--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ কৰি ঘি খাইছে মোদীৰ চৰকাৰে৷ জনতাৰ চকুত লগাকৈ হাজাৰ হাজাৰ কোটিটকীয়া প্ৰকল্প  ঘোষণা কৰি মোদীৰ চৰকাৰে দেশবাসীক এনে এক ধাৰণা দিব বিচাৰিছে যে দেশৰ অৰ্থনৈতিক অৱস্থা এতিয়া খুবেই টনকিয়াল৷ কিন্তু প্ৰকৃতাৰ্থত মোদীৰ চৰকাৰৰ অৱস্থাটো এতিয়া বাহিৰত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰৰ লেখীয়া হৈছে৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ বাবে ৮০০০ কোটি টকাৰো অধিক মূল্যৰে ক্ৰয় কৰা হৈছে বিমান, হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি থকা হৈছে সংসদ ভৱন৷ 

কিন্তু যিখন দেশৰ নাগৰিকৰ বাবে হাজাৰ কোটিটকীয়া সংসদ ভৱন নিৰ্মাণ কৰা হৈছে সেই খন দেশৰে গৰিষ্ঠসংখ্যক লোকৰ অৱস্থা এতিয়াও পানীত হাঁহ নচৰা বিধৰ হৈয়েই আছে৷ দেশৰ মাত্ৰ কেইজন মান লোকহে ধনীৰ উপৰি ধনী হৈ যোৱাৰ লগতে ভাৰতৰ সাধাৰণ নাগৰিকসকলৰ আৰ্থিক দৈন্য দিনক দিনে বৃদ্ধিহে পাইছে৷ মোদীৰ চৰকাৰে তেনে হাজাৰ কোটিটকীয়া প্ৰকল্প ৰূপায়ণৰ দায়িত্ব দিছে বচা বচা ব্যকতিগত কোম্পানীক৷ ফলত সাধাৰণ নাগৰিক দুখীয়া হৈ গ’লেও পূজিপতি ধনীক  শ্ৰেণীটো ধনীহে হৈ গৈছে৷ 

ইয়াতেই সমৃদ্ধি দেখা পাইছে মোদীৰ চৰকাৰে৷ লক্ষণীয় কথাটো হ’ল ২০২২ চনৰ জুন মাহৰ শেষত ভাৰতৰ বাহ্যিক ঋণ ৬১৭.১ বিলিয়ন আমেৰিকান ডলাৰ হৈছিল৷  চৰকাৰী  প্ৰেছ বিজ্ঞপ্তিতে এই কথা  কোৱা হৈছে। ২০২২ চনৰ মাৰ্চৰ শেষত ১৯.৯ শতাংশৰ পৰা ২০২২ চনৰ জুনৰ শেষত জিডিপিৰ সৈতে বাহ্যিক ঋণৰ অনুপাত ১৯.৪ শতাংশলৈ হ্ৰাস পাইছিল।

দীৰ্ঘম্যাদী ঋণৰ পৰিমাণ   ৪৮৭.৩  বিলিয়ন আমেৰিকান ডলাৰ হৈছে৷ ২০২২ চনৰ জুনমাহৰ শেষত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ সৈতে হ্ৰস্বম্যাদী ঋণৰ অনুপাত ২২.০ শতাংশলৈ বৃদ্ধি পাইছে। ইমানৰ পিছতো খৰচ হ্ৰাস কৰাৰ কথাটোত মুঠেও গুৰুত্ব দিয়া নাই মোদীৰ চৰকাৰে৷ হকে-বহকে চৰকাৰী অনুষ্ঠান পাতি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি শাসিত বহু চৰকাৰে চৰকাৰী ধনৰ শৰাধ পাতিছে৷ সকলো দেখিও জনতা মুক হৈ থাকিবলগীয়া হৈছে৷ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা বোয়িং ৭৭৭-৩০০ইআৰ বিমানখনে  'এয়াৰ ইণ্ডিয়া ৱান' হিচাপে আত্মপ্ৰকাশ কৰিছে। 

কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৮,৪৫৮ কোটি টকা ব্যয়েৰে দুখন বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল ৷ একেদৰে ৯৭১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা  সংসদ ভৱনৰ বাবে নিৰ্মাণ ব্য়য়  ২২৯ কোটি টকা অতিৰিক্তভাৱে আৱণ্টন দি নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় সৰ্বমুঠ ১,২৫০ কোটি টকা কৰা হৈছে৷   সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে টাটা গ্ৰুপে ৷চাৰিমহলীয়া নতুন সংসদ ভৱনটো ১৩ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে।এনেদৰে দুখীয়া হৈ যোৱা দেশ খনে ধাৰৰ বোজা মূৰ পাতি লৈ হ’লেও কোটি কোটি টকাৰ প্ৰকল্প ৰূপা.য়ণ কৰি গৈ আছে আৰু হয়তো কৰি গৈ থাকিব৷ ধাৰৰ পৰিণাম পিছে জনতাই কৰৰ ৰূপত মূৰ পাতি লৈ থাকিবই লাগিব৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু