--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্য আৰু শিল্পা চেট্টী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। কিছুদিনৰ আগতে, স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পাৰ বিৰ্তকৰ মাৰ নৌযাওতেই এইবাৰ শিল্পাৰ চেট্টী তেওঁৰ ভগ্নী শমিতা চেট্টীৰ মাতৃ সুনন্দা চেট্টীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে। ইয়াৰ বাবে তেওঁলোকলৈ চমন জাৰি কৰা হৈছে। এজন ব্যৱসায়ীয়ে জুহু আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে। আন্ধেৰীৰ দণ্ডাধীশ আদালতে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ ভগ্নী আৰু মাতৃৰ বিৰুদ্ধে চমন জাৰি কৰিছে। দৰাচলতে, শিল্পা চেট্টী, শমিতা চেট্টী আৰু সুনন্দা চেট্টীৰ বিৰুদ্ধে ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছে। তথ্য অনুসৰি, শিল্পাৰ দেউতাক সুৰেন্দ্ৰ চেট্টীয়ে ২১ লাখ টকাৰ ঋণ লৈছিল আৰু সেই ঋণ আজিও পৰিশোধ কৰা নাই। আদালতে তিনিওজনক ২৮ ফেব্ৰুৱাৰীত কৰ্টত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। খবৰ অনুসৰি, এজন অটোমোবাইল এজেঞ্চীৰ মালিকে তিনিওজনৰ বিৰুদ্ধে আইন প্ৰতিষ্ঠান মেচাৰ্ছ ৱাই এণ্ড এ লিগালৰ জৰিয়তে তেওঁলোকক ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ দাখিল কৰিছে। ব্যৱসায়ীজনে দাবী কৰিছে যে শিল্পাৰ স্বৰ্গীয় দেউতাকে ২১ লাখ টকা ধাৰ লৈছিল আৰু ২০১৭ চনৰ জানুৱাৰীৰ পৰা সূতসহ এই পৰিশোধ কৰাৰ কথা আছিল যদিও এই ঋণ পৰিশোধ নকৰিলে। অভিযোগ অনুসৰি, দেউতাকৰ বিয়োগৰ বাবে শিল্পা চেট্টী, ভগ্নী শমিতা আৰু মাতৃ সুনন্দাই ঋণ পৰিশোধ কৰা নাই, যি তেওঁলোকৰ দেউতাকে ২০১৫ চনতে লৈছিল। সুৰেন্দ্ৰই প্ৰতি বছৰে ১৮% সুদৰ হাৰত ঋণ লৈছিল। আন্ধেৰী আদালতে অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰা, তেওঁৰ ভগ্নী শমিতা চেট্টী আৰু মাতৃ সুনন্দা চেট্টীক ব্যৱসায়ীৰজনৰ অভিযোগৰ পাছত চমন জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ