষিক এপ কোম্পানীটোৱে শিশুসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে। মই ভাবো এই প্ৰচেষ্টাই সমগ্ৰ পৃথিৱীখন সলনি কৰিব পাৰে।"

আৰ্জেণ্টিনাই কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জিকিছিল। মেছি সেই দলটোৰ অধিনায়ক আছিল। তেওঁ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে দুটা গ'ল কৰিছিল। অৱশেষত, আৰ্জেণ্টিনাই পেনাল্টিত মেচখন জিকিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক