--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ বানৰ কবলত পৰিছে আমেৰিকাৰ নিউয়ৰ্ক চহৰ। নিউয়ৰ্কত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে ।বৰষুণৰ ফলত  চহৰখনৰ বহু ৰাস্তা জলমগ্ন হৈ পৰিছে। নৰ্দমাবোৰ পানীৰে  উপচি পৰিছে। 

ফলস্বৰূপে স্কুল, চাবৱে, সকলোবোৰ পানীৰে ভৰি আছে। পথত পানী হোৱাৰ ফলত পথৰ ওপৰতে বহু বাহন আবদজ্ধ হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিউয়ৰ্কৰ বহু ঠাইত গোটেই শুকুৰবাৰে নিশা  ধাৰাসাৰ বৰষুণ হৈছে। ফলত  সকলো ঠাইতে পানীৰ ঢল বৈ গৈছে। ইতিমধ্যে বহু অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। 

স্থানীয় লোকসকলক সতৰ্ক কৰি দিয়া হৈছে। বৰষুণৰ বাবে নিউয়ৰ্কৰ বিমান সেৱাও ব্যাহত হৈ পৰিছে। মেট্ৰ' সেৱাও বাতিল হৈছে।  নিউয়ৰ্কৰ লা গাৰ্ডিয়া বিমানবন্দৰৰ টাৰ্মিনেলটো পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে। বহু বিমান বাতিল কৰা হৈছে। বহু বিমানৰ উৰণ  বিলম্বিত হৈছে। ফলস্বৰূপে যাত্ৰীসকলক স্থানান্তৰ কৰিবলগীয়া হৈছে। 

ৰাস্তাটোত বহু  গাড়ী পানীত ওপঙি থকা দেখা গৈছে। নিউয়ৰ্কৰ লগতে আমেৰিকাৰ উত্তৰ-পূব অংশও জলমগ্ন হৈ পৰিছে। বানৰ বহু  ছবি আৰু ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন