--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ কৰি ঘি খাইছে মোদীৰ চৰকাৰে৷ জনতাৰ চকুত লগাকৈ হাজাৰ হাজাৰ কোটিটকীয়া প্ৰকল্প  ঘোষণা কৰি মোদীৰ চৰকাৰে দেশবাসীক এনে এক ধাৰণা দিব বিচাৰিছে যে দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া খুবেই টনকিয়াল৷ কিন্তু প্ৰকৃতাৰ্থত মোদীৰ চৰকাৰৰ অৱস্থাটো এতিয়া বাহিৰত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰৰ লেখীয়া হৈছে৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ বাবে ৮০০০ কোটি টকাৰো অধিক মূল্যৰে ক্ৰয় কৰা হৈছে বিমান, হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি থকা হৈছে সংসদ ভৱন৷ 

কিন্তু যিখন দেশৰ নাগৰিকৰ বাবে হাজাৰ কোটিটকীয়া সংসদ ভৱন নিৰ্মাণ কৰা হৈছে সেই খন দেশৰে গৰিষ্ঠসংখ্যক লোকৰ অৱস্থা এতিয়াও পানীত হাঁহ নচৰা বিধৰ হৈয়েই আছে৷ দেশৰ মাত্ৰ কেইজন মান লোকহে ধনীৰ উপৰি ধনী হৈ যোৱাৰ লগতে ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ আৰ্থিক দৈন্য দিনক দিনে বৃদ্ধিহে পাইছে৷ মোদীৰ চৰকাৰে তেনে হাজাৰ কোটিটকীয়া প্ৰকল্প ৰূপায়ণৰ দায়িত্ব দিছে বচা বচা ব্যকতিগত কোম্পানীক৷ ফলত সাধাৰণ নাগৰিক দুখীয়া হৈ গ’লেও পূজিপতি ধনীক  শ্ৰেণীটো ধনীহে হৈ গৈছে৷ 

ইয়াতেই সমৃদ্ধি দেখা পাইছে মোদীৰ চৰকাৰে৷ লক্ষণীয় কথাটো হ’ল ২০২২ চনৰ জুন মাহৰ শেষত ভাৰতৰ বাহ্যিক ঋণ ৬১৭.১ বিলিয়ন আমেৰিকান ডলাৰ হৈছিল৷  চৰকাৰী  প্ৰেছ বিজ্ঞপ্তিতে এই কথা  কোৱা হৈছে। ২০২২ চনৰ মাৰ্চৰ শেষত ১৯.৯ শতাংশৰ পৰা ২০২২ চনৰ জুনৰ শেষত জিডিপিৰ সৈতে বাহ্যিক ঋণৰ অনুপাত ১৯.৪ শতাংশলৈ হ্ৰাস পাইছিল।

দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ   ৪৮৭.৩  বিলিয়ন আমেৰিকান ডলাৰ হৈছে৷ ২০২২ চনৰ জুনমাহৰ শেষত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ সৈতে হ্ৰস্বম্যাদী ঋণৰ অনুপাত ২২.০ শতাংশলৈ বৃদ্ধি পাইছে। ইমানৰ পিছতো খৰচ হ্ৰাস কৰাৰ কথাটোত মুঠেও গুৰুত্ব দিয়া নাই মোদীৰ চৰকাৰে৷ হকে-বহকে চৰকাৰী অনুষ্ঠান পাতি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি শাসিত বহু চৰকাৰে চৰকাৰী ধনৰ শৰাধ পাতিছে৷ সকলো দেখিও জনতা মুক হৈ থাকিবলগীয়া হৈছে৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা বোয়িং ৭৭৭-৩০০ইআৰ বিমানখনে  'এয়াৰ ইণ্ডিয়া ৱান' হিচাপে আত্মপ্ৰকাশ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৮,৪৫৮ কোটি টকা ব্যয়েৰে দুখন বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল ৷ একেদৰে ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা  সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য়  ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দি নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় সৰ্বমুঠ ১,২৫০ কোটি টকা কৰা হৈছে৷   সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে টাটা গ্ৰুপে ৷চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে।এনেদৰে দুখীয়া হৈ যোৱা দেশ খনে ধাৰৰ বোজা মূৰ পাতি লৈ হ’লেও কোটি কোটি টকাৰ প্ৰকল্প ৰূপা.য়ণ কৰি গৈ আছে আৰু হয়তো কৰি গৈ থাকিব৷ ধাৰৰ পৰিণাম পিছে জনতাই কৰৰ ৰূপত মূৰ পাতি লৈ থাকিবই লাগিব৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement