--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ মাৰিবৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি এটি ৮ বছৰীয়া শিশুক অপহৰণ কৰি তাৰপাছত হত্যা কৰে এজন যুৱকে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ বৰিয়াটু থানা এলেকাৰ এদালহাটুত। হত্যাকাৰীজনৰ পৰিচয় সঞ্জীৱ পাণ্ডা ওৰফে সঞ্জু বুলি জানিব পৰা গৈছে। হত্যাৰ বলি হোৱা ৮ বছৰীয়া শিশুটিৰ নাম আছিল শৌৰ্য। হত্যাকাৰী ২৭ বছৰীয়া সঞ্জু পূৰ্বে শৌৰ্যহঁতৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল।

আৰক্ষী কিশোৰ কৌশলে কয় যে ধৃত অভিযুক্ত সঞ্জু পাণ্ডাই শৌৰ্যক অপহৰণ কৰাৰ এঘণ্টাৰ পাছতে ধৰা পৰাৰ ভয়ত হত্যা কৰিছিল। সঞ্জুৱে শৌৰ্যৰ পিতৃ ৰাজু গোপেৰ ঘৰত ভাড়াতীয়া হিচাপে থাকোতে পুত্ৰ শৌৰ্যকে ধৰি সমগ্ৰ পৰিয়ালটোৰ লগত মিলি গৈছিল। সকলোৱে সঞ্জুক আপোন কৰি লৈছিল। 

জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জনোৱা মতে, সঞ্জুৰ বহুত ধাৰ আছিল আৰু তেওঁক প্ৰয়োজন হৈছিল পাঁচ লাখ টকা। বিষয়াগৰাকীয়ে কয় যে ধাৰ মাৰিবৰ বাবে সঞ্জুৱে শৌৰ্য্যক অপহৰণ কৰি পিতৃৰ পৰা ১৫-২০ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ ষড়যন্ত্ৰ কৰিছিল। শৌৰ্য্যই ঘৰৰ পৰা ওচৰৰ দোকানলৈ গৈছিল কিছু বস্তু কিনিবৰ বাবে আৰু এই সময়ছোৱাতে সঞ্জুৱে শৌৰ্যক অপহৰণ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, শৌৰ্যই সেইসময়তে হুলস্থুল কৰিবলৈ আৰম্ভ কৰে আৰু ধৰা পৰাৰ ভয়ত শিশুটিক হত্যা কৰি পলায়ন কৰে সঞ্জুৱে। মৃতদেহটো ইটাৰে বান্ধি পানীত পেলাই দিয়ে সঞ্জুৱে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী সঞ্জুক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ