--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰত পোত খাই থকা অনিল আম্বানীৰ জীৱনলৈ আহিছে এটা ভাল খবৰ। অনিল আম্বানীৰ ভাতৃ মুকেশ আম্বানী বিশ্বৰ ভিতৰতে ধনী মানুহৰ তালিকাত স্থান পোৱাৰ বিপৰীতে অনিল আম্বানীৰ জীৱন ঋণগ্ৰস্ততাৰে জৰ্জৰিত। 

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইৰ মেট্ৰ’-১ কৰিডৰত অনিল আম্বানীৰ ৭৪ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই প্ৰকল্পত অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স ইনফ্ৰাৰ অংশীদাৰিত্ব আছে। এই প্ৰকল্পত ৰিলায়েন্স ইনফ্ৰাৰ অংশীদাৰিত্ব ৪০০০ কোটি টকাত ক্ৰয় কৰিব এমএমআৰডিএই। এই চুক্তি হোৱাৰ লগে লগে ৰিলায়েন্স ইনফ্ৰা এই প্ৰকল্পৰ পৰা ওলাই আহিব।

মুম্বাইত ৩৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ নেটৱৰ্ক নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ভিতৰত ভাৰ্ছ’ভা-আন্ধেৰী-ঘাটকোপাৰৰ মাজৰ ১১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’-১ কৰিড’ৰটোও অন্তৰ্ভুক্ত। এইটো এটা কৰিডৰ যাক ৰাজহুৱা আৰু ব্যক্তিগতভাৱে নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে এখন বিশেষ উদ্দেশ্যৰ বাহন মুম্বাই মেট্ৰ’ ৱান প্ৰাইভেট লিমিটেড (এমএমঅ’পিএল) গঠন কৰা হয়। ইয়াত এমএমআৰডিএৰ ২৬ শতাংশ আৰু আৰ-ইনফ্ৰাৰ ৭৪ শতাংশ অংশীদাৰিত্ব আছে।

সোমবাৰে ৰাজ্যৰ মন্ত্ৰীসভাই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা প্ৰাক্তন মুখ্য সচিব জনী জোচেফৰ প্ৰতিবেদনত অনুমোদন জনায়, য’ত আৰ-ইনফ্ৰাৰ ৭৪ শতাংশ অংশীদাৰিত্বৰ মূল্য ৪০০০ কোটি টকা বুলি অনুমান কৰা হৈছে। 

এই বিশাল ধনৰাশিৰ বাবে অনিল আম্বানীৰ জীৱন হয়তো সলনি হৈ পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী