--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপায়ীৰ বহু কাহিনী চৰ্চালৈ আহি থাকে। এনে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত এজন ট্ৰাক চালক সুৰাপান কৰি চাৰিদিন ধৰি সন্ধানহীন হৈ আছিল। আৰক্ষীয়েও তেওঁক বিচাৰি নাপালে। অৱশেষত আৰক্ষীয়ে তেওঁৰ পত্নীক ফোন কৰে আৰু তাৰ পাছত পত্নীয়ে তেওঁক বিচাৰি পায়।

এই ট্ৰাক চালকজন হাথৰাছৰ বাসিন্দা যদিও তেওঁ ট্ৰাকখন লৈ আলিগড়লৈ গৈছিল। তেওঁ বহুত মদ খাই নিশা হোটেল এখনৰ সমীপত নিৰ্মিত কুঁৱা এটাত পৰি যায়। মদ্যপান কৰি ট্ৰাক চালকজনে বুজিব নোৱাৰিলে যে তেওঁ কুঁৱাত পৰিল। ৰাতিপুৱা যেতিয়া ট্ৰাকখন নিৰ্দিষ্ট স্থানত উপস্থিত নহ’ল, তেতিয়া ট্ৰাকৰ মালিক আৰু আন লোকৰ মাজত হাহাকাৰ লাগে। 

বহু তালাচীৰ পাছতো যেতিয়া তেওঁক পোৱা নগ’ল, তেতিয়া আৰক্ষীক খবৰ দিয়া হয়। আনকি আৰক্ষীয়েও ট্ৰাক চালকজনৰ একো সন্ধান দিব নোৱাৰিলে। সেয়েহে ট্ৰাক চালকৰ পত্নীক খবৰ দিয়া হ’ল। তথ্য পোৱাৰ লগে লগে পত্নীয়ে আলিগড়ত উপস্থিত হৈ হোটেলখনৰ চাৰিওফালে বিচাৰিবলৈ ধৰিলে। শুকান কুঁৱা এটা আছিল। তাত পত্নীয়ে দেখে যে মানুহ এজন পৰি আছে। পত্নীয়ে চুৱেটাৰটো দেখি চিনি পায় যে সেইজন তেওঁৰেই স্বামী। পত্নীয়ে নিজ হাতে গুঠিছিল চুৱেটাৰটো। পত্নীয়ে চিঞৰ মাৰি সকলোকে মাতে। 

তেওঁ কয় যে তেওঁৰ স্বামী এই কুঁৱাটোত পৰি আছে। ইয়াৰ পিছত কেইবাজনো মানুহে লগলাগি ট্ৰাক চালকজনক উদ্ধাৰ কৰে। ভাগ্য ভাল যে কুঁৱাটোত পানী নাছিল। অৱশ্যে ট্ৰাক চালকজনক উদ্ধাৰ কৰা সময়ত তেওঁ অচেতন অৱস্থাত আছিল। তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু