--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলী উদ্‌যাপনৰ পাছত মুম্বাইৰ এটি গৃহত দম্পতীৰ মৃতদেহ উদ্ধাৰ। আৰক্ষীৰ পৰা আহি পৰা তথ্য অনুসৰি বুধবাৰে মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত এটা বাসগৃহৰ বাথৰুমৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত এক দম্পতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷জানিব পৰা তথ্য অনুসৰি দম্পতীহালে ঘাটকোপাৰ অঞ্চলৰ কুক্ৰেজা ভৱনত বাস কৰিছিল। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আগবঢ়াইছে যদিও এতিয়ালৈকে মৃত্যুৰ কাৰণ  জানিব পৰা হোৱা নাই।

দম্পতীহালৰ ঘৰত কামকৰা মহিলাগৰাকীয়ে প্ৰথম মৃতদেহ প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে আত্মীয়সকলক মাতিছিল। ঘটনাস্থলী আত্মীয় স্বজন উপস্থিত হোৱাৰ পিছত মুম্বাই আৰক্ষী এই বিষয়ে অৱগত কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়৷
জানিব পৰা তথ্য অনুসৰি দম্পতীহালে ভৱনটোৰ পঞ্চম মহলাত বাস কৰিছিল। আৰু মৃত দম্পতীহালৰ কিছু আত্মীয় ওচৰৰ অট্টালিকাত থাকে বুলি জানিব পৰা গৈছে।

মুম্বাইৰ জ’ন ৭ৰ আৰক্ষী আয়ুক্ত পুৰুষোত্তম কাৰাডে জনোৱা অনুসৰি "পন্ট নগৰ আৰক্ষীয়ে এই দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে, আৰু মৃতদেহ দুটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে৷" উল্লেখযোগ্য যে মৃত হোৱা দম্পতীহালৰ স্বামীৰ বয়স ৪২ বছৰ আৰু পত্নীৰ বয়স ৩৯ বছৰ, গোচৰটোৰ অধিক তদন্ত চলাবৰ বাবে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে নিজৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি মুম্বাই আৰক্ষী আত্মবিশ্বাসী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান