--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধানবাদৰ  এটা অভিজাত ভৱনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড৷  এই অগ্নিকাণ্ডত  ১০  গৰাকী মহিলা আৰু ৩ টা শিশুসহ ১৪  জন লোকৰ মৃত্যু ঘটিছে। ঘটনাটোত কমেও ১৮ জন লোকক আহত হৈছে৷ তেওঁলোকক   চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷  এতিয়াও ভৱনটোত থকা কেইবাজনো লোক  সন্ধানহীন হৈ আছে। ঘটনাটোৰ পিছত বিলাসী ঘৰটো খালী কৰা হৈছে । ৰাঁচীৰ ফৰেনচিক বিশেষজ্ঞসকল  ঘটনাস্থলীত আহি উপস্থিত হৈছে৷ 

কয়লা চহৰ ধানবাদৰ বেংক চাৰিআলিৰ ওচৰৰ জোৰা ফাটক অঞ্চলৰ  ১১ মহলীয়া এপাৰ্টমেণ্টত অগ্নিকাণ্ডটো সংঘটিত হয়। মঙলবাৰে সন্ধিয়া ভৱনটোত জুই লাগে৷  'আশীৰৱাদ টাৱাৰ' নামৰ অভিজাত বহুমহলীয়া  ভৱনটোৰ চতুৰ্থ মহলাত প্ৰথমে জুই লাগিছিল। তাৰ পিছত জুই  পঞ্চম মহলালৈ বিয়পি পৰে । জুই এতিয়াও জ্বলি আছে।  আন ১৪ জন লোকক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

৪০ খন  অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে  ঘটনাস্থলীলৈ গৈ  জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে বুলি জনিব পৰা গৈছে।ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে নিশা কয়, "এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। এইটো স্পষ্ট হোৱা নাই  যে কেনেকৈ জুই লাগিছিল। মই নিজেই উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি আছো।  "মঙলবাৰে নিশা প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০,০০০ টকা ঘোষণা কৰে।

জানিব পৰা মতে  বিলাসী ফ্লেটটোত কোনো অগ্নি নিৰ্বাপক ব্যৱস্থা নাছিল। কিন্তু কিয়? এইটোৱেই প্ৰশ্ন। উল্লেখ্য শনিবাৰে, ধানবাদৰ এই বেংক চাৰিআলিৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ডত এহাল চিকিৎসক দম্পতীৰ মৃত্যু ঘটিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু