--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ আজিৰ দিনটোত   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটলৈ ভোট দিবলৈ গৈ  এক বিতৰ্কৰ সৃষ্টি কৰে। মোদীয়ে ভোট দান কৰাৰ সময়ত কৌশলেৰে  প্ৰচাৰৰ বাবে  এটা ৰোড শ্ব' অনুষ্ঠিত কৰে বুলি বিৰোধীয়ে অভিযোগ কৰিছে।তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে ভোটগ্ৰহণৰ দিনটোত মোদীয়ে ৰোড শ্ব’ কৰি নিৰ্বাচনী বিধি উলংঘা কৰা বুলি মন্তব্য কৰিছে৷  


গুজৰাটৰ দুটা প্ৰধান বিৰোধী দল আপ আৰু কংগ্ৰেছেও মোদীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে।সোমবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰে। মোদীয়ে ভোট দিবলৈ  সাধাৰণ ভোটাৰৰ দৰে শাৰীত থিয় হয়। তেওঁ সাধাৰণ ভোটাৰসকলক  ভোটকেন্দ্ৰলৈ আহিবলৈ আহ্বান জনায়। কিন্তু এইবোৰকথাকলৈ হোৱা নাই৷ বিতৰ্ক হৈছে মোদীয়ে  ভোটদান কৰিবলৈ যোৱাৰ সময়ত তেওঁ বহু দূৰ খোজকাঢ়ি গৈ ভোটাৰক আকৰ্ষণ কৰিব বিচৰাৰ কথাকলৈহে৷

দৰাচলতে মোদীয়ে বহু দূৰৰ পৰা খোজকাঢ়ি ভোটকেন্দ্ৰলৈ গৈছিল। স্বাভাৱিকতে বহু সাধাৰণ নাগৰিকে প্ৰধানমন্ত্ৰীক চাবলৈ ৰাস্তাৰ দুয়োফালে সমবেত  হৈছিল।  মোদীয়ে ভোট দিবলৈ খোজকাঢ়ি যোৱাৰ সময়ত তেওঁ ভোটাৰসকলক হাত জোকাৰি অভিবাদন জনাই গৈছিল৷ ফলত মোদীৰ ভোটদানৰ পৰ্ব  এক ৰোড শ্ব’ যেন  হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি সাধাৰণ লোকসকলক শুভেচ্ছা জনোৱা দেখা গৈছিল। কেৱল ভোট দান কৰাৰ আগতেই নহয়, ভোটদানৰ পাছতো প্ৰধানমন্ত্ৰীয়ে একেটা ঘটনাৰ পুনৰাবৃত্তি ঘটায় । এইবাৰ প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰৰ পৰা তেওঁৰ ককায়েক শোমা মোডীৰ ঘৰলৈ খোজকাঢ়ি যায়। ৰাস্তাৰ কাষত তেতিয়াও মানুহৰ ভিৰ আছিল।সেই দৃশ্য টিভিৰ  পৰ্দাতো পোনপটীয়াকৈ দেখুওৱা হৈছিল। স্বাভাৱিকতে  ভোটদানৰ দিনা এনেদৰে ৰোড শ্ব' অনুষ্ঠিত কৰিব পাৰিনে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিছে্। বিৰোধী কংগ্ৰেছ আৰু আপে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই বিষয়ত  অভিযোগ দাখিল কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ভোটদানৰ দিনা প্ৰধানমন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মাত মাতিছে। জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মমতাই আজি দিল্লীলৈ উৰা মাৰিছে। দিল্লীলৈ যোৱাৰ  আগতে বিমানবন্দৰত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মমতাই  কয়, "ভোটগ্ৰহণৰ দিনা ৰোড শ্ব' অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ নিয়ম বিৰোধী। এইবোৰ নিষিদ্ধ কৰা উচিত। কিন্তু বিজেপিয়ে একো চিন্তা নকৰে।" উল্লেখ্য  আজি নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত মমতাই মোদীৰ মুখামুখি হ'ব। তেওঁ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ আজমেৰ শ্বৰীফ আৰু পুষ্কৰ ভ্ৰমণ কৰাৰো কথা আছে। বুধবাৰে দিল্লীত কেইবাটাও ৰাজনৈতিক কাৰ্যসূচীত তেওঁ উপস্থিত  থাকিব ।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক