--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমস্য আৰু শিল্পা চেট্টী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। কিছুদিনৰ আগতে, স্বামী ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পাৰ বিৰ্তকৰ মাৰ নৌযাওতেই এইবাৰ শিল্পাৰ চেট্টী তেওঁৰ ভগ্নী শমিতা চেট্টীৰ মাতৃ সুনন্দা চেট্টীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে। ইয়াৰ বাবে তেওঁলোকলৈ চমন জাৰি কৰা হৈছে। এজন ব্যৱসায়ীয়ে জুহু আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে। আন্ধেৰীৰ দণ্ডাধীশ আদালতে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ ভগ্নী আৰু মাতৃৰ বিৰুদ্ধে চমন জাৰি কৰিছে। দৰাচলতে, শিল্পা চেট্টী, শমিতা চেট্টী আৰু সুনন্দা চেট্টীৰ বিৰুদ্ধে ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছে। তথ্য অনুসৰি, শিল্পাৰ দেউতাক সুৰেন্দ্ৰ চেট্টীয়ে ২১ লাখ টকাৰ ঋণ লৈছিল আৰু সেই ঋণ আজিও পৰিশোধ কৰা নাই। আদালতে তিনিওজনক ২৮ ফেব্ৰুৱাৰীত কৰ্টত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। খবৰ অনুসৰি, এজন অটোমোবাইল এজেঞ্চীৰ মালিকে তিনিওজনৰ বিৰুদ্ধে আইন প্ৰতিষ্ঠান মেচাৰ্ছ ৱাই এণ্ড এ লিগালৰ জৰিয়তে তেওঁলোকক ২১ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ দাখিল কৰিছে। ব্যৱসায়ীজনে দাবী কৰিছে যে শিল্পাৰ স্বৰ্গীয় দেউতাকে ২১ লাখ টকা ধাৰ লৈছিল আৰু ২০১৭ চনৰ জানুৱাৰীৰ পৰা সূতসহ এই পৰিশোধ কৰাৰ কথা আছিল যদিও এই ঋণ পৰিশোধ নকৰিলে। অভিযোগ অনুসৰি, দেউতাকৰ বিয়োগৰ বাবে শিল্পা চেট্টী, ভগ্নী শমিতা আৰু মাতৃ সুনন্দাই ঋণ পৰিশোধ কৰা নাই, যি তেওঁলোকৰ দেউতাকে ২০১৫ চনতে লৈছিল। সুৰেন্দ্ৰই প্ৰতি বছৰে ১৮% সুদৰ হাৰত ঋণ লৈছিল। আন্ধেৰী আদালতে অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰা, তেওঁৰ ভগ্নী শমিতা চেট্টী আৰু মাতৃ সুনন্দা চেট্টীক ব্যৱসায়ীৰজনৰ অভিযোগৰ পাছত চমন জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু