--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌতুক প্ৰথা এক সামাজিক ব্যাধি। যৌতুকৰ বাবেই বহু বোৱাৰীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। যৌতুকৰ বাবেই বহু ঘৰ ভাঙি থানবান হয়। যৌতুক নালাগে বুলি ক'ব পৰা যুৱক খুব কমেই দেখিবলৈ পোৱা যায়। যৌতুক প্ৰথা বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, গুজৰাট আদি ৰাজ্যত বহুলভাৱে প্ৰচলিত। 

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এজন দৰাই সকলোতে চৰ্চা লাভ কৰিছে। সেই দৰাজনে মোক যৌতুক নালাগে বুলি সজোৰে ঘোষণা কৰিছে। উত্তৰ প্ৰদেশৰ এজন ল'ৰাই এনেকৈ ক'ব পৰাটো সঁচাকৈয়ে এক উল্লেখযোগ্য কথা। দৰাজনৰ নাম সিদ্ধান্ত। ২৯ বছৰীয়া সিদ্ধান্ত কনৌজৰ বাসিন্দা। 

তেওঁ কয় যে ''যৌতুক প্ৰথা সমাজৰ এক কলংক। ইয়াৰ বাবে বহু পৰিয়াল ধ্বংস হয়। আমি উঠি অহা প্ৰজন্মই ইয়াক নিৰ্মূল কৰিব লাগিব। মই বিচাৰো যে মোক দেখি আৰু এনে অনেক যুৱক ওলাই আহক আৰু যৌতুক দিব নালাগে বুলি প্ৰস্তাৱ ৰাখক। যৌতুক নহয় এগৰাকী ভাল জীৱনসংগীয়েহে আমাৰ জীৱনটো সুন্দৰ কৰি তুলিব। গতিকে যৌতুক নহয় এগৰাকী উপযুক্ত জীৱনসংগী বিচৰা কথাটোতহে গুৰুত্ব দিব লাগে।''

সিদ্ধান্তৰ এই কথাই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ হৃদয় জয় কৰিছিল আৰু বিষয়টোক লৈ সকলোৰে মাজত বহু আলোচনা হৈছিল। হোমৰ জুইক সাক্ষী কৰি অতি অনুষ্টুপীয়াকৈ হেমা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় সিদ্ধান্ত। সিদ্ধান্তৰ এই সিদ্ধান্তক পৰিয়ালৰ লোকেও সমৰ্থন জনায়। 

শক্তিপীঠ গামা দেৱী মন্দিৰত উপস্থিত হৈছিল দৰা-কইনা আৰু তেওঁলোকৰ পৰিয়াল। ইয়াত দুয়ো অগ্নি আৰু আদি শক্তি মা ভগৱতীক সাক্ষী কৰি হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি 'সাত ফেৰে' লৈছিল। বিয়াখনত কোনো অপচয়মূলক খৰচ নাছিল।

কইনা হেমাই কয় যে ''যৌতুক লোৱা আৰু দিয়া দুয়োটা পাপ। যৌতুক নোহোৱাকৈ বিয়া পাতিবলৈ যুৱক-যুৱতীসকল আগবাঢ়ি আহিব লাগে। ইয়াৰ লগে লগে এই কু-প্ৰথাৰ অন্ত পৰাটো সম্ভৱ।''

সকলোৱে এই নৱবিবাহিত দম্পতীক সুখী জীৱন যাপন কৰিবলৈ আশীৰ্বাদ আৰু শুভকামনা প্ৰদান কৰে। মন্দিৰত অনুষ্ঠিত এই যৌতুকমুক্ত বিবাহ চৰ্চাৰ বিষয় হৈয়েই থাকিল চৌপাশৰ মানুহৰ মাজত। সকলোৱে তেওঁলোকৰ সিদ্ধান্তৰ আন্তৰিক শলাগ লৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক