--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদ আঁতৰা নাই সমীৰ ৱাংখেৰেৰ। সমীৰ ৱাংখেৰে কোন বুলি প্ৰশ্ন এতিয়া কোনেও হয়তো নকৰে। কাৰণ যোৱা বছৰটোৰ শেষৰ দুটামান মাহত নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ (এনচিবিৰ) সেই সময়ৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ নাম ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। তাৰ মূল কাৰণ আছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ গ্ৰেপ্তাৰ। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ পাৰ্টীত জড়িত থকাৰ অভিযোগত সমীৰ ৱাংখেৰে নেতৃত্বত যোৱা এনচিবিৰ দৰে গ্ৰেপ্তাৰ কৰিছিল শ্বাহৰুখ তনয় আৰিয়ান খানক। পিছে আৰিয়ানৰ বাবে পানী ঘোলা কৰা সমীৰ ৱাংখেৰেই সেই ঘোলা পানী জোলাকা-জোলোকে খাবলগীয়া অৱস্থা হ’ল। আৰিয়ানৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৩ অক্টোবৰত। তাৰ পাছতে দেশজুৰি তীব্ৰ আলোড়ন সৃষ্টি হৈছিল। শ্বাহৰুখ তনয়ক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছিল সমীৰ ৱাংখেৰে। এইক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছিল মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নবাব মালিকে। সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগ তুলি মালিকে ব্যতিব্যস্ত কৰি তুলিছিল ৱাংখেৰেক। কেৱল ইমানেই নহয় ৱাংখেৰেৰ সহযোগীয়েই তেওঁৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ কৰা তথা ৱাংখেৰেৰ দলত এজন পলাতক অপৰাধীৰ উপস্থিতিয়ে শলঠেকত পেলাইছিল সমীৰ ৱাংখেৰেক। আৰিয়ান কাণ্ডত সমীৰ ৱাংখেৰেই ১৮ কোটিৰ ডীল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতে বিপদ গাঢ় হৈ পৰে সমীৰ ৱাংখেৰেৰ। তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ লগতে তেওঁক আঁতৰাই পঠিওৱা হ’ল এনচিবিৰ পৰা। ২৮ অক্টোবৰত আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। কিছুমান বাধা-নিষেধৰ মাজত থাকিবলগীয়া হ’লেও আৰিয়ানৰ স্বাভাৱিক জীৱন এতিয়া আৰম্ভ হৈছে। যোৱা শনিবাৰে আইপিএৰ নিলামতো দেখা গ’ল শ্বাহৰুখ তনয়ক। কিন্তু ৱাংখেৰেৰ আকাশৰ পৰা ডাৱৰ এতিয়াও আঁতৰা নাই। দেওবাৰেও সমীৰ ৱাংখেৰে সন্মুখীন হ’ল জেৰাৰ। দিল্লী এনচিবিৰ ভিজিলেন্সৰ এটা দলে সমীৰ ৱাংখেৰেক জেৰা কৰে দেওবাৰৰ দিনটোতো। সমীৰৰ বিৰুদ্ধে উঠা অভিযোগৰ মূল তদন্তকাৰী বিষয়া ভি ভি সিঙে দহ ঘণ্টা ধৰি জেৰা কৰে সমীৰ ৱাংখেৰেক। তেওঁক ২০টা প্ৰশ্ন কৰে তদন্তকাৰী বিষয়াগৰাকীয়ে। সমীৰ ৱাংখেৰেৰ এতিয়া বেছিকৈ মুখ মেলি ওঁঠ ফটাৰ লেখীয়া হোৱা বুলি চৰ্চা চলিছে। কিয়নো তেওঁ এনচিবিৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ হোৱাৰ পাছৰে পৰা বলীউডৰ তাৰকাসকলৰ পিছে পিছে একপ্ৰকাৰ ঘূৰি ফুৰিছিল। ড্ৰাগছ গ্ৰহণ আৰু সৰবৰাহৰ অভিযোগত বিভিন্নজন তাৰকাক গ্ৰেপ্তাৰ কৰিছিল সমীৰ ৱাংখেৰে বাহিনীয়ে। নবাব মালিকে অভিযোগ কৰা মতে তেওঁ বিভিন্নজন তাৰকাৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰি ধন আদায় কৰিছিল। কিন্তু তেওঁৰ এই বিতৰ্কিত কাণ্ডৰ অৱসান ঘটালে আৰিয়ান কাণ্ডই। কিন্তু নিজে পতা জালত নিজে বন্দী হৈ তেওঁ এতিয়াও ছটফটাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ