--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপায়ীৰ বহু কাহিনী চৰ্চালৈ আহি থাকে। এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত এজন ট্ৰাক চালক সুৰাপান কৰি চাৰিদিন ধৰি সন্ধানহীন হৈ আছিল। আৰক্ষীয়েও তেওঁক বিচাৰি নাপালে। অৱশেষত আৰক্ষীয়ে তেওঁৰ পত্নীক ফোন কৰে আৰু তাৰ পাছত পত্নীয়ে তেওঁক বিচাৰি পায়।

এই ট্ৰাক চালকজন হাথৰাছৰ বাসিন্দা যদিও তেওঁ ট্ৰাকখন লৈ আলিগড়লৈ গৈছিল। তেওঁ বহুত মদ খাই নিশা হোটেল এখনৰ সমীপত নিৰ্মিত কুঁৱা এটাত পৰি যায়। মদ্যপান কৰি ট্ৰাক চালকজনে বুজিব নোৱাৰিলে যে তেওঁ কুঁৱাত পৰিল। ৰাতিপুৱা যেতিয়া ট্ৰাকখন নিৰ্দিষ্ট স্থানত উপস্থিত নহ’ল, তেতিয়া ট্ৰাকৰ মালিক আৰু আন লোকৰ মাজত হাহাকাৰ লাগে। 

বহু তালাচীৰ পাছতো যেতিয়া তেওঁক পোৱা নগ’ল, তেতিয়া আৰক্ষীক খবৰ দিয়া হয়। আনকি আৰক্ষীয়েও ট্ৰাক চালকজনৰ একো সন্ধান দিব নোৱাৰিলে। সেয়েহে ট্ৰাক চালকৰ পত্নীক খবৰ দিয়া হ’ল। তথ্য পোৱাৰ লগে লগে পত্নীয়ে আলিগড়ত উপস্থিত হৈ হোটেলখনৰ চাৰিওফালে বিচাৰিবলৈ ধৰিলে। শুকান কুঁৱা এটা আছিল। তাত পত্নীয়ে দেখে যে মানুহ এজন পৰি আছে। পত্নীয়ে চুৱেটাৰটো দেখি চিনি পায় যে সেইজন তেওঁৰেই স্বামী। পত্নীয়ে নিজ হাতে গুঠিছিল চুৱেটাৰটো। পত্নীয়ে চিঞৰ মাৰি সকলোকে মাতে। 

তেওঁ কয় যে তেওঁৰ স্বামী এই কুঁৱাটোত পৰি আছে। ইয়াৰ পিছত কেইবাজনো মানুহে লগলাগি ট্ৰাক চালকজনক উদ্ধাৰ কৰে। ভাগ্য ভাল যে কুঁৱাটোত পানী নাছিল। অৱশ্যে ট্ৰাক চালকজনক উদ্ধাৰ কৰা সময়ত তেওঁ অচেতন অৱস্থাত আছিল। তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক