--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধুত্ব এক পৰম শক্তি। জীৱনৰ সোৱাদ বৃদ্ধি কৰে বন্ধুত্বই। সুৰেশ কোথাৰী আৰু এ জি ছাকিৰ নামৰ দুজন বন্ধুৰ কাহিনী এতিয়া সকলোতে চৰ্চিত। দুই বন্ধুৰ পুনৰ মিলনে সমগ্ৰ ইণ্টাৰনেট জগতক মন্ত্ৰমুগ্ধ কৰি তুলিছে। 

গুজৰাটৰ দীছাত একেলগে ডাঙৰ-দীঘল হোৱা সুৰেশ কোথাৰী আৰু এ জি ছাকিৰে ১৯৪৭ চনত ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ সময়ত বিচ্ছেদৰ জ্বালা সহ্য কৰিছিল।

তেওঁলোকৰ মাজত থিয় হৈ থকা বিশাল ভৌগোলিক আৰু ৰাজনৈতিক বাধাৰ মাজতো কোথাৰী আৰু ছাকিৰৰ মাজৰ বন্ধন অবিচ্ছেদ্য হৈয়েই থাকিল। ১২ বছৰ বয়সত বিচ্ছেদ হোৱাৰ পাছত ১৯৮২ চনত এজন বন্ধুৰ সহায়ত নিউয়ৰ্কত কিছু সময়ৰ বাবে দুয়ো পুনৰ একত্ৰিত হৈছিল।

কিন্তু ২০২৩ চনৰ অক্টোবৰ মাহত ৪১টা দীঘলীয়া বিৰতিৰ মূৰত পুনৰ লগ হয় দুই বন্ধু। আমেৰিকাত হোৱা দুই বন্ধুৰ পুনৰ মিলনৰ দৃশ্য বন্দী কৰি ৰাখে সুৰেশ কোথাৰীৰ নাতিনী মেগান কোথাৰীয়ে। ভাইৰেল ভিডিঅ’ত বন্দী হোৱা এই আৱেগিক সাক্ষাৎকাৰত দুয়োজনৰ মাজত উষ্ম আলিংগন দেখা গৈছিল, যিটো তেওঁলোকৰ অবিচ্ছেদ্য বন্ধুত্বৰ প্ৰমাণ।

'ভৌগোলিক আৰু ৰাজনৈতিক বাধাৰ মাজতো তেওঁলোকৰ মাজত এতিয়াও ইজনে সিজনৰ প্ৰতি যি মৰম আৰু সন্মান আছে সেয়া প্ৰশংসনীয়।' দুয়োৰে মাজৰ প্ৰেম আৰু তেওঁলোকৰ বন্ধুত্বই আমাক উপলব্ধি কৰাইছে যে সীমান্ত বা চৰকাৰে যিমানেই কঠোৰ পৰিশ্ৰম কৰি মানুহক পৃথক কৰিবলৈ চেষ্টা নকৰক কিয়, প্ৰেম আৰু বন্ধুত্ব সদায় শক্তি হৈয়ে থাকিব।

মেগান কোথাৰীৰ ভাইৰেল পোষ্টটোৰ কেপচনত লিখা আছে যে ২০২৪ চনৰ এপ্ৰিল মাহত মোৰ ককাৰ ৯০ বছৰীয়া জন্মদিনত দুয়োজন বন্ধু নিউ জাৰ্চিত পুনৰ লগ হ’ব।

কোথাৰী আৰু ছাকিৰে যিদৰে লগ পাইছিল আৰু সাৱটি ধৰিছিল, ক’ব পাৰি যে এইটোৱেই হৈছে মানৱ সম্পৰ্কৰ স্থায়ী প্ৰভাৱ যিয়ে কঠিনতম বাধাকো অতিক্ৰম কৰিব পাৰে।

কোথাৰী আৰু ছাকিৰৰ এই পুনৰ মিলনে তেওঁলোকক অপৰিসীম সুখ দিয়া যেন লাগিল, ভাইৰেল ভিডিঅ'টোৰ জৰিয়তে ''তেওঁলোকৰ সাক্ষাৎকাৰ যিয়েই দেখিলে তেওঁৱেই কোৱা দেখা গ'ল যে যদি কোনোবাই কাৰোবাক বন্ধু বুলি গণ্য কৰে, তেন্তে সমৰ্পণ এইখিনিলৈকে হ'ব লাগে।''

যিহেতু ভিডিঅ’টো সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, সেয়েহে মানুহেও বাৰে বাৰে একেটা কথাই আওৰাই আছে যে বন্ধুত্বৰ এই কাহিনীটো সঁচাকৈয়ে সীমাৰ উৰ্ধত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু