--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷ আজিৰ দিনটোত   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটলৈ ভোট দিবলৈ গৈ  এক বিতৰ্কৰ সৃষ্টি কৰে। মোদীয়ে ভোট দান কৰাৰ সময়ত কৌশলেৰে  প্ৰচাৰৰ বাবে  এটা ৰোড শ্ব' অনুষ্ঠিত কৰে বুলি বিৰোধীয়ে অভিযোগ কৰিছে।তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে ভোটগ্ৰহণৰ দিনটোত মোদীয়ে ৰোড শ্ব’ কৰি নিৰ্বাচনী বিধি উলংঘা কৰা বুলি মন্তব্য কৰিছে৷  


গুজৰাটৰ দুটা প্ৰধান বিৰোধী দল আপ আৰু কংগ্ৰেছেও মোদীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে।সোমবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰে। মোদীয়ে ভোট দিবলৈ  সাধাৰণ ভোটাৰৰ দৰে শাৰীত থিয় হয়। তেওঁ সাধাৰণ ভোটাৰসকলক  ভোটকেন্দ্ৰলৈ আহিবলৈ আহ্বান জনায়। কিন্তু এইবোৰকথাকলৈ হোৱা নাই৷ বিতৰ্ক হৈছে মোদীয়ে  ভোটদান কৰিবলৈ যোৱাৰ সময়ত তেওঁ বহু দূৰ খোজকাঢ়ি গৈ ভোটাৰক আকৰ্ষণ কৰিব বিচৰাৰ কথাকলৈহে৷

দৰাচলতে মোদীয়ে বহু দূৰৰ পৰা খোজকাঢ়ি ভোটকেন্দ্ৰলৈ গৈছিল। স্বাভাৱিকতে বহু সাধাৰণ নাগৰিকে প্ৰধানমন্ত্ৰীক চাবলৈ ৰাস্তাৰ দুয়োফালে সমবেত  হৈছিল।  মোদীয়ে ভোট দিবলৈ খোজকাঢ়ি যোৱাৰ সময়ত তেওঁ ভোটাৰসকলক হাত জোকাৰি অভিবাদন জনাই গৈছিল৷ ফলত মোদীৰ ভোটদানৰ পৰ্ব  এক ৰোড শ্ব’ যেন  হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি সাধাৰণ লোকসকলক শুভেচ্ছা জনোৱা দেখা গৈছিল। কেৱল ভোট দান কৰাৰ আগতেই নহয়, ভোটদানৰ পাছতো প্ৰধানমন্ত্ৰীয়ে একেটা ঘটনাৰ পুনৰাবৃত্তি ঘটায় । এইবাৰ প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰৰ পৰা তেওঁৰ ককায়েক শোমা মোডীৰ ঘৰলৈ খোজকাঢ়ি যায়। ৰাস্তাৰ কাষত তেতিয়াও মানুহৰ ভিৰ আছিল।সেই দৃশ্য টিভিৰ  পৰ্দাতো পোনপটীয়াকৈ দেখুওৱা হৈছিল। স্বাভাৱিকতে  ভোটদানৰ দিনা এনেদৰে ৰোড শ্ব' অনুষ্ঠিত কৰিব পাৰিনে নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিছে্। বিৰোধী কংগ্ৰেছ আৰু আপে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত এই বিষয়ত  অভিযোগ দাখিল কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ভোটদানৰ দিনা প্ৰধানমন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মাত মাতিছে। জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মমতাই আজি দিল্লীলৈ উৰা মাৰিছে। দিল্লীলৈ যোৱাৰ  আগতে বিমানবন্দৰত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মমতাই  কয়, "ভোটগ্ৰহণৰ দিনা ৰোড শ্ব' অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ নিয়ম বিৰোধী। এইবোৰ নিষিদ্ধ কৰা উচিত। কিন্তু বিজেপিয়ে একো চিন্তা নকৰে।" উল্লেখ্য  আজি নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত মমতাই মোদীৰ মুখামুখি হ'ব। তেওঁ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ আজমেৰ শ্বৰীফ আৰু পুষ্কৰ ভ্ৰমণ কৰাৰো কথা আছে। বুধবাৰে দিল্লীত কেইবাটাও ৰাজনৈতিক কাৰ্যসূচীত তেওঁ উপস্থিত  থাকিব ।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু