--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ বানৰ কবলত পৰিছে আমেৰিকাৰ নিউয়ৰ্ক চহৰ। নিউয়ৰ্কত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে ।বৰষুণৰ ফলত  চহৰখনৰ বহু ৰাস্তা জলমগ্ন হৈ পৰিছে। নৰ্দমাবোৰ পানীৰে  উপচি পৰিছে। 

ফলস্বৰূপে স্কুল, চাবৱে, সকলোবোৰ পানীৰে ভৰি আছে। পথত পানী হোৱাৰ ফলত পথৰ ওপৰতে বহু বাহন আবদজ্ধ হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিউয়ৰ্কৰ বহু ঠাইত গোটেই শুকুৰবাৰে নিশা  ধাৰাসাৰ বৰষুণ হৈছে। ফলত  সকলো ঠাইতে পানীৰ ঢল বৈ গৈছে। ইতিমধ্যে বহু অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। 

স্থানীয় লোকসকলক সতৰ্ক কৰি দিয়া হৈছে। বৰষুণৰ বাবে নিউয়ৰ্কৰ বিমান সেৱাও ব্যাহত হৈ পৰিছে। মেট্ৰ' সেৱাও বাতিল হৈছে।  নিউয়ৰ্কৰ লা গাৰ্ডিয়া বিমানবন্দৰৰ টাৰ্মিনেলটো পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে। বহু বিমান বাতিল কৰা হৈছে। বহু বিমানৰ উৰণ  বিলম্বিত হৈছে। ফলস্বৰূপে যাত্ৰীসকলক স্থানান্তৰ কৰিবলগীয়া হৈছে। 

ৰাস্তাটোত বহু  গাড়ী পানীত ওপঙি থকা দেখা গৈছে। নিউয়ৰ্কৰ লগতে আমেৰিকাৰ উত্তৰ-পূব অংশও জলমগ্ন হৈ পৰিছে। বানৰ বহু  ছবি আৰু ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি