--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছিয়ে ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰিবলৈ উলাইছে নেকি? শেহতীয়াকৈ মেছিৰ এখন ছবিয়ে এই আজৱ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা তাৰকা ফুটবলাৰগৰাকীয়ে ইনষ্টাগ্ৰামত টীম ইণ্ডিয়াৰ টেষ্ট দলৰ জাৰ্চি পিন্ধি এখন ফটো দিছিল। এটা কোম্পানীৰ বিজ্ঞাপনৰ প্ৰচাৰৰ বাবে এই ছৱিখন দিয়া হৈছিল।

সোমবাৰে মেছিয়ে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰে। তাত মেছিক বগা টি-চাৰ্ট পিন্ধা পিন্ধি অভিবাদন জনোৱা দেখা যায়। মেছিয়ে বিজ্ঞাপন দি থকা কোম্পানীটোৰ নাম সেই বগা চাৰ্টত লিখা আছে।  বিৰাট কোহলীয়েও প্ৰায় একে কাপোৰ পিন্ধি টেষ্ট খেলে।

মেছিৰ চাৰ্টত নিশ্চিতভাৱে ভাৰতীয় বোৰ্ড বা আন কোনো বিজ্ঞাপনৰ নাম নাই। কিন্তু যদি আপুনি চাৰ্টটো চায়, ইয়াক এক দৃষ্টিত ভাৰতীয় টেষ্ট দলৰ জাৰ্চি বুলি ভুল কৰিব পাৰি।

মেছি ভাৰতৰ এটা শৈক্ষিক সংগঠনৰ মুখ। বাইজু নামৰ এই কোম্পানীৰ বিজ্ঞাপনৰ বাবে ফটোখন পোষ্ট কৰিছিল আৰু তাত মেছিয়ে লিখিছিল, "শিশুসকল আমাৰ ভৱিষ্যত। প্ৰতিটি শিশুৰ অধিকাৰ হৈছে সকলো সুবিধা লাভ কৰা। তেওঁলোকৰ শিক্ষাৰ অধিকাৰ আছে। এই শৈক্ষিক এপ কোম্পানীটোৱে শিশুসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে। মই ভাবো এই প্ৰচেষ্টাই সমগ্ৰ পৃথিৱীখন সলনি কৰিব পাৰে।"

আৰ্জেণ্টিনাই কাটাৰত ফ্ৰান্সক পৰাস্ত কৰি বিশ্বকাপ জিকিছিল। মেছি সেই দলটোৰ অধিনায়ক আছিল। তেওঁ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে দুটা গ'ল কৰিছিল। অৱশেষত, আৰ্জেণ্টিনাই পেনাল্টিত মেচখন জিকিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু