--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰত পোত খাই থকা অনিল আম্বানীৰ জীৱনলৈ আহিছে এটা ভাল খবৰ। অনিল আম্বানীৰ ভাতৃ মুকেশ আম্বানী বিশ্বৰ ভিতৰতে ধনী মানুহৰ তালিকাত স্থান পোৱাৰ বিপৰীতে অনিল আম্বানীৰ জীৱন ঋণগ্ৰস্ততাৰে জৰ্জৰিত। 

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইৰ মেট্ৰ’-১ কৰিডৰত অনিল আম্বানীৰ ৭৪ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই প্ৰকল্পত অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স ইনফ্ৰাৰ অংশীদাৰিত্ব আছে। এই প্ৰকল্পত ৰিলায়েন্স ইনফ্ৰাৰ অংশীদাৰিত্ব ৪০০০ কোটি টকাত ক্ৰয় কৰিব এমএমআৰডিএই। এই চুক্তি হোৱাৰ লগে লগে ৰিলায়েন্স ইনফ্ৰা এই প্ৰকল্পৰ পৰা ওলাই আহিব।

মুম্বাইত ৩৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ নেটৱৰ্ক নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ ভিতৰত ভাৰ্ছ’ভা-আন্ধেৰী-ঘাটকোপাৰৰ মাজৰ ১১.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’-১ কৰিড’ৰটোও অন্তৰ্ভুক্ত। এইটো এটা কৰিডৰ যাক ৰাজহুৱা আৰু ব্যক্তিগতভাৱে নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে এখন বিশেষ উদ্দেশ্যৰ বাহন মুম্বাই মেট্ৰ’ ৱান প্ৰাইভেট লিমিটেড (এমএমঅ’পিএল) গঠন কৰা হয়। ইয়াত এমএমআৰডিএৰ ২৬ শতাংশ আৰু আৰ-ইনফ্ৰাৰ ৭৪ শতাংশ অংশীদাৰিত্ব আছে।

সোমবাৰে ৰাজ্যৰ মন্ত্ৰীসভাই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা প্ৰাক্তন মুখ্য সচিব জনী জোচেফৰ প্ৰতিবেদনত অনুমোদন জনায়, য’ত আৰ-ইনফ্ৰাৰ ৭৪ শতাংশ অংশীদাৰিত্বৰ মূল্য ৪০০০ কোটি টকা বুলি অনুমান কৰা হৈছে। 

এই বিশাল ধনৰাশিৰ বাবে অনিল আম্বানীৰ জীৱন হয়তো সলনি হৈ পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু