--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাঁচা বাদাম খ্যাত গায়ক ভুবন বাদ্যকৰৰ জীৱনত এতিয়া বহু পৰিৱৰ্তন ঘটিল। ছ'চিয়েল মিডিয়াই মাধ্যমই ভূবনক ইমান বিখ্যাত কৰি তুলিলে যে তেওঁ এতিয়া শান্তিৰে জীয়াই থাকিবলৈ পাহৰি গৈছে। ভুবন বাদ্যকৰ য'লৈকে যায় মানুহৰ দলবোৰে তেওঁক অনুসৰণ কৰে। ভুৱন বাদ্যকৰৰ কোনো ধাৰণা নাছিল যে তেওঁ এদিন এজন চেলিব্ৰিটি হ'ব।

ভুৱনে এতিয়া বিভিন্ন অনুষ্ঠানৰ পৰা আমন্ত্ৰণ লাভ কৰে। তেওঁ বহুতো কোম্পানী আৰু টিভি অনুষ্ঠানৰ পৰা অফাৰ লাভ কৰিছে। ভুবনে এই চেলিব্ৰিটি জীৱনশৈলীত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰি আছে। শেহতীয়াকৈ ভূৱন আগ্ৰাৰ তাজ মহোৎসৱলৈ গৈছিল। ইয়াত তেওঁ বহুতো বাংলা গীত গাইছিল। ভুবনে দৰ্শকৰ দাবীত তেওঁৰ গান চাৰিবাৰ গাইছিল।

এই সময়ছোৱাত তেওঁ কৈছিল - ''মই এতিয়া বিখ্যাত হৈ পৰিছো। মোৰ জীৱনত আগতে যথেষ্ট শান্তি আছিল, এতিয়া মই গোটেই দিনটো ব্যস্ত হৈ পৰিছো,শান্তিত থাকিব নোপোৱা হৈছো। মই আকৌ কেঁচা বাদাম বিক্ৰী কৰিম কিন্তু পদ্ধতিটো অলপ বেলেগ হ'ব।''

ভুৱন বাদ্যকৰ কিছুদিন পূৰ্বে এটা পথ দুৰ্ঘটনাত আহত হৈছিল। দুৰ্ঘটনাটোত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল আৰু বুকুত তীব্ৰ বিষ অনুভৱ কৰিছিল। ভুবনে অলপতে এখন নতুন গাড়ী কিনিছিল আৰু গাড়ী চলাবলৈ শিকি থাকোতে দুৰ্ঘটনাত পতিত হৈছিল। অৱশ্যে এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ পৰিছে আৰু নিজৰ কামত জড়িত হৈ পৰিছে।

আৰু পঢ়কঃ বলীউড অভিনেত্ৰীৰ প্ৰকৃত নামে আচৰিত কৰিব আপোনাক! কোনে কোনে সলালে নাম?


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান