--°C
Loading...
Listen to Article
2 min read
80%
আজি প্ৰেমৰ দিৱস৷ প্ৰেমৰ বাবেই সৃষ্টি আজিৰ এই পৃথিৱীৰ৷ বিশ্বজুৰি প্ৰেমিক-প্ৰেমিকাই আজিৰ এই দিনটো বিশেষ আগ্ৰহৰে অপেক্ষা কৰে৷ যদিও সঁচা প্ৰেমৰ বাবে এটা নিৰ্দিষ্ট দিনৰ কোনো প্ৰয়োজনীয়তা নাই, তথাপি ১৪ ফেব্ৰুৱাৰীৰ দিনটো বিশেষভাৱে পালন কৰা হয় প্ৰেমৰ নামত৷ প্ৰেম বুলিলে মনলৈ আহে দুটি মনৰ মিলন৷ শৰীৰ পৃথক হ’লেও আত্মিক বান্ধোনেৰে বান্ধ খাই থকা প্ৰেমিক যুগল৷ বৰ্তমান আধুনিকতাই গ্ৰাস কৰা সমাজত প্ৰকৃত প্ৰেমৰ সংজ্ঞা বুলিবলৈ যথেষ্ট কঠিন৷ বিশ্বাসভৰা হাতত হাত থৈ কেৱল প্ৰেমৰ নামতে এটা দিন উৎসৰ্গিত কৰাৰ আঁৰত মূলতে আছিল ছেইণ্ট ভেলেণ্টাইন। আজিৰ এই দিনটোত প্ৰেম বুলিলেই মনলৈ আহে মহাকবি ডাণ্টে আৰু বিয়াট্ৰিছৰ অমৰ প্ৰেমৰ পৰা আৰম্ভ কৰি নীলপৱন-দিপালী বৰঠাকুৰলৈকে৷ তাৰ সমান্তৰালকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ-ডলী গগৈ, সংগীত শিল্পী দম্পতী খগেন মহন্ত-অৰ্চনা মহন্তৰ প্ৰেমৰ জীৱন৷ জীৱনকালত কিদৰে জীৱনসংগীক প্ৰেমৰ বান্ধোন তথা অদম্য সাহসৰ প্ৰতিক হৈ প্ৰতিমুহূত্বত ধৈৰ্যৰে থিয় দিয়া উদাহৰণ এইসকলক দম্পতীলৈ লক্ষ্য কৰিলে বিৰাজমান৷ মহাকবি ডাণ্টেৰ আজন্ম প্ৰেমিকা বিয়াট্ৰিছৰ প্ৰেমৰ সাক্ষী হৈ আজিও আছে লা ভিটা নুভা৷ শিল্পী নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ প্ৰেমৰ সংজ্ঞা নতুনকৈ জনোৱাৰো বিশেষ প্ৰয়োজনীয়তা নাই৷ দীপালী বৰঠাকুৰৰ মৃত্যুৰ সময়লৈকে শয্যাশায়ী জীৱনৰ সংগী হৈ অক্লান্ত প্ৰেমিকৰ দায়িত্বৰ পালন কৰি দেখুৱালে নীলপৱন বৰুৱাই৷ সংগীত শিল্পী দম্পতী হিচাপে চৰ্চিত বিহু সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ জীৱনৰ কালছোৱা প্ৰেমৰ বান্ধোনে কিদৰে এখন বিশ্বাসৰ হাত ধৰি একেলগে জীৱনৰ বাটত আগবাঢ়ি যাব পাৰে তাৰ উদাহৰণ আজিৰ সময়ছোৱাত সহজলভ্য নহয়৷ ৰাজ্য শাসনৰ দৰে এক গুৰু দায়িত্বত থকাৰ পাছতো স্বামীৰ দায়িত্ব আৰু কৰ্তব্যক সন্মান জনাই ছাঁৰ দৰে আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈ৷ ত্যাগ আৰু সাহসৰ প্ৰতীক হিচাপে ডলী গগৈয়ে পালন কৰিছিল স্বাস্বত প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু