--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলী উদ্‌যাপনৰ পাছত মুম্বাইৰ এটি গৃহত দম্পতীৰ মৃতদেহ উদ্ধাৰ। আৰক্ষীৰ পৰা আহি পৰা তথ্য অনুসৰি বুধবাৰে মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত এটা বাসগৃহৰ বাথৰুমৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত এক দম্পতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷জানিব পৰা তথ্য অনুসৰি দম্পতীহালে ঘাটকোপাৰ অঞ্চলৰ কুক্ৰেজা ভৱনত বাস কৰিছিল। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আগবঢ়াইছে যদিও এতিয়ালৈকে মৃত্যুৰ কাৰণ  জানিব পৰা হোৱা নাই।

দম্পতীহালৰ ঘৰত কামকৰা মহিলাগৰাকীয়ে প্ৰথম মৃতদেহ প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে আত্মীয়সকলক মাতিছিল। ঘটনাস্থলী আত্মীয় স্বজন উপস্থিত হোৱাৰ পিছত মুম্বাই আৰক্ষী এই বিষয়ে অৱগত কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়৷
জানিব পৰা তথ্য অনুসৰি দম্পতীহালে ভৱনটোৰ পঞ্চম মহলাত বাস কৰিছিল। আৰু মৃত দম্পতীহালৰ কিছু আত্মীয় ওচৰৰ অট্টালিকাত থাকে বুলি জানিব পৰা গৈছে।

মুম্বাইৰ জ’ন ৭ৰ আৰক্ষী আয়ুক্ত পুৰুষোত্তম কাৰাডে জনোৱা অনুসৰি "পন্ট নগৰ আৰক্ষীয়ে এই দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে, আৰু মৃতদেহ দুটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷" উল্লেখযোগ্য যে মৃত হোৱা দম্পতীহালৰ স্বামীৰ বয়স ৪২ বছৰ আৰু পত্নীৰ বয়স ৩৯ বছৰ, গোচৰটোৰ অধিক তদন্ত চলাবৰ বাবে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে নিজৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি মুম্বাই আৰক্ষী আত্মবিশ্বাসী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement