--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ মাৰিবৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি এটি ৮ বছৰীয়া শিশুক অপহৰণ কৰি তাৰপাছত হত্যা কৰে এজন যুৱকে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ বৰিয়াটু থানা এলেকাৰ এদালহাটুত। হত্যাকাৰীজনৰ পৰিচয় সঞ্জীৱ পাণ্ডা ওৰফে সঞ্জু বুলি জানিব পৰা গৈছে। হত্যাৰ বলি হোৱা ৮ বছৰীয়া শিশুটিৰ নাম আছিল শৌৰ্য। হত্যাকাৰী ২৭ বছৰীয়া সঞ্জু পূৰ্বে শৌৰ্যহঁতৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল।

আৰক্ষী কিশোৰ কৌশলে কয় যে ধৃত অভিযুক্ত সঞ্জু পাণ্ডাই শৌৰ্যক অপহৰণ কৰাৰ এঘণ্টাৰ পাছতে ধৰা পৰাৰ ভয়ত হত্যা কৰিছিল। সঞ্জুৱে শৌৰ্যৰ পিতৃ ৰাজু গোপেৰ ঘৰত ভাড়াতীয়া হিচাপে থাকোতে পুত্ৰ শৌৰ্যকে ধৰি সমগ্ৰ পৰিয়ালটোৰ লগত মিলি গৈছিল। সকলোৱে সঞ্জুক আপোন কৰি লৈছিল। 

জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনোৱা মতে, সঞ্জুৰ বহুত ধাৰ আছিল আৰু তেওঁক প্ৰয়োজন হৈছিল পাঁচ লাখ টকা। বিষয়াগৰাকীয়ে কয় যে ধাৰ মাৰিবৰ বাবে সঞ্জুৱে শৌৰ্য্যক অপহৰণ কৰি পিতৃৰ পৰা ১৫-২০ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ ষড়যন্ত্ৰ কৰিছিল। শৌৰ্য্যই ঘৰৰ পৰা ওচৰৰ দোকানলৈ গৈছিল কিছু বস্তু কিনিবৰ বাবে আৰু এই সময়ছোৱাতে সঞ্জুৱে শৌৰ্যক অপহৰণ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, শৌৰ্যই সেইসময়তে হুলস্থুল কৰিবলৈ আৰম্ভ কৰে আৰু ধৰা পৰাৰ ভয়ত শিশুটিক হত্যা কৰি পলায়ন কৰে সঞ্জুৱে। মৃতদেহটো ইটাৰে বান্ধি পানীত পেলাই দিয়ে সঞ্জুৱে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী সঞ্জুক। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত