--°C
Loading...
Listen to Article
2 min read
80%
আজি প্ৰেমৰ দিৱস৷ প্ৰেমৰ বাবেই সৃষ্টি আজিৰ এই পৃথিৱীৰ৷ বিশ্বজুৰি প্ৰেমিক-প্ৰেমিকাই আজিৰ এই দিনটো বিশেষ আগ্ৰহৰে অপেক্ষা কৰে৷ যদিও সঁচা প্ৰেমৰ বাবে এটা নিৰ্দিষ্ট দিনৰ কোনো প্ৰয়োজনীয়তা নাই, তথাপি ১৪ ফেব্ৰুৱাৰীৰ দিনটো বিশেষভাৱে পালন কৰা হয় প্ৰেমৰ নামত৷ প্ৰেম বুলিলে মনলৈ আহে দুটি মনৰ মিলন৷ শৰীৰ পৃথক হ’লেও আত্মিক বান্ধোনেৰে বান্ধ খাই থকা প্ৰেমিক যুগল৷ বৰ্তমান আধুনিকতাই গ্ৰাস কৰা সমাজত প্ৰকৃত প্ৰেমৰ সংজ্ঞা বুলিবলৈ যথেষ্ট কঠিন৷ বিশ্বাসভৰা হাতত হাত থৈ কেৱল প্ৰেমৰ নামতে এটা দিন উৎসৰ্গিত কৰাৰ আঁৰত মূলতে আছিল ছেইণ্ট ভেলেণ্টাইন। আজিৰ এই দিনটোত প্ৰেম বুলিলেই মনলৈ আহে মহাকবি ডাণ্টে আৰু বিয়াট্ৰিছৰ অমৰ প্ৰেমৰ পৰা আৰম্ভ কৰি নীলপৱন-দিপালী বৰঠাকুৰলৈকে৷ তাৰ সমান্তৰালকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ-ডলী গগৈ, সংগীত শিল্পী দম্পতী খগেন মহন্ত-অৰ্চনা মহন্তৰ প্ৰেমৰ জীৱন৷ জীৱনকালত কিদৰে জীৱনসংগীক প্ৰেমৰ বান্ধোন তথা অদম্য সাহসৰ প্ৰতিক হৈ প্ৰতিমুহূত্বত ধৈৰ্যৰে থিয় দিয়া উদাহৰণ এইসকলক দম্পতীলৈ লক্ষ্য কৰিলে বিৰাজমান৷ মহাকবি ডাণ্টেৰ আজন্ম প্ৰেমিকা বিয়াট্ৰিছৰ প্ৰেমৰ সাক্ষী হৈ আজিও আছে লা ভিটা নুভা৷ শিল্পী নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ প্ৰেমৰ সংজ্ঞা নতুনকৈ জনোৱাৰো বিশেষ প্ৰয়োজনীয়তা নাই৷ দীপালী বৰঠাকুৰৰ মৃত্যুৰ সময়লৈকে শয্যাশায়ী জীৱনৰ সংগী হৈ অক্লান্ত প্ৰেমিকৰ দায়িত্বৰ পালন কৰি দেখুৱালে নীলপৱন বৰুৱাই৷ সংগীত শিল্পী দম্পতী হিচাপে চৰ্চিত বিহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ জীৱনৰ কালছোৱা প্ৰেমৰ বান্ধোনে কিদৰে এখন বিশ্বাসৰ হাত ধৰি একেলগে জীৱনৰ বাটত আগবাঢ়ি যাব পাৰে তাৰ উদাহৰণ আজিৰ সময়ছোৱাত সহজলভ্য নহয়৷ ৰাজ্য শাসনৰ দৰে এক গুৰু দায়িত্বত থকাৰ পাছতো স্বামীৰ দায়িত্ব আৰু কৰ্তব্যক সন্মান জনাই ছাঁৰ দৰে আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈ৷ ত্যাগ আৰু সাহসৰ প্ৰতীক হিচাপে ডলী গগৈয়ে পালন কৰিছিল স্বাস্বত প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ