--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধানবাদৰ  এটা অভিজাত ভৱনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড৷  এই অগ্নিকাণ্ডত  ১০  গৰাকী মহিলা আৰু ৩ টা শিশুসহ ১৪  জন লোকৰ মৃত্যু ঘটিছে। ঘটনাটোত কমেও ১৮ জন লোকক আহত হৈছে৷ তেওঁলোকক   চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷  এতিয়াও ভৱনটোত থকা কেইবাজনো লোক  সন্ধানহীন হৈ আছে। ঘটনাটোৰ পিছত বিলাসী ঘৰটো খালী কৰা হৈছে । ৰাঁচীৰ ফৰেনচিক বিশেষজ্ঞসকল  ঘটনাস্থলীত আহি উপস্থিত হৈছে৷ 

কয়লা চহৰ ধানবাদৰ বেংক চাৰিআলিৰ ওচৰৰ জোৰা ফাটক অঞ্চলৰ  ১১ মহলীয়া এপাৰ্টমেণ্টত অগ্নিকাণ্ডটো সংঘটিত হয়। মঙলবাৰে সন্ধিয়া ভৱনটোত জুই লাগে৷  'আশীৰৱাদ টাৱাৰ' নামৰ অভিজাত বহুমহলীয়া  ভৱনটোৰ চতুৰ্থ মহলাত প্ৰথমে জুই লাগিছিল। তাৰ পিছত জুই  পঞ্চম মহলালৈ বিয়পি পৰে । জুই এতিয়াও জ্বলি আছে।  আন ১৪ জন লোকক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

৪০ খন  অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে  ঘটনাস্থলীলৈ গৈ  জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে বুলি জনিব পৰা গৈছে।ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে নিশা কয়, "এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। এইটো স্পষ্ট হোৱা নাই  যে কেনেকৈ জুই লাগিছিল। মই নিজেই উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি আছো।  "মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০,০০০ টকা ঘোষণা কৰে।

জানিব পৰা মতে  বিলাসী ফ্লেটটোত কোনো অগ্নি নিৰ্বাপক ব্যৱস্থা নাছিল। কিন্তু কিয়? এইটোৱেই প্ৰশ্ন। উল্লেখ্য শনিবাৰে, ধানবাদৰ এই বেংক চাৰিআলিৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ডত এহাল চিকিৎসক দম্পতীৰ মৃত্যু ঘটিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক