--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাঁচা বাদাম খ্যাত গায়ক ভুবন বাদ্যকৰৰ জীৱনত এতিয়া বহু পৰিৱৰ্তন ঘটিল। ছ'চিয়েল মিডিয়াই মাধ্যমই ভূবনক ইমান বিখ্যাত কৰি তুলিলে যে তেওঁ এতিয়া শান্তিৰে জীয়াই থাকিবলৈ পাহৰি গৈছে। ভুবন বাদ্যকৰ য'লৈকে যায় মানুহৰ দলবোৰে তেওঁক অনুসৰণ কৰে। ভুৱন বাদ্যকৰৰ কোনো ধাৰণা নাছিল যে তেওঁ এদিন এজন চেলিব্ৰিটি হ'ব।

ভুৱনে এতিয়া বিভিন্ন অনুষ্ঠানৰ পৰা আমন্ত্ৰণ লাভ কৰে। তেওঁ বহুতো কোম্পানী আৰু টিভি অনুষ্ঠানৰ পৰা অফাৰ লাভ কৰিছে। ভুবনে এই চেলিব্ৰিটি জীৱনশৈলীত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰি আছে। শেহতীয়াকৈ ভূৱন আগ্ৰাৰ তাজ মহোৎসৱলৈ গৈছিল। ইয়াত তেওঁ বহুতো বাংলা গীত গাইছিল। ভুবনে দৰ্শকৰ দাবীত তেওঁৰ গান চাৰিবাৰ গাইছিল।

এই সময়ছোৱাত তেওঁ কৈছিল - ''মই এতিয়া বিখ্যাত হৈ পৰিছো। মোৰ জীৱনত আগতে যথেষ্ট শান্তি আছিল, এতিয়া মই গোটেই দিনটো ব্যস্ত হৈ পৰিছো,শান্তিত থাকিব নোপোৱা হৈছো। মই আকৌ কেঁচা বাদাম বিক্ৰী কৰিম কিন্তু পদ্ধতিটো অলপ বেলেগ হ'ব।''

ভুৱন বাদ্যকৰ কিছুদিন পূৰ্বে এটা পথ দুৰ্ঘটনাত আহত হৈছিল। দুৰ্ঘটনাটোত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। ভুবনে অলপতে এখন নতুন গাড়ী কিনিছিল আৰু গাড়ী চলাবলৈ শিকি থাকোতে দুৰ্ঘটনাত পতিত হৈছিল। অৱশ্যে এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিছে আৰু নিজৰ কামত জড়িত হৈ পৰিছে।

আৰু পঢ়কঃ বলীউড অভিনেত্ৰীৰ প্ৰকৃত নামে আচৰিত কৰিব আপোনাক! কোনে কোনে সলালে নাম?


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক