--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌতুক প্ৰথা এক সামাজিক ব্যাধি। যৌতুকৰ বাবেই বহু বোৱাৰীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। যৌতুকৰ বাবেই বহু ঘৰ ভাঙি থানবান হয়। যৌতুক নালাগে বুলি ক'ব পৰা যুৱক খুব কমেই দেখিবলৈ পোৱা যায়। যৌতুক প্ৰথা বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যত বহুলভাৱে প্ৰচলিত। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এজন দৰাই সকলোতে চৰ্চা লাভ কৰিছে। সেই দৰাজনে মোক যৌতুক নালাগে বুলি সজোৰে ঘোষণা কৰিছে। উত্তৰ প্ৰদেশৰ এজন ল'ৰাই এনেকৈ ক'ব পৰাটো সঁচাকৈয়ে এক উল্লেখযোগ্য কথা। দৰাজনৰ নাম সিদ্ধান্ত। ২৯ বছৰীয়া সিদ্ধান্ত কনৌজৰ বাসিন্দা। 

তেওঁ কয় যে ''যৌতুক প্ৰথা সমাজৰ এক কলংক। ইয়াৰ বাবে বহু পৰিয়াল ধ্বংস হয়। আমি উঠি অহা প্ৰজন্মই ইয়াক নিৰ্মূল কৰিব লাগিব। মই বিচাৰো যে মোক দেখি আৰু এনে অনেক যুৱক ওলাই আহক আৰু যৌতুক দিব নালাগে বুলি প্ৰস্তাৱ ৰাখক। যৌতুক নহয় এগৰাকী ভাল জীৱনসংগীয়েহে আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব। গতিকে যৌতুক নহয় এগৰাকী উপযুক্ত জীৱনসংগী বিচৰা কথাটোতহে গুৰুত্ব দিব লাগে।''

সিদ্ধান্তৰ এই কথাই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ হৃদয় জয় কৰিছিল আৰু বিষয়টোক লৈ সকলোৰে মাজত বহু আলোচনা হৈছিল। হোমৰ জুইক সাক্ষী কৰি অতি অনুষ্টুপীয়াকৈ হেমা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় সিদ্ধান্ত। সিদ্ধান্তৰ এই সিদ্ধান্তক পৰিয়ালৰ লোকেও সমৰ্থন জনায়। 

শক্তিপীঠ গামা দেৱী মন্দিৰত উপস্থিত হৈছিল দৰা-কইনা আৰু তেওঁলোকৰ পৰিয়াল। ইয়াত দুয়ো অগ্নি আৰু আদি শক্তি মা ভগৱতীক সাক্ষী কৰি হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি 'সাত ফেৰে' লৈছিল। বিয়াখনত কোনো অপচয়মূলক খৰচ নাছিল।

কইনা হেমাই কয় যে ''যৌতুক লোৱা আৰু দিয়া দুয়োটা পাপ। যৌতুক নোহোৱাকৈ বিয়া পাতিবলৈ যুৱক-যুৱতীসকল আগবাঢ়ি আহিব লাগে। ইয়াৰ লগে লগে এই কু-প্ৰথাৰ অন্ত পৰাটো সম্ভৱ।''

সকলোৱে এই নৱবিবাহিত দম্পতীক সুখী জীৱন যাপন কৰিবলৈ আশীৰ্বাদ আৰু শুভকামনা প্ৰদান কৰে। মন্দিৰত অনুষ্ঠিত এই যৌতুকমুক্ত বিবাহ চৰ্চাৰ বিষয় হৈয়েই থাকিল চৌপাশৰ মানুহৰ মাজত। সকলোৱে তেওঁলোকৰ সিদ্ধান্তৰ আন্তৰিক শলাগ লৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু