--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদ আঁতৰা নাই সমীৰ ৱাংখেৰেৰ। সমীৰ ৱাংখেৰে কোন বুলি প্ৰশ্ন এতিয়া কোনেও হয়তো নকৰে। কাৰণ যোৱা বছৰটোৰ শেষৰ দুটামান মাহত নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ (এনচিবিৰ) সেই সময়ৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ নাম ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। তাৰ মূল কাৰণ আছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ গ্ৰেপ্তাৰ। মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ পাৰ্টীত জড়িত থকাৰ অভিযোগত সমীৰ ৱাংখেৰে নেতৃত্বত যোৱা এনচিবিৰ দৰে গ্ৰেপ্তাৰ কৰিছিল শ্বাহৰুখ তনয় আৰিয়ান খানক। পিছে আৰিয়ানৰ বাবে পানী ঘোলা কৰা সমীৰ ৱাংখেৰেই সেই ঘোলা পানী জোলাকা-জোলোকে খাবলগীয়া অৱস্থা হ’ল। আৰিয়ানৰ গ্ৰেপ্তাৰ কৰা হৈছিল ৩ অক্টোবৰত। তাৰ পাছতে দেশজুৰি তীব্ৰ আলোড়ন সৃষ্টি হৈছিল। শ্বাহৰুখ তনয়ক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছিল সমীৰ ৱাংখেৰে। এইক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছিল মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নবাব মালিকে। সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগ তুলি মালিকে ব্যতিব্যস্ত কৰি তুলিছিল ৱাংখেৰেক। কেৱল ইমানেই নহয় ৱাংখেৰেৰ সহযোগীয়েই তেওঁৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ কৰা তথা ৱাংখেৰেৰ দলত এজন পলাতক অপৰাধীৰ উপস্থিতিয়ে শলঠেকত পেলাইছিল সমীৰ ৱাংখেৰেক। আৰিয়ান কাণ্ডত সমীৰ ৱাংখেৰেই ১৮ কোটিৰ ডীল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতে বিপদ গাঢ় হৈ পৰে সমীৰ ৱাংখেৰেৰ। তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ লগতে তেওঁক আঁতৰাই পঠিওৱা হ’ল এনচিবিৰ পৰা। ২৮ অক্টোবৰত আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। কিছুমান বাধা-নিষেধৰ মাজত থাকিবলগীয়া হ’লেও আৰিয়ানৰ স্বাভাৱিক জীৱন এতিয়া আৰম্ভ হৈছে। যোৱা শনিবাৰে আইপিএৰ নিলামতো দেখা গ’ল শ্বাহৰুখ তনয়ক। কিন্তু ৱাংখেৰেৰ আকাশৰ পৰা ডাৱৰ এতিয়াও আঁতৰা নাই। দেওবাৰেও সমীৰ ৱাংখেৰে সন্মুখীন হ’ল জেৰাৰ। দিল্লী এনচিবিৰ ভিজিলেন্সৰ এটা দলে সমীৰ ৱাংখেৰেক জেৰা কৰে দেওবাৰৰ দিনটোতো। সমীৰৰ বিৰুদ্ধে উঠা অভিযোগৰ মূল তদন্তকাৰী বিষয়া ভি ভি সিঙে দহ ঘণ্টা ধৰি জেৰা কৰে সমীৰ ৱাংখেৰেক। তেওঁক ২০টা প্ৰশ্ন কৰে তদন্তকাৰী বিষয়াগৰাকীয়ে। সমীৰ ৱাংখেৰেৰ এতিয়া বেছিকৈ মুখ মেলি ওঁঠ ফটাৰ লেখীয়া হোৱা বুলি চৰ্চা চলিছে। কিয়নো তেওঁ এনচিবিৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ হোৱাৰ পাছৰে পৰা বলীউডৰ তাৰকাসকলৰ পিছে পিছে একপ্ৰকাৰ ঘূৰি ফুৰিছিল। ড্ৰাগছ গ্ৰহণ আৰু সৰবৰাহৰ অভিযোগত বিভিন্নজন তাৰকাক গ্ৰেপ্তাৰ কৰিছিল সমীৰ ৱাংখেৰে বাহিনীয়ে। নবাব মালিকে অভিযোগ কৰা মতে তেওঁ বিভিন্নজন তাৰকাৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰি ধন আদায় কৰিছিল। কিন্তু তেওঁৰ এই বিতৰ্কিত কাণ্ডৰ অৱসান ঘটালে আৰিয়ান কাণ্ডই। কিন্তু নিজে পতা জালত নিজে বন্দী হৈ তেওঁ এতিয়াও ছটফটাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু